কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে। এই শোকাৱহ দুৰ্ঘটনাত এই পৰ্যন্ত ২৬গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে, আহতসকলৰ চিকিৎসা অব্যাহত আছে। দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহ ঘৰলৈ নিবলৈ চিকিৎসালয়ত পৰিয়ালৰ লোকৰ ভিৰ পৰিলক্ষিত হৈছে।
পুৱা ৬ বজাৰ পৰাই গোলাঘাটত আৰম্ভ হৈছে মৃতদেহসমূহৰ মৰণোত্তৰ পৰীক্ষা। চিকিৎসালয়ৰ ভিতৰত মৃতদেহৰ শাৰী, আনহাতে বাহিৰত মৃতকৰ পৰিয়ালৰ লোকৰ শাৰী। মৰণোত্তৰ পৰীক্ষাগৃহৰ সন্মুখত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতি। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত এখন এখনকৈ এম্বুলেন্সেৰে মৃতদেহসমূহ স্বগৃহলৈ লৈ যোৱা হৈছে। ২৬জন নিহত লোকৰ মৃতদেহ ঘৰলৈ নিয়াৰ বাবে ২৬খনৰো অধিক এম্বুলেন্স সাজু কৰি ৰখা হৈছে।
ইপিনে, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH)ত বৰ্তমান ১৮গৰাকী আহত লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে ৭গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলৰ চিকিৎসা আৰু স্বাস্থ্যৰ বুজ ল’বলৈ নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় মন্ত্ৰী ৰণোজ পেগু। মন্ত্ৰীগৰাকীয়ে চিকিৎসাধীন লোকসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে বুজ লয়।
দুৰ্ঘটনাত নিহত ৩ ভগ্নী
কাজিৰঙাৰ এই ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিগৰাকী ভগ্নীয়ে প্ৰাণ হেৰুৱাইছে। ঘটনাস্থলীতে মৃত্যু ঘটে জ্যোতি মাঝি আৰু দৰ্পণা মাঝিৰ। আনহাতে, গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যুক সাবটি লয় তেওঁলোকৰ বৰদেউতাকৰ জীয়ৰী লক্ষ্মী মাঝিয়ে। একেটা পৰিয়ালৰ তিনিগৰাকী কন্যাৰ মৃত্যুৰ খবৰে অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰিছে।
দুদিন পিছতেই বিয়া আছিল সুশীল ভূমিজৰ
দুৰ্ঘটনাটোৱে আন এক কৰুণ ঘটনা পোহৰলৈ আনিছে। অসম আৰক্ষীত কৰ্মৰত ২৭ বছৰীয়া সুশীল ভূমিজৰ বিয়া আছিল মাত্ৰ দুদিন পিছত। জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰাৰ বাবে সাজু হৈ থকা সুশীলৰ কাজিৰঙাৰ দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু ঘটে। বিয়াৰ আনন্দৰে ভৰি থাকিবলগীয়া ঘৰখনত এতিয়া কান্দোনৰ ৰোল উঠিছে। সুশীলৰ মৃত্যুৰ খবৰ পাই তেওঁৰ প্ৰেয়সীয়ে হিয়া ঢাকুৰি কান্দিছে। বিয়াৰ মাত্ৰ দুদিন পূৰ্বে এনেদৰে যুৱকজনৰ অকাল মৃত্যুৱে সকলোকে মৰ্মাহত কৰি তুলিছে।
জানুৱাৰীত বিয়া হোৱাৰ কথা আছিল সুজাতা তাঁতীৰ
কাজিৰঙাৰ ৰঙাজানৰ শোকাৱহ পথ দুৰ্ঘটনাত বোকাখাতৰ বিহৰা চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ সুজাতা তাঁতী নামৰ এগৰাকী যুৱতীয়েও প্ৰাণ হেৰুৱাইছে। আগন্তুক জানুৱাৰী মাহত সুজাতাৰ বিয়া অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বিয়াৰ আনন্দৰ মাজতে পৰিয়ালটোৰ ওপৰত নামি আহিল গভীৰ শোক। সুজাতাৰ সৈতে যিজন যুৱকৰ বিবাহ ঠিক হৈছিল, সেই যুৱকজনৰ ভগ্নী জয়ন্তী ৰবিদাসৰো এই দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু ঘটে। দুয়োটা পৰিয়ালৰ বাবে এই ঘটনা এক অপূৰণীয় ক্ষতি। বিয়াৰ প্ৰস্তুতি চলি থকা ঘৰসমূহত এতিয়া শোক আৰু কান্দোনৰ পৰিৱেশে বিৰাজ কৰিছে।
আজি কাজিৰঙালৈ আহিব NHAIৰ দল
ইপিনে, কাজিৰঙাৰ পথৰ দুৰৱস্থাৰ বুজ ল’বলৈ আজি দিল্লীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ এটা দল কাজিৰঙালৈ অহাৰ কথা। দলটোৱে পথৰ বৰ্তমানৰ অৱস্থা পৰিদৰ্শন কৰি দুৰৱস্থাৰ বিষয়ে বুজ ল’ব। কাজিৰঙাৰ এই শোকাৱহ পথ দুৰ্ঘটনাৰ পিছত পথৰ সুৰক্ষা আৰু দুৰৱস্থাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে। পথৰ অৱস্থা উন্নত কৰা আৰু ভৱিষ্যতে এনে ভয়ংকৰ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে। দুৰ্ঘটনাটোৱে বহু পৰিয়ালৰ জীৱনলৈ এক গভীৰ অন্ধকাৰ নমাই আনিছে। বিয়াৰ আনন্দ, নতুন জীৱনৰ সপোন আৰু পৰিয়ালৰ সুখ মুহূৰ্ততে শেষ হৈ পৰিছে। কাজিৰঙাৰ এই কৰুণ ঘটনাই ৰাজ্যবাসীক পুনৰ এবাৰ পথ সুৰক্ষাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















