ব্যক্তিগত খণ্ডত কৰ্মৰত কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে আহিব পাৰে এক ডাঙৰ সুখবৰ। কৰ্মচাৰী পেঞ্চন আঁচনি (EPS-95)ৰ অধীনত লাভ কৰা মাহেকীয়া ন্যূনতম পেঞ্চন তিনিগুণ বৃদ্ধি কৰাৰ সম্ভাৱনা দেখা গৈছে। বৰ্তমান ১,০০০ টকা পেঞ্চন লাভ কৰি থকা পেঞ্চনাৰসকলে ভৱিষ্যতে ৩,০০০ টকা পৰ্যন্ত পেঞ্চন লাভ কৰিব পাৰে বুলি চৰ্চা চলিছে। ১৯ নৱেম্বৰত কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা (EPFO)ৰ কেন্দ্ৰীয় ব’ৰ্ড অব ট্ৰাষ্টীৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা। এই বৈঠকত ন্যূনতম পেঞ্চন বৃদ্ধিৰ বিষয়টো গুৰুত্বসহকাৰে আলোচনা হোৱাৰ সম্ভাৱনা আছে।
‘মানী কণ্ট্ৰ’ল’ৰ এক প্ৰতিবেদন অনুসৰি, পেঞ্চন বৃদ্ধিৰ বিষয়টোক লৈ শ্ৰম মন্ত্ৰালয় আৰু বিত্ত মন্ত্ৰালয়ৰ মাজত ইতিমধ্যে আলোচনা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা সূত্ৰ অনুসৰি, মাহেকীয়া নূন্যতম পেঞ্চন ৩,০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত দুয়োটা মন্ত্ৰালয়ে সন্মতি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। কিন্তু এই সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। সেয়েহে চৰকাৰী ঘোষণা নোহোৱালৈকে পেঞ্চন বৃদ্ধিৰ বিষয়টো নিশ্চিত বুলি ধৰি ল’ব নোৱাৰি।
কৰ্মচাৰী পেঞ্চন আঁচনিৰ অধীনত বৰ্তমান মাহেকীয়া ন্যূনতম পেঞ্চনৰ পৰিমাণ হৈছে ১,০০০ টকা। ২০১৪ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা এই পৰিমাণ কাৰ্যকৰী হৈ আছে। বিগত প্ৰায় এটা দশক ধৰি ন্যূনতম পেঞ্চনৰ পৰিমাণ বৃদ্ধি নোহোৱাত পেঞ্চনাৰসকলৰ মাজত অসন্তুষ্টি দেখা গৈছে। বৰ্তমানৰ অত্যধিক মুদ্ৰাস্ফীতি, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু চিকিৎসাৰ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি ১,০০০ টকা পেঞ্চন যথেষ্ট নহয় বুলি বিভিন্ন কৰ্মচাৰী আৰু পেঞ্চনাৰ সংগঠনে দাবী কৰি আহিছে। এই সংগঠনসমূহে দীৰ্ঘদিন ধৰি মাহেকীয়া ন্যূনতম পেঞ্চন কমেও ৭,৫০০ টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে।
কৰ্মচাৰী পেঞ্চন আঁচনি (EPS) হৈছে সংগঠিত খণ্ডৰ কৰ্মচাৰীসকলৰ অৱসৰকালীন আৰ্থিক সুৰক্ষাৰ বাবে ইপিএফঅ’ৰ অধীনত পৰিচালিত এক আঁচনি। এই আঁচনিৰ অধীনত কৰ্মচাৰীৰ পেঞ্চনৰ পৰিমাণ মূলতঃ তেওঁৰ পেঞ্চনযোগ্য দৰমহা আৰু চাকৰিৰ মুঠ সময়সীমাৰ ওপৰত নিৰ্ভৰ কৰে। নিয়ম অনুসৰি, নিয়োগকৰ্তাৰ বৰঙণিৰ ৮.৩৩ শতাংশ ইপিএছ পেঞ্চন পুঁজিলৈ জমা হয়। অৰ্থাৎ, এজন কৰ্মচাৰীয়ে অৱসৰৰ পিছত কিমান পেঞ্চন লাভ কৰিব, সেয়া তেওঁৰ চাকৰিৰ বছৰ আৰু পেঞ্চনযোগ্য দৰমহাৰ ওপৰত নিৰ্ভৰশীল।
১৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া EPFOৰ কেন্দ্ৰীয় ব’ৰ্ড অব ট্ৰাষ্টীৰ বৈঠকক লৈ পেঞ্চনাৰসকলৰ মাজত যথেষ্ট আশা সৃষ্টি হৈছে। এই বৈঠকত মাহেকীয়া ন্যূনতম পেঞ্চন ১,০০০ টকাৰ পৰা ৩,০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হ’ব নে নহয়, সেয়া লক্ষ্যণীয় হ’ব। যদি চৰকাৰে এই প্ৰস্তাৱত অনুমোদন জনায়, তেন্তে দেশৰ বহু ব্যক্তিগত খণ্ডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে বৰ্তমানৰ তুলনাত অধিক আৰ্থিক সকাহ লাভ কৰিব পাৰে। অৱশ্যে, পেঞ্চন বৃদ্ধিৰ বিষয়টো এতিয়াও চৰকাৰীভাৱে নিশ্চিত হোৱা নাই। আনুষ্ঠানিক ঘোষণা প্ৰকাশ পোৱাৰ পিছতহে এই নতুন পেঞ্চন ব্যৱস্থা কাৰ্যকৰী হ’ব নে নহয়, সেয়া স্পষ্ট হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















