অসমৰ সাংস্কৃতিক জগতলৈ আহিছে এক সুখবৰ। দেশৰ অন্যতম বৃহৎ বাজেটৰ ছবি ‘ৰামায়ণ’ত অভিনয়ৰ সুযোগ লাভ কৰিছে অসমৰ নলবাৰী জিলাৰ অভিনেত্ৰী সুৰভি দাসে। বলীউডৰ বহু চৰ্চিত পৰিচালক নীতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মাণাধীন ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে সুৰভিয়ে।
ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱীৰ দৰে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা ‘ৰামায়ণ’ ছবিখনক লৈ ইতিমধ্যে দেশজুৰি ব্যাপক চৰ্চা অব্যাহত আছে। দুটা খণ্ডত নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ বাবে প্ৰায় ৪,০০০ কোটি টকা ব্যয় কৰা হৈছে বুলি প্ৰকাশ পাইছে। এনে এখন বৃহৎ চলচ্চিত্ৰ প্ৰকল্পৰ সৈতে অসমৰ এগৰাকী অভিনেত্ৰীৰ জড়িত হোৱাটো ৰাজ্যবাসীৰ বাবে নিঃসন্দেহে গৌৰৱৰ বিষয়।
উল্লেখযোগ্য যে, সুৰভি দাসে ‘ৰামায়ণ’ত সীতাৰ ভগ্নী শ্ৰুতকীৰ্তি (Shrutakirti)ৰ চৰিত্ৰত অভিনয় কৰিছে। ৰামায়ণৰ কাহিনী অনুসৰি, শ্ৰুতকীৰ্তি হৈছে সীতাৰ কনিষ্ঠ ভগ্নী। পৰৱৰ্তী সময়ত তেওঁ ৰামৰ কনিষ্ঠ ভাতৃ শত্ৰুঘ্নৰ পত্নী হয়। ছবিখনত এনে এক গুৰুত্বপূৰ্ণ পৌৰাণিক চৰিত্ৰত সুৰভিক দেখা পোৱাটো অসমৰ দৰ্শকৰ বাবে বিশেষ আকৰ্ষণৰ বিষয় হৈ পৰিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও সুৰভি দাসে মুম্বাইৰ মনোৰঞ্জন জগতত কেইবাটাও কাম কৰি নিজৰ অভিনয় প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে। বিশেষকৈ কালাৰ্ছ টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ‘নিমা ডেনজোনংপা’ত অভিনয় কৰি তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
নিজৰ একাগ্ৰতা, অধ্যৱসায় আৰু নিৰন্তৰ সংগ্ৰামৰ মাজেৰে মুম্বাইৰ মনোৰঞ্জন জগতত নিজৰ স্থান গঢ়িবলৈ সক্ষম হোৱা সুৰভিৰ এই সফলতা সঁচাকৈয়ে প্ৰেৰণাদায়ক। নলবাৰীৰ পৰা বলীউডৰ বৃহৎ চলচ্চিত্ৰ প্ৰকল্প ‘ৰামায়ণ’লৈ তেওঁৰ এই যাত্ৰাই অসমৰ বহু উদীয়মান শিল্পীকো অনুপ্ৰাণিত কৰিব।
সুৰভি দাসৰ এই সাফল্যই প্ৰতিগৰাকী অসমবাসীৰ মনত আনন্দ আৰু গৌৰৱৰ অনুভূতি কঢ়িয়াই আনিছে। আগন্তুক দিনত অভিনয়ৰ জৰিয়তে অসমৰ নাম অধিক উজলাই তুলিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে অনুৰাগীসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















