ইজিপ্তত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দেওবাৰে কায়ৰোৰ দক্ষিণে দুখন ৰে’লৰ সংঘৰ্ষত কমেও ৭ জন লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হয়। নিহতসকলৰ ভিতৰত এজন ৰে’ল চালক বুলি জানিব পৰা গৈছে। ইজিপ্তৰ পৰিবহণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি কায়ৰোৰ পৰা প্ৰায় ৫২ কিলোমিটাৰ দক্ষিণে গিজা প্ৰদেশৰ আল-আয়াত অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা।
কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো?
দেওবাৰে নিশা দুৰ্ঘটনাস্থলীত উপস্থিত হয় তদন্তকাৰী। প্ৰাৰম্ভিক পৰিদৰ্শনৰ অন্তত জানিব পৰা যায় যে গিজা-ফায়ুম ৰে’লখনে একে দিশতে একেটা লাইনতে থিয় হৈ থকা কায়ৰো-আছৱান ৰে’লখনৰ শেষৰখন বগীত খুন্দা মাৰে। ফলত ৰেলখন ৰেলপথৰ পৰা ওলাই যায়। সংঘৰ্ষত কেইবাজনো যাত্ৰী আহত হয়।
স্থানীয় বাসিন্দা আয়মান গামালে জনোৱা মতে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আশে-পাশে থকা লোকসকলে ঘটনাস্থলীত উপস্থিত হয়। ৰে’ল বিভাগৰ পৰা আহতসকলক উদ্ধাৰ কৰি এম্বুলেন্সক খবৰ দিয়ে। তেওঁ দাবী কৰে যে প্ৰায় ৮০ জন আহত লোকক এম্বুলেন্সেৰে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে। স্থবিৰ ৰে’লখনৰ এটা কম্পাৰ্টমেণ্টৰ ভিতৰত আবদ্ধ হৈ পৰে কেইবাজনো যাত্ৰী। উদ্ধাৰ কৰাৰ পিছত মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।
তদন্তৰ নিৰ্দেশ ৰাষ্ট্ৰপতি
ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিচিয়ে এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে, ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে। ইজিপ্তৰ ৰে’লৱে কৰ্তৃপক্ষই জনোৱা মতে, দুৰ্ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল আৰু ক্ৰেন প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত ৰে’লখনৰ ধ্বংসাৱশেষ আঁতৰাই অতি সোনকালে ৰে’ল সেৱা পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।
ইজিপ্তত বাৰে বাৰে ৰে’ল দুৰ্ঘটনা
ইজিপ্তৰ বাবে ৰে’লৰ ৰেলপথৰ পৰা ওলাই অহা আৰু সংঘৰ্ষ নতুন নহয়। দেশৰ ৰে’ল ব্যৱস্থাৰ ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ বিষয়টো দীৰ্ঘদিন ধৰি চিন্তাৰ বিষয় হৈ আহিছে। শেহতীয়া বছৰবোৰত চৰকাৰে ৰে’ল সেৱা আধুনিকীকৰণৰ বাবে কেইবাটাও পদক্ষেপৰ কথা ঘোষণা কৰিছে।
যোৱা ছেপ্টেম্বৰ মাহত আল-আয়াতৰ একেটা অঞ্চলতে দুখন মালবাহী ৰে’লৰ সংঘৰ্ষত এজন চালক আৰু তেওঁৰ সহায়ক আহত হৈছিল। কিন্তু ইজিপ্তৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ ৰে’ল দুৰ্ঘটনা ২০০২ চনত কায়ৰোৰ পৰা দক্ষিণৰ মিছৰাটা চহৰলৈ যোৱা নিশাৰ ৰে’লত অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















