• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলীৰ বোনাছক লৈ ভয়ংকৰ হ*ত্যাকাণ্ড!

দীপাৱলীৰ বোনাছক লৈ ভয়ংকৰ হ*ত্যাকাণ্ড!

4 minutes ago
পুৱা ৬ বজাত, ১১ বজাত নে আবেলি?

পুৱা ৬ বজাত, ১১ বজাত নে আবেলি?

1 hour ago
দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

2 hours ago
ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

2 hours ago
জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

3 hours ago
৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

3 hours ago
জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

4 hours ago
১২ বছৰীয়া নাবালিকাক নিৰ্যাতনৰ অভিযোগ

১২ বছৰীয়া নাবালিকাক নিৰ্যাতনৰ অভিযোগ

4 hours ago
এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা

এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা

5 hours ago
ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল

ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল

6 hours ago
কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী

কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী

6 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

7 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লত এইবোৰ বস্তু বহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা, হ’ব লাগিব ৰঙাঘৰৰ আলহী!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দীপাৱলীৰ বোনাছক লৈ ভয়ংকৰ হ*ত্যাকাণ্ড!

সহকৰ্মীক হ*ত্যা কৰি দিলে দুৰ্ঘটনাৰ ৰূপ

editor by editor
November 10, 2026
in অপৰাধ, ভাৰত, লেখা
0
দীপাৱলীৰ বোনাছক লৈ ভয়ংকৰ হ*ত্যাকাণ্ড!
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত দীপাৱলীৰ বোনাছৰ ধনক কেন্দ্ৰ কৰি সংঘটিত হৈছে এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড। নিজৰ সহকৰ্মীক হ*ত্যা কৰাৰ অভিযোগ উঠিছে এটা কাৰখানাৰ কেইজনমান শ্ৰমিকৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, বোনাছৰ ধনক লৈ হোৱা বিবাদৰ পিছতে এজন শ্ৰমিকক নিৰ্মমভাৱে আক্ৰমণ কৰা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অত্যধিক ৰক্তক্ষৰণৰ ফলত মৃ*ত্যু হয় সোম নামৰ শ্ৰমিকজনৰ। ইয়াৰ পিছত অভিযুক্তসকলে মৃ*তদেহটো এখন গাড়ীত উঠাই অন্য স্থানলৈ লৈ যোৱাৰ পৰিকল্পনা কৰে। কিন্তু বাটতে গাড়ীখন দুৰ্ঘটনাত পতিত হোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। প্ৰথমে পথ দুৰ্ঘটনা বুলি ধাৰণা কৰা এই ঘটনাই পৰৱৰ্তী সময়ত হ*ত্যাকাণ্ডৰ ৰূপ লয়।

ছাহাৰানপুৰৰ পিলখানী অঞ্চলৰ সমীপত সংঘটিত হয় এই ঘটনা। আৰক্ষী অধীক্ষকে সদৰী কৰা অনুসৰি, যোৱা নিশা আৰক্ষীয়ে এখন গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ লাভ কৰে। দুৰ্ঘটনাত সোণু, অক্ষয়, টিংকু, নীতিন আৰু অমন নামৰ কেইবাজনো ব্যক্তি আহত হয়। আনহাতে, গাড়ীখনত থকা সোম নামৰ এজন ব্যক্তিৰ মৃ*ত্যু হয়। খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে সোমৰ মৃ*তদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে ঘটনাটোক সাধাৰণ পথ দুৰ্ঘটনা বুলি ধৰি তদন্ত আৰম্ভ কৰিছিল। কিন্তু মৃ*তকৰ পৰিয়ালে সোমৰ মৃ*ত্যু দুৰ্ঘটনাত নহয়, বৰঞ্চ তেওঁক পৰিকল্পিতভাৱে হ*ত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰাত তদন্তৰ দিশ সলনি হয়।

দীপাৱলীৰ বোনাছক লৈ হৈছিল বিবাদ

মৃ*ত সোমৰ পুত্ৰ অজয় কুমাৰে পিতৃৰ হ*ত্যাৰ অভিযোগ উত্থাপন কৰি কুতুবশ্বেৰ থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ কৰা অনুসৰি, সোমে বিগত ৮ৰ পৰা ১০ বছৰ ধৰি ইণ্ডিয়ান হাৰ্বছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত শ্ৰমিক হিচাপে কাম কৰি আহিছিল। অভিযোগ অনুসৰি, ৯ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৪ বজাত সোণু নামৰ এজন সহকৰ্মীয়ে সোমক ফোন কৰি সোনকালে কোম্পানীলৈ আহিবলৈ কয়। ইয়াৰ পিছতে দীপাৱলীৰ বোনাছৰ ধনক লৈ সোণু আৰু সোমৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে।

মৃ*ত সোমৰ পুত্ৰ অজয় কুমাৰৰ অভিযোগ অনুসৰি, পিতৃ কোম্পানীটোত উপস্থিত হোৱাৰ সময়ত সোণু, নীতিন, অমন আৰু অক্ষয় ওৰফে টিংকু তাত উপস্থিত আছিল। অভিযোগ কৰা হৈছে যে, অভিযুক্তসকলে সোমক গালি-গালাজ কৰাৰ লগতে জাতিগতভাৱেও অপমান কৰিছিল। ইয়াতেই ক্ষান্ত নাথাকি অভিযুক্তসকলে সোমক আক্ৰমণ কৰে। এই আক্ৰমণত অত্যধিক ৰক্তক্ষৰণৰ ফলত অৱশেষত সোমৰ মৃ*ত্যু হয় বুলি অভিযোগ উত্থাপন হৈছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!
ৰাজনীতি

দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

November 10, 2026
ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী
ৰাজনীতি

ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

November 10, 2026
জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট
জীৱনশৈলী

জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

November 10, 2026
৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!
জীৱনশৈলী

৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

November 10, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.