• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা

এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা

1 minute ago
ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল

ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল

33 minutes ago
কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী

কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী

1 hour ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

2 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লত এইবোৰ বস্তু বহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা, হ’ব লাগিব ৰঙাঘৰৰ আলহী!

4 hours ago
EPFO-ৰ নতুন আপডেট! এই বিশেষ সুবিধাসমূহ আপুনি ঘৰৰ পৰাই পাব

EPFO-ৰ নতুন আপডেট! এই বিশেষ সুবিধাসমূহ আপুনি ঘৰৰ পৰাই পাব

4 hours ago
বৃহস্পতিৰ কৃপাত কেৰিয়াৰত অগ্ৰগতি, আৰ্থিক লাভ! কি কি ৰাশিৰ শুভসময় হ’ব আৰম্ভ?

বৃহস্পতিৰ কৃপাত কেৰিয়াৰত অগ্ৰগতি, আৰ্থিক লাভ! কি কি ৰাশিৰ শুভসময় হ’ব আৰম্ভ?

4 hours ago
টয়লেট ফ্লাছত দুটা বুটাম কিয় থাকে? ৯৯% লোকে নাজানে সঠিক তথ্য

টয়লেট ফ্লাছত দুটা বুটাম কিয় থাকে? ৯৯% লোকে নাজানে সঠিক তথ্য

5 hours ago
ভূমি বিবাদৰ ভয়ংকৰ ৰূপ! দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ এজন, আহত ৫ জনকৈ লোক

ভূমি বিবাদৰ ভয়ংকৰ ৰূপ! দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ এজন, আহত ৫ জনকৈ লোক

6 hours ago
আপোনাৰো কালসৰ্পৰ দোষ আছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

আপোনাৰো কালসৰ্পৰ দোষ আছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

6 hours ago
দাঁতৰ বিষ কমোৱাত সহায়ক মধুৰীআমৰ পাত, উপকাৰ জানি হ’ব আচৰিত

দাঁতৰ বিষ কমোৱাত সহায়ক মধুৰীআমৰ পাত, উপকাৰ জানি হ’ব আচৰিত

7 hours ago
বিয়াৰ পিছত উচ্চশিক্ষা বা চাকৰি কৰিলে পত্নীক ক’ব নোৱাৰে উচ্চকাংশী! আদালতে দিলে ৰায়

বিয়াৰ পিছত উচ্চশিক্ষা বা চাকৰি কৰিলে পত্নীক ক’ব নোৱাৰে উচ্চকাংশী! আদালতে দিলে ৰায়

7 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

আজিৰে পৰা মুঠ ৬ দিন বন্ধ বেংক! কিদৰে কৰিব বিত্তীয় লেনদেন?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা

অসমৰ প্ৰেমত মচগুল বাঘিনী

editor by editor
November 10, 2026
in অসম, বিবিধ, লেখা
0
এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিমবংগৰ বাঘ স্থানান্তৰকৰণ কাৰ্যসূচীত পুনৰ এক জটিল পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। অসমৰ পৰা বিগত সপ্তাহত ঘূৰাই নিয়া তিনিবছৰীয়া বাঘিনী ‘ডুৱাৰ্ছ ৰাণী’ পুনৰ অসমলৈ যাত্ৰা কৰাৰ তথ্য লাভ কৰিছে বন বিভাগে। পশ্চিমবংগৰ বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশেষ নিৰাপত্তাযুক্ত আৱদ্ধ স্থান অতি কৌশলেৰে দ্বিতীয়বাৰৰ বাবে এৰিছে বাঘিনীজনীয়ে।

বন বিভাগৰ বিষয়াসকলে সদৰী কৰা অনুসৰি, ৯ নৱেম্বৰৰ দুপৰীয়া বাঘিনীজনীয়ে ২.২ হেক্টৰ ভূমিৰ কংক্ৰিটৰ দেৱালেৰে আৱদ্ধ স্থানৰ পৰা কৌশলেৰে ওলাই আহে। আশ্চৰ্যজনকভাৱে, বাঘিনীজনীয়ে নিৰাপত্তাৰ বাবে নিৰ্মিত কংক্ৰিটৰ বেৰাৰ তলেৰে সুৰংগ খান্দি বাহিৰলৈ ওলাই যায়। বেৰাখনৰ কংক্ৰিটৰ ভেটিটো প্ৰায় ২ ফুট ডাঠ আৰু ৪ ফুট গভীৰ আছিল। কিন্তু এই শক্তিশালী ভেটিৰ তলতো সুৰংগ খান্দি পলায়ন কৰিবলৈ সক্ষম হয় বাঘিনীজনী। দুপৰীয়া প্ৰায় ২ বজাত বন বিভাগৰ কৰ্মচাৰীয়ে বাঘিনীজনী আৱদ্ধ স্থানত নথকাৰ কথা জানিব পাৰে।

বাঘিনীজনীৰ গাত লগোৱা ৰেডিঅ’ কলাৰটো এতিয়াও সক্ৰিয় হৈ আছে। ইয়াৰ সংকেতৰ সহায়ত বন বিভাগে বাঘিনীজনীৰ গতিবিধি অনুসৰণ কৰি আছে। সূত্ৰ অনুসৰি, বাঘিনীজনীয়ে বালা নদী পাৰ হৈ পুনৰ অসম অভিমুখে যাত্ৰা কৰিছে। বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ২৭ মাইল বনগাঁও অঞ্চলৰ ওচৰত বাঘিনীজনীৰ শেষ অৱস্থান ধৰা পৰিছে। বাঘিনীজনীক বিচাৰি উলিয়াবলৈ প্ৰায় ৬০জন বনকৰ্মী, তিনিটা হাতী আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়াক নিয়োগ কৰা হৈছে। অৱশ্যে বনাঞ্চলৰ কিছুমান অঞ্চলত ৰেডিঅ’ সংকেত দুৰ্বল হোৱাৰ বাবে বাঘিনীজনীৰ সন্ধান উলিওৱাত অসুবিধাৰ সৃষ্টি হৈছে।

বাৰে বাৰে অসমলৈ যাত্ৰা ‘দুৱাৰ্ছ ৰাণী’ৰ

বিহাৰৰ বাল্মীকি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা পশ্চিমবংগৰ প্ৰথমটো বাঘ স্থানান্তৰকৰণ কাৰ্যসূচীৰ অধীনত ‘দুৱাৰ্ছ ৰাণী’ক বক্সালৈ অনা হৈছিল। কিন্তু বক্সালৈ অনাৰ পিছৰে পৰা বাঘিনীজনীয়ে বাৰে বাৰে সেই স্থান এৰাৰ চেষ্টা চলাই আহিছে। ইয়াৰ পূৰ্বে ২৪ অক্টোবৰত বাঘিনীজনীয়ে বক্সাৰ পৰা ১০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল। প্ৰায় ১০ দিন ধৰি সন্ধান চলোৱাৰ পিছত পশ্চিমবংগ আৰু অসমৰ বন বিভাগৰ যৌথ অভিযানত ৩ নৱেম্বৰত বাঘিনীজনীক বিচাৰি উলিওৱা হয়। অসমৰ কোকৰাঝাৰ জিলাৰ দতমা অঞ্চলৰ গিলাগুৰিত বাঘিনীজনীক ট্ৰেংকুলাইজাৰ প্ৰয়োগ কৰি অচেতন কৰা হৈছিল। তাৰ পিছত পুনৰ বক্সালৈ ঘূৰাই আনি বিশেষ আৱদ্ধ স্থানত ৰখা হৈছিল।

কিন্তু পুনৰ সেই স্থান এৰাৰ ঘটনাই বাঘ স্থানান্তৰকৰণ কাৰ্যসূচীৰ সফলতা আৰু বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বাঘিনীজনীৰ বাবে নিৰ্মাণ কৰা বিশেষ আৱদ্ধ স্থানৰ নিৰাপত্তা ব্যৱস্থাক লৈ নতুনকৈ প্ৰশ্নৰ উত্থাপন কৰিছে। বাঘিনীজনীয়ে বাৰে বাৰে সুৰংগ খান্দি সেই স্থান ত্যাগ কৰাটোৱে বন বিভাগৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল
শিক্ষা

ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল

November 10, 2026
কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী
ৰাজনীতি

কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী

November 10, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

November 10, 2026
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
ভাৰত

ৰে’লত এইবোৰ বস্তু বহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা, হ’ব লাগিব ৰঙাঘৰৰ আলহী!

November 10, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.