কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত শুকুৰবাৰে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোৱে ৰাজ্যৰ প্ৰতিগৰাকী লোককে চুই গৈছে। ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ৰ কঁহৰা ৰেঞ্জৰ হাতীকুলি চাহ বাগিচাৰ সমীপৰ ৰঙাজানত অভিশপ্ত ট্ৰেভেলাৰখনে কণ্টেইনাৰ ট্ৰাকখনত খুন্দা মৰাৰ ফলতে এই ৰাজ্য কঁপাই যোৱা দুৰ্ঘটনাটো সংঘটিত হয়। এই ভয়ংকৰ দুৰ্ঘটনাত এই পৰ্যন্ত ২৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জন লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। ইয়াৰে প্ৰায় ৭গৰাকী লোকৰ অৱস্থা সংকটজনক।
প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা অনুসৰি, ট্ৰেভেলাৰখনৰ চালকৰ ভুলৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা। অত্যধিক গতিবেগেই এই ভয়ংকৰ দুৰ্ঘটনাৰ অন্যতম কাৰণ। কাজিৰঙাৰ দৰে বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত আৰু স্পৰ্শকাতৰ অঞ্চলত নিৰ্ধাৰিত গতি সীমা উলংঘা কৰি ট্ৰেভেলাৰখন চলোৱা হৈছিল বুলি তদন্তকাৰী বিষয়াসকলে সন্দেহ প্ৰকাশ কৰিছে।
বাৰে বাৰে আইন উলংঘা কৰিছিল ট্ৰেভেলাৰখনে
দুৰ্ঘটনাটোৰ তদন্তত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। দুৰ্ঘটনাত জড়িত মিনিবাছখন পূৰ্বেও একাধিকবাৰ যান-বাহন নিয়ম উলংঘা কৰাৰ অভিযোগত অভিযুক্ত হৈছিল। গোলাঘাট জিলা পৰিবহণ কাৰ্যালয়ৰ তথ্য অনুসৰি, মিনিবাছখন নগাঁৱৰ অঞ্জিৰ আলীৰ নামত পঞ্জীয়ন কৰা হৈছিল। বাছখনক পূৰ্বেও অত্যধিক গতিবেগেৰে চলোৱাৰ বাবে কেইবাবাৰো জৰিমনা বিহা হৈছিল। এজন পৰিবহণ বিষয়াই জানিবলৈ দিয়া মতে, যোৱা ৩ মাৰ্চত যোৰহাটত ঘণ্টাত ১০২ কিলোমিটাৰ বেগেৰে গাড়ী চলোৱাৰ বাবে বাছখনক ৪ হাজাৰ টকাৰ জৰিমনা বিহা হৈছিল। ইয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিৰ্ধাৰিত গতিসীমা উলংঘা কৰাৰ বাবেও বাছখনৰ বিৰুদ্ধে একাধিকবাৰ জৰিমনা বিহা হৈছিল।
অত্যধিক গতিবেগেই দুৰ্ঘটনাৰ মূল কাৰণ?
এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, ট্ৰেভেলাৰখন গোলাঘাটৰ পৰা নগাঁও অভিমুখে গৈ আছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিৰ্ধাৰিত গতিসীমা অতিক্ৰম কৰি বাছখন অত্যধিক বেগেৰে চলোৱা হৈছিল। ইয়াৰ ফলত চালকজনে বাছখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু সন্মুখৰ পৰা অহা এখন কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰে। দুৰ্ঘটনাটোৰ পিছত গোলাঘাট জিলা প্ৰশাসনে ট্ৰেভেলাৰখনত নিৰ্ধাৰিত সীমাতকৈ অধিক যাত্ৰী উঠোৱা হৈছিল নেকি, অৰ্থাৎ অভাৰলোডিং কৰা হৈছিল নেকি, সেই সন্দৰ্ভতো তদন্ত আৰম্ভ কৰিছে।
এই ভয়ংকৰ দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত কেইবাগৰাকী কলেজীয়া ছাত্ৰ-ছাত্ৰী আছে। কলেজৰ পাঠদান শেষ কৰি ঘৰলৈ উভতি অহাৰ সময়তে তেওঁলোক এই দুৰ্ঘটনাৰ সন্মুখীন হয়। কঁহৰা মডেল হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক দিপম কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাটোৰ ফলত মৃত্যুৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ইতিমধ্যে ২৪গৰাকী দুৰ্ভগীয়া যাত্ৰীক চিনাক্ত কৰা হৈছে। আনহাতে এতিয়াও দুগৰাকী যাত্ৰীৰ পৰিচয় উদ্ধাৰ হোৱা নাই। চিনাক্ত কৰা ২৪ গৰাকী যাত্ৰী হৈছে
১. আব্দুল মজিদ (ট্রেভেলাৰ চালক)
২. সুভাষ দাস (ট্রেভেলাৰৰ হেণ্ডিমেন)
৩. সুশীল ভূমিজ (গোলাঘাট)
৪. সুজাতা তাঁতী (গোলাঘাট)
৫. মহম্মদ আলী
৬. ৰঞ্জিতা কটোৱাৰ (অভয়জান
৭. পূর্ণিমা গোৱালা (ৰঙাজান)
৮. অনুৰাগ গোৱালা (ৰঙাজান)
৯. ডামিনী ঘাটোৱাল (ৰঙাজান)
১০. বেবী কৰ্মকাৰ মুণ্ডা (ৰঙাজান)
১১. জ্যোতি মাঝি (কঁহৰা)
১২. দর্পণা মাঝি (কঁহৰা)
১৩. গোলাপী বেগম
১৪. জয়ন্তী ৰবি দাস
১৫. ফাৰহানা য়াছমিন
১৬. দীপাঞ্জলি ৰংফাৰপী
১৭. হাইজুল ইছলাম
১৮. আব্দুল ৰছিদ
১৯. মহম্মদ ৰফিক
২০. গংগা গোৱালা
২১. দীপক গুৰুং
২২. মিনা মিজাৰ
২৩. ফাৰুক আহমেদ
২৪. লক্ষ্মী মাঝি
৯খন এম্বুলেন্সেৰে আৰম্ভ হৈছিল উদ্ধাৰ অভিযান
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্নীল ডেকা আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা ঘটনাস্থলীত উপস্থিত হয়। প্ৰথম অৱস্থাত প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত ৯খন এম্বুলেন্সৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। আহতসকলক প্ৰথমে কোহোৰা মডেল হাস্পতাললৈ লৈ যোৱা হয়। ইয়াৰ পিছত গুৰুতৰভাৱে আহত ২০ জন লোকক উন্নত চিকিৎসাৰ বাবে বিভিন্ন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। তেওঁলোকক বোকাখাত অসামৰিক চিকিৎসালয়, গোলাঘাট চৰকাৰী চিকিৎসালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে।
এই ঘটনাৰ পৰা শিক্ষা ল’বনে ট্ৰেভেলাৰ চালকসকলে?
কাজিৰঙাৰ সমীপত সংঘটিত এই দুৰ্ঘটনাই পুনৰ এবাৰ অত্যধিক গতিবেগ আৰু যান-বাহন আইন উলংঘাৰ ভয়ংকৰ পৰিণতি স্পষ্ট কৰি তুলিছে। বিশেষকৈ বন্যপ্ৰাণী সংৰক্ষিত অঞ্চলৰ মাজেৰে যোৱা পথত নিৰ্ধাৰিত গতিসীমা মানি চলাটো অত্যন্ত জৰুৰী। এখন ট্ৰেভেলাৰ চালকৰ অসাৱধানতাই ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে ২০ জন লোকক গুৰুতৰভাৱে আহত কৰিছে। এই ঘটনাই পথ সুৰক্ষাৰ ক্ষেত্ৰত চালক, পৰিবহণ বিভাগ আৰু প্ৰশাসনৰ দায়িত্বৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে। পুনৰবাৰ প্ৰশ্ন উঠিছে কাজিৰঙাৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ট্ৰেভেলাৰ, আল্ট্ৰা বাছৰ চালকসকলে শিক্ষা ল’বনে?
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















