কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ বহু প্ৰতীক্ষিত আত্মজীৱনী ‘Belonging: A Journey of Love’ প্ৰকাশ পোৱাৰ পিছতে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে। হাৰ্পাৰকলিন্স ইণ্ডিয়াই প্ৰকাশ কৰা এই গ্ৰন্থখনত ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে থকা সম্পৰ্ক, দুয়োৰে ৰাজনৈতিক চিন্তাধাৰা আৰু ভাৰতৰ প্ৰতি থকা দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰিছে। আত্মজীৱনীত ছোনিয়া গান্ধীয়ে লিখিছে যে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ ভাৰতৰ প্ৰতি থকা দৃষ্টিভংগী সম্পূৰ্ণ পৃথক। দুয়োৰে মাজত আজিলৈকে কোনো গভীৰ বা আন্তৰিক যোগাযোগ হোৱা নাই বুলিও তেওঁ উল্লেখ কৰিছে।
মোদীৰ ৰাজনৈতিক উত্থানক লৈ ছোনিয়া গান্ধীৰ মন্তব্য
ছোনিয়া গান্ধীৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈশৱ আৰু প্ৰাৰম্ভিক জীৱন তেওঁৰ প্ৰচাৰ অভিযানত যিদৰে উপস্থাপন কৰা হৈছিল, সেয়া হয়তো সম্পূৰ্ণ বাস্তৱসন্মত নাছিল। অৱশ্যে তেওঁ RSSৰ ভিতৰত এক বঞ্চিত পটভূমিৰ পৰা ৰাজনৈতিক ক্ষমতালৈ উঠি অহা ব্যক্তি বুলি উল্লেখ কৰিছে। গ্ৰন্থখনত ছোনিয়া গান্ধীয়ে অভিযোগ কৰিছে যে সংসদত ভাষণ দিয়াৰ সময়তো প্ৰধানমন্ত্ৰী মোদীয়ে বহু সময়ত ৰাজহুৱা সভাত ব্যৱহাৰ কৰা আক্ৰমণাত্মক ভাষা ব্যৱহাৰ কৰে।
ছোনিয়া গান্ধীৰ মতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু বিজেপি বা মোদীৰ ৰাজনৈতিক আক্ৰমণৰ বিশেষ লক্ষ্য। ছোনিয়া গান্ধীয়ে ইয়াৰ কাৰণ হিচাপে নেহৰুৱে ভাৰতক গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ পথেৰে আগুৱাই নিয়াৰ ভূমিকাক উল্লেখ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীৰে আন্তৰিক যোগাযোগ হোৱা নাই
ছোনিয়া গান্ধীয়ে আত্মজীৱনীত উল্লেখ কৰিছে যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা তেওঁৰ সৈতে প্ৰকৃত অৰ্থত কোনো আন্তৰিক যোগাযোগ হোৱা নাই। তেওঁ লিখিছে যে সংসদৰ অধিৱেশন শেষ হোৱাৰ সময়ত অনুষ্ঠিত আনুষ্ঠানিক অনুষ্ঠানসমূহত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে মোদীৰ সাক্ষাৎ হয়। সেই সময়ত মোদী আৰু ছোনিয়া গান্ধীয়ে পৰস্পৰক আনুষ্ঠানিকভাৱে নমস্কাৰ জনায়। কিন্তু তাৰ বাহিৰে দুয়োৰে মাজত বিশেষ কথা-বতৰা নহয়। ছোনিয়া গান্ধীৰ মতে, মোদীয়ে তেওঁৰ সন্মুখত উপস্থিত হ’লে চকুৰ সংস্পৰ্শ এৰাই চলা যেন অনুভৱ হয়। তেওঁ অৱশ্যে উল্লেখ কৰিছে যে বছৰ বছৰ ধৰি দুয়োৰে মাজত জন্মদিন আৰু নৱবৰ্ষৰ আনুষ্ঠানিক শুভেচ্ছা বিনিময় হৈ আহিছে।
গ্ৰন্থখনত ছোনিয়া গান্ধীয়ে আন এটা ঘটনাৰ কথাও উল্লেখ কৰিছে। চিকিৎসালয়ৰ পৰা উভতি অহাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক কেইবাবাৰো স্বাস্থ্যৰ বিষয়ে সুধিছিল। মোদীয়ে ‘আপুনি ঠিক আছেনে?’ বুলি সোধাত ছোনিয়া গান্ধীয়ে ‘হয়, এতিয়া মই ভালেই আছো, ধন্যবাদ’ বুলি উত্তৰ দিছিল। কিন্তু এই চমু সৌজন্যমূলক কথোপকথনৰ বাহিৰে দুয়োৰে মাজত কেতিয়াও কোনো গভীৰ আলোচনা হোৱা নাই বুলি তেওঁ লিখিছে।
আনহাতে, ছোনিয়া গান্ধীৰ মতে, নৰেন্দ্ৰ মোদীৰ ভাৰতৰ প্ৰতি থকা দৃষ্টিভংগী RSSৰ মতাদৰ্শ আৰু তেওঁৰ শৈশৱৰ অভিজ্ঞতাৰ দ্বাৰা প্ৰভাৱিত। তেওঁৰ অভিযোগ অনুসৰি, এই চিন্তাধাৰাত নিজৰ ধৰ্ম আৰু সংস্কৃতিক আন সকলোতকৈ অধিক গুৰুত্ব দিয়াৰ প্ৰৱণতা দেখা যায়।
ছোনিয়া গান্ধীয়ে লিখিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ নিজৰ ভাৰতৰ ধাৰণাৰ বাবে যুঁজ দি আছে, আনহাতে তেওঁ নিজৰ দৃষ্টিভংগীৰ বাবে সংগ্ৰাম কৰি আহিছে। তেওঁৰ মতে, তেওঁৰ ভাৰতৰ ধাৰণাই আধিপত্যবাদৰ বিৰোধিতা কৰে আৰু সৰ্বাংগীনতা, ধৰ্মনিৰপেক্ষতা তথা সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
অৱশ্যে ছোনিয়া গান্ধীয়ে স্পষ্ট কৰি দিছে যে মোদীৰ সৈতে তেওঁৰ মতাদৰ্শগত পাৰ্থক্য কোনো ব্যক্তিগত বিষয় নহয়। দুয়োৰে ৰাজনৈতিক পথ আৰু চিন্তাধাৰা সম্পূৰ্ণ পৃথক। তেওঁ লগতে উল্লেখ কৰিছে যে দিল্লীৰ ৰাজনৈতিক আলোচনাত বহু সময়ত তেওঁ অস্বস্তি অনুভৱ কৰিছিল। কাৰণ, সেই আলোচনাসমূহত প্ৰকাশ পোৱা বহু মতামত ভাৰতৰ বাস্তৱ পৰিস্থিতিৰ সৈতে মিল নাছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















