ভাৰতীয় ৰে’লৱেই হৈছে সস্তা আৰু সুলভ যাতায়তৰ মাধ্যম, যাৰ বাবে এই দেশত প্ৰতিদিনে লাখ লাখ লোক ৰে’লযোগে যাত্ৰা কৰে। যাত্ৰাৰ সময়ত যাতে মানুহে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ৰে’ল কৰ্তৃপক্ষই কেইবাটাও নিয়ম-নীতি প্ৰস্তুত কৰিছে। এই নিয়ম অনুসৰি ৰে’লত কিছুমান বিশেষ সামগ্ৰী কঢ়িয়াই নিয়াটো নিষিদ্ধ। অৱশ্যে অধিকাংশ যাত্ৰী এই নিয়মৰ বিষয়ে অৱগত নহয়।
ভুলবশতঃ ৰে’লত কিছুমান সামগ্ৰী লৈ বিপদত পৰা যাত্ৰীৰ সংখ্যা কম নহয়। যাত্ৰীসকলে সাধাৰণতে জানে যে পেট্ৰ’ল, ডিজেল, কেৰাচিনৰ দৰে জ্বলনশীল পদাৰ্থ ৰে’লত কঢ়িয়াই নিব নোৱাৰি। কিন্তু বহুতে নাজানে যে ৰে’লত আতচবাজী, খালী বা ভৰ্তি গেছ চিলিণ্ডাৰ, চিগাৰেট আৰু বাৰুদ আদিও কঠোৰভাৱে নিষিদ্ধ!
ৰে’ল কৰ্তৃপক্ষই ৰে’লৰ ডবাত বা ষ্টেচনত যাত্ৰীসকলৰ বাবে ধূমপান নিষিদ্ধ বুলিও উল্লেখ কৰিছে। মনত ৰাখিব ৰে’লখনত অগ্নিকাণ্ডৰ সৃষ্টি কৰিব পৰা কোনো পদাৰ্থ কঢ়িয়াই নিব নোৱাৰিব। তেনে ক্ষেত্ৰত যাত্ৰীজনৰ বিৰুদ্ধে গুৰুতৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰে’লৱে।
তদুপৰি ৰে’লত মৃত কুকুৰা আৰু বিপজ্জনক ৰাসায়নিক পদাৰ্থ কঢ়িয়াই নিয়া নিষিদ্ধ। নিৰ্দিষ্ট পৰিমাণৰ লাগেজ বিনামূলীয়াকৈ ৰখাৰ অনুমতি দিয়া হৈছে যদিও নিৰ্দিষ্ট সীমাতকৈ অধিক ছুটকেছ আৰু অন্যান্য সামগ্ৰীৰ অনুমতি দিয়া হোৱা নাই। এই সন্দৰ্ভত ৰে’ল কৰ্তৃপক্ষই নিৰ্দিষ্ট নিয়ম বান্ধি দিছে। যাত্ৰাত যাত্ৰীসকলে স্কুটাৰ, চাইকেলৰ দৰে বাহন কঢ়িয়াই নিয়াতো নিষেধাজ্ঞা আৰোপ কৰিছে।
ৰে’ল আইন, ১৯৮৯ৰ ১৬৪ নং ধাৰা অনুযায়ী জ্বলনশীল পদাৰ্থ কঢ়িয়াই নিয়াটো ৰে’ল আইন অনুসৰি দণ্ডনীয় অপৰাধ, আনহাতে ৰে’ল আইনৰ ১৬৫ নং ধাৰাত ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড বা ১০০০ টকাৰ জৰিমনা বা উভয় দণ্ডেৰে বিহাৰ ব্যৱস্থা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















