জ্যোতিষশাস্ত্ৰ অনুসৰি, শনিৰ সাড়ে সাতীৰ সময়ছোৱা প্ৰতিটো ৰাশিৰ বাবেই বিশেষ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত জীৱনৰ বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন, প্ৰত্যাহ্বান আৰু নতুন অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হয় বুলি বিশ্বাস কৰা হয়। ২০২৭ চনত শনিৰ ৰাশি পৰিৱৰ্তনৰ ফলত মুঠ চাৰিটা ৰাশিৰ জাতক-জাতিকাই সাড়ে সাতীৰ প্ৰভাৱ অনুভৱ কৰিব।
জ্যোতিষী পণ্ডিত ৰাকেশ ঝাৰ মতে, কোনো ব্যক্তিৰ জন্মৰ চন্দ্ৰ ৰাশিৰ দ্বাদশ, প্ৰথম আৰু দ্বিতীয় স্থানত শনিৰ অৱস্থান হ’লে সাড়ে সাতীৰ প্ৰভাৱ পৰে। সাধাৰণতে এই তিনিটা পৰ্যায় প্ৰায় আঢ়ৈ বছৰকৈ থাকে। সেয়েহে সম্পূৰ্ণ সাড়ে সাতীৰ সময়ছোৱা প্ৰায় সাত বছৰ ছমাহ হয়। ২০২৭ চনত শনি মীন আৰু মেষ ৰাশিৰ মাজত অৱস্থান সলনি কৰিব। জ্যোতিষীয় গণনা অনুসৰি, ৩ জুনত শনি মেষ ৰাশিত প্ৰৱেশ কৰিব আৰু ২০ অক্টোবৰত পুনৰ মীন ৰাশিলৈ উভতি আহিব। এই ৰাশি পৰিৱৰ্তনৰ ফলতেই বৃষ ৰাশিৰ জাতক-জাতিকাৰ জীৱনতো সাড়ে সাতীৰ প্ৰথম পৰ্যায় আৰম্ভ হ’ব। এতিয়া জানো আহক, ২০২৭ চনত কোন চাৰিটা ৰাশিৰ ওপৰত সাড়ে সাতীৰ প্ৰভাৱ পৰিব আৰু কোন ৰাশিয়ে কি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে।
১. মেষ ৰাশি
২০২৭ চনত মেষ ৰাশিৰ জাতক-জাতিকাসকলে সাড়ে সাতীৰ প্ৰথম আৰু দ্বিতীয় দুয়োটা পৰ্যায়ৰ প্ৰভাৱ অনুভৱ কৰিব। ১ জানুৱাৰীৰ পৰা ২ জুনলৈ আৰু পুনৰ ২০ অক্টোবৰৰ পৰা বছৰৰ শেষলৈকে সাড়ে সাতীৰ প্ৰথম পৰ্যায় চলিব। আনহাতে, ৩ জুনৰ পৰা ১৯ অক্টোবৰলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰভাৱ থাকিব। এই সময়ছোৱাত মেষ ৰাশিৰ জাতক-জাতিকাসকলে স্বাস্থ্য আৰু আৰ্থিক বিষয়ত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থকাৰ লগতে ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰতো ভালদৰে চিন্তা-চৰ্চা কৰিব লাগিব।
পাৰিবাৰিক আৰু ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰতো ধৈৰ্য ধৰাটো জৰুৰী। বিশেষকৈ দুৰ্বল হৈ পৰা সম্পৰ্কবোৰ বুজাবুজিৰে শক্তিশালী কৰিবলৈ চেষ্টা কৰিব লাগে। খং বা আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত ল’লে পিছলৈ অনুশোচনা কৰিবলগীয়া হ’ব পাৰে। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিও আশা কৰা ধৰণে ফলাফল নাপাব পাৰে। চাকৰি সলনি কৰা বা নতুন কাম আৰম্ভ কৰাৰ চিন্তা মনলৈ আহিব পাৰে। কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে পৰিস্থিতি ভালদৰে বিশ্লেষণ কৰা উচিত।
স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাৰ লগতে বাহন চলোৱাৰ সময়তো সাৱধান হ’ব লাগিব। অৱশ্যে বিৱাহৰ বাবে উপযুক্তসকলৰ বিৱাহৰ যোগ সৃষ্টি হ’ব পাৰে। ঘৰ বা মাটি ক্ৰয় কৰাৰ পৰিকল্পনা কৰাসকলৰ বাবেও এই সময়ছোৱা অনুকূল হোৱাৰ সম্ভাৱনা আছে। কিন্তু সকলো ক্ষেত্ৰতে ধৈৰ্য আৰু পৰিশ্ৰমৰ প্ৰয়োজন হ’ব।
২. বৃষ ৰাশি
২০২৭ চন বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ’ব। কাৰণ এই বছৰতে তেওঁলোকৰ জীৱনত সাড়ে সাতীৰ প্ৰথম পৰ্যায় আৰম্ভ হ’ব। জ্যোতিষীয় গণনা অনুসৰি, ৩ জুনৰ পৰা ২০ অক্টোবৰলৈ বৃষ ৰাশিৰ ওপৰত সাড়ে সাতীৰ প্ৰথম পৰ্যায়ৰ প্ৰভাৱ থাকিব। এই সময়ছোৱাত নিজৰ জীৱন আৰু অতীতৰ কাম-কাজৰ বিষয়ে নতুনকৈ চিন্তা কৰাৰ সুযোগ আহিব পাৰে। মানসিক অস্থিৰতা বৃদ্ধি পোৱাৰ লগতে কৰ্মক্ষেত্ৰৰ পৰিৱেশ সলনি কৰাৰ কথাও মনলৈ আহিব পাৰে। এনে সময়ত আৱেগৰ বশৱৰ্তী হৈ হঠাৎ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা উচিত।
আৰ্থিক দিশতো কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। ঘৰুৱা সামগ্ৰীৰ মেৰামতি, স্বাস্থ্যজনিত সমস্যা অথবা হঠাৎ ভ্ৰমণৰ বাবে অতিৰিক্ত ধন ব্যয় হ’ব পাৰে। ফলত উপাৰ্জনৰ তুলনাত খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত যথেষ্ট পৰিশ্ৰম কৰাৰ পিছতো আশা কৰা ধৰণে সফলতা নাপাই হতাশ অনুভৱ কৰিব পাৰে। কিন্তু এই সময়ছোৱাক ভৱিষ্যতৰ বাবে নিজকে প্ৰস্তুত কৰাৰ এক সুযোগ হিচাপে ল’ব লাগে। বছৰৰ শেষৰ ফালে পৰিয়ালত কোনো শুভ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনাও আছে। গতিকে ধৈৰ্য ধৰি আগবাঢ়িলে পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ’ব পাৰে বুলি জ্যোতিষীয় ব্যাখ্যাত কোৱা হৈছে।
৩. কুম্ভ ৰাশি
২০২৭ চন কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে তুলনামূলকভাৱে ভাল সময় হোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি চলি থকা সাড়ে সাতীৰ প্ৰভাৱৰ পৰা এই বছৰ তেওঁলোকে সকাহ লাভ কৰিব। ১ জানুৱাৰীৰ পৰা ২ জুনলৈ কুম্ভ ৰাশিৰ ওপৰত সাড়ে সাতীৰ অন্তিম পৰ্যায়ৰ প্ৰভাৱ থাকিব। ৩ জুনৰ পৰা ২০ অক্টোবৰলৈ তেওঁলোক সাড়ে সাতীৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব। অৱশ্যে ২০ অক্টোবৰৰ পৰা বছৰৰ শেষলৈ পুনৰ অন্তিম পৰ্যায়ৰ প্ৰভাৱ আৰম্ভ হ’ব।
জ্যোতিষীয় গণনা অনুসৰি, ২০২৭ চনৰ শেষৰ ফালে কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। কৰ্মজীৱনত উন্নতি, পদোন্নতি আৰু নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবেও ভাল সুযোগ আহিব পাৰে। পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰতো উন্নতি হোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি চলি থকা মনোমালিন্য দূৰ কৰি আপোনজনৰ সৈতে সম্পৰ্ক পুনৰ সুদৃঢ় কৰিবলৈ সক্ষম হ’ব পাৰে। নিজৰ অভিজ্ঞতা আৰু বুদ্ধিমত্তাৰ জৰিয়তে বহু সমস্যাৰ সমাধান উলিয়াব পাৰিব। অৱশ্যে এই সময়ছোৱাত ধৈৰ্য আৰু সংযম বজাই ৰখাটো প্ৰয়োজনীয়।
৪. মীন ৰাশি
২০২৭ চনত মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবেও সাড়ে সাতীৰ প্ৰভাৱ অব্যাহত থাকিব। অৱশ্যে এই বছৰ তেওঁলোকে সাড়ে সাতীৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে পাৰ হ’ব লাগিব। ৩ জুনৰ পৰা ১৯ অক্টোবৰলৈ শনি মেষ ৰাশিত অৱস্থান কৰিব। এই সময়ছোৱাত মীন ৰাশিৰ জাতক-জাতিকাসকলে সাড়ে সাতীৰ অন্তিম পৰ্যায়ৰ প্ৰভাৱ অনুভৱ কৰিব। এই সময়ত অতীতৰ সংগ্ৰামৰ কিছু ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে।
কিন্তু ২০ অক্টোবৰৰ পৰা শনি পুনৰ মীন ৰাশিলৈ উভতি অহাৰ ফলত সাড়ে সাতীৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ’ব। এই সময়ছোৱাত মানসিক চাপ তুলনামূলকভাৱে কম হ’ব পাৰে যদিও স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰা উচিত নহয়। পৰিয়ালত কোনো শুভ অনুষ্ঠান অনুষ্ঠিত হ’লে খৰচ বৃদ্ধি পাব পাৰে। অবিবাহিত লোকসকলৰ বিবাহৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত শনিৰ প্ৰভাৱৰ ফলত লাহে লাহে অধিক দায়িত্ব লাভ কৰিব পাৰে। যিসকলে নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেওঁলোকে আৰম্ভণিতে কিছু বাধা-বিঘিনিৰ সন্মুখীন হ’ব পাৰে। কিন্তু কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ জৰিয়তে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত হাড় আৰু গাঁঠিৰ সমস্যাৰ প্ৰতি সতৰ্ক হোৱা উচিত। লগতে দীঘলীয়া ভ্ৰমণ অথবা চাকৰিৰ সূত্ৰে স্থান সলনি কৰাৰ পৰিস্থিতিও আহিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















