ধনতেৰাছৰ দিনা সোণ, ৰূপ, বাচন-বৰ্তন, বাহন আদি ক্ৰয় কৰাৰ পৰম্পৰা বহুদিনৰ পৰা চলি আহিছে। ইয়াৰ লগতে এই দিনটোত ঝাড়ু কিনাটোও অত্যন্ত শুভ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, ধনতেৰাছত নতুন ঝাড়ু ঘৰলৈ আনিলে সুখ, শান্তি আৰু সমৃদ্ধি বৃদ্ধি পায়। লগতে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ হয় বুলিও বিশ্বাস কৰা হয়। আজি ৬ নৱেম্বৰ, শুকুৰবাৰে ধনতেৰাছ উৎসৱ পালন কৰা হৈছে। এই শুভ দিনটোত বহু লোকে নতুন ঝাড়ু ক্ৰয় কৰে। ধনতেৰাছৰ দিনা ঝাড়ু কিনাৰ আঁৰত কি ধৰ্মীয় বিশ্বাস আছে আৰু ঝাড়ু কিনাৰ পিছত কি কি কৰিব লাগে, সেই বিষয়ে জানো আহক।
ধনতেৰাছত ঝাড়ু কিনাৰ আঁৰৰ ধৰ্মীয় বিশ্বাস
ধনতেৰাছত ঝাড়ু কিনাৰ পৰম্পৰা বহু পুৰণি। ধৰ্মীয় বিশ্বাস অনুসৰি, অপৰিষ্কাৰ আৰু মলিন পৰিৱেশত অলক্ষ্মীৰ বাস হয়। অলক্ষ্মীক দৰিদ্ৰতা আৰু অশান্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। আনহাতে, পৰিষ্কাৰ-পৰিচ্ছন্ন ঘৰখনত দেৱী লক্ষ্মীৰ বাস হয় বুলি বিশ্বাস কৰা হয়। সেয়েহে ঝাড়ুৰে ঘৰ পৰিষ্কাৰ কৰি ৰখাটো দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ এক প্ৰতীকী উপায় বুলি গণ্য কৰা হয়। ধনতেৰাছৰ দিনা নতুন ঝাড়ু ক্ৰয় কৰাটো ঘৰখনৰ পৰা দৰিদ্ৰতা আৰু নেতিবাচকতা আঁতৰাই সুখ-সমৃদ্ধি আদৰাৰ প্ৰতীক।
ধনতেৰাছত ঝাড়ু কিনাটো কিয় শুভ বুলি গণ্য কৰা হয়?
ধনতেৰাছৰ দিনা নতুন ঝাড়ু কিনাটো শুভ বুলি বিশ্বাস কৰা হয়। নতুন ঝাড়ুৰে ঘৰ পৰিষ্কাৰ কৰাটো দেৱী লক্ষ্মীক ঘৰলৈ আমন্ত্ৰণ জনোৱাৰ প্ৰতীক। এই দিনটোত ঝাড়ু কিনিলে স্বাস্থ্য, সুখ আৰু সমৃদ্ধি লাভ হয় বুলি বহু লোকৰ মাজত বিশ্বাস প্ৰচলিত হৈ আছে। লগতে ধনতেৰাছৰ সন্ধিয়া ভগৱান ধন্বন্তৰি, কুবেৰ আৰু দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা কৰিলে পৰিয়াললৈ সুখ-শান্তি আৰু আৰ্থিক সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হয়।
ধনতেৰাছত ঝাড়ু কিনাৰ পিছত কি কৰিব লাগে?
ধৰ্মীয় বিশ্বাস অনুসৰি, ধনতেৰাছৰ দিনা শুভ সময়ত নতুন ঝাড়ু ক্ৰয় কৰাৰ পিছত তৎক্ষণাৎ ব্যৱহাৰ নকৰাই ভাল বুলি কোৱা হয়। ঝাড়ু ঘৰলৈ আনি পৰিষ্কাৰ আৰু নিৰাপদ স্থানত ৰাখিব লাগে। তাৰ পিছত দীপাৱলীৰ নিশা দেৱী লক্ষ্মীৰ পূজা কৰাৰ সময়ত নতুন ঝাড়ুত ফুল, অক্ষত (আখা চাউল) আৰু সেন্দূৰ অৰ্পণ কৰিব লাগে। দীপাৱলীৰ পিছদিনাৰ পৰা নতুন ঝাড়ু ব্যৱহাৰ কৰিব পাৰে। ধৰ্মীয় বিশ্বাস অনুসৰি, এইদৰে কৰিলে ঘৰখনৰ পৰা নেতিবাচক শক্তি আঁতৰি যায় আৰু ইতিবাচক শক্তিৰ বৃদ্ধি হয়। লগতে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰি ঘৰখনত সুখ-সমৃদ্ধি অটুট থাকে বুলি বিশ্বাস কৰা হয়।
সুখ আৰু সমৃদ্ধিৰ বাবে কি কৰিব লাগে?
ধনতেৰাছৰ দিনা ঘৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা, সন্ধিয়া বন্তি জ্বলোৱা আৰু দেৱী লক্ষ্মীৰ পূজা কৰাটো বিশেষ শুভ বুলি গণ্য কৰা হয়। লগতে ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু সুন্দৰ কৰি ৰখাটোও গুৰুত্বপূৰ্ণ। উল্লেখ্য যে, ধনতেৰাছত ঝাড়ু ক্ৰয় কৰা আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন প্ৰতিকাৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ ওপৰত আধাৰিত। এইবোৰৰ ফলাফল বৈজ্ঞানিকভাৱে প্ৰমাণিত নহয়। তথাপি বহু লোকে পৰম্পৰা অনুসৰি এই নিয়মসমূহ পালন কৰি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















