জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ আইনী বিপদ বৃদ্ধি পাইছে। ২০১৮ চনৰ এটা অপৰাধমূলক মানহানিৰ গোচৰত দিল্লীৰ আদালতে তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা (Non-Bailable Warrant) জাৰি কৰিছে। সোমবাৰে দিল্লীৰ সাকেত আদালতে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে। আদালতৰ এই সিদ্ধান্তৰ পিছতে পুনৰ চৰ্চালৈ আহিছে ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে চলি থকা পুৰণি মানহানিৰ গোচৰটো।
প্ৰাপ্ত তথ্য অনুসৰি, মেজিষ্ট্ৰেট অনম ৰাইছ খানে অভিযোগকাৰী সাংকৃত্যায়ন ওৰফে বিকাশ পাণ্ডেৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে। অভিযোগকাৰী বিকাশ পাণ্ডেই ‘I Support Narendra Modi’ নামৰ এটা ছ’চিয়েল মিডিয়া পেজ পৰিচালনা কৰে। তেওঁৰ অভিযোগ অনুসৰি, ধ্ৰুৱ ৰাঠীয়ে নিজৰ এটা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে মিছা আৰু মানহানিকাৰক মন্তব্য কৰিছিল।
কি অভিযোগ উত্থাপন হৈছিল ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে?
২০১৮ চনত ধ্ৰুৱ ৰাঠীয়ে ‘BJP IT Cell Part II’ শীৰ্ষক এটা ভিডিঅ’ প্ৰকাশ কৰিছিল। এই ভিডিঅ’টোক কেন্দ্ৰ কৰিয়েই বিতৰ্কৰ সূত্ৰপাত ঘটে। অভিযোগকাৰী বিকাশ পাণ্ডেৰ দাবী অনুসৰি, ভিডিঅ’টোত তেওঁৰ বিৰুদ্ধে কেতবোৰ ভিত্তিহীন, মিছা আৰু সন্মানহানিকাৰক অভিযোগ উত্থাপন কৰা হৈছিল। এই ভিডিঅ’ৰ জৰিয়তে তেওঁৰ ব্যক্তিগত সন্মান আৰু সামাজিক ভাবমূৰ্তি ক্ষুণ্ণ কৰা হৈছে বুলি দাবী কৰি তেওঁ আদালতৰ কাষ চাপিছিল। ইয়াৰ পিছতে ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল।
কিয় জাৰি কৰা হ’ল জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা?
এই গোচৰটোৰ শুনানিৰ সময়ত আদালতে ইয়াৰ পূৰ্বে ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰথমে তেওঁক আদালতত হাজিৰ হ’বলৈ চমন জাৰি কৰা হৈছিল। কিন্তু তাৰ পিছতো তেওঁ আদালতত উপস্থিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত দুবাৰকৈ জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। কিন্তু ধ্ৰুৱ ৰাঠীৰ আদালতত হাজিৰ হোৱা আৰু তেওঁৰ ওচৰলৈ পৰোৱানা প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত আদালতে এইবাৰ অধিক কঠোৰ স্থিতি গ্ৰহণ কৰি তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।
উল্লেখযোগ্য যে জামিনযোগ্য আৰু জামিনবিহীন পৰোৱানাৰ মাজত পাৰ্থক্য আছে। জামিনযোগ্য পৰোৱানাৰ ক্ষেত্ৰত নিৰ্দিষ্ট চৰ্ত পূৰণ কৰি জামিন লাভৰ সুযোগ থাকে। আনহাতে, জামিনবিহীন পৰোৱানা জাৰি হ’লে অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰিব পাৰি।
৩ ডিচেম্বৰত পৰৱৰ্তী শুনানি
এই গোচৰটোৰ পৰৱৰ্তী শুনানি ২০২৬ চনৰ ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব। আদালতৰ এই নতুন নিৰ্দেশৰ পিছত ধ্ৰুৱ ৰাঠীয়ে কেনে আইনী পদক্ষেপ গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।
সামাজিক মাধ্যমত ৰাজনৈতিক আৰু সাম্প্ৰতিক বিষয়ক ভিডিঅ’ প্ৰকাশ কৰি চৰ্চাত থকা ধ্ৰুৱ ৰাঠীৰ বাবে এই গোচৰটো এক গুৰুত্বপূৰ্ণ আইনী প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে। অৱশ্যে গোচৰটোৰ চূড়ান্ত সিদ্ধান্ত আদালতৰ পৰৱৰ্তী শুনানি আৰু আইনী প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব। অভিযোগসমূহ এতিয়াও আদালতত বিচাৰাধীন আৰু ধ্ৰুৱ ৰাঠীৰ দোষ প্ৰমাণিত হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















