অসম লাইভ ২৪ঃ কোভিডৰ দ্বিতীয় ঢৌত বিধ্বস্ত দেশৰ সামগ্ৰীক পৰিস্থিতি। দৈনিক কোভিডত আক্ৰান্ত হৈছে লাখ লাখ লোক। বৃহস্পতিবাৰৰ দিনটোত ভাৰতত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয় ২,১৭,৩৫৩ গৰাকী। ৰাজধানী দিল্লী আৰু মুম্বাইত সাপ্তাহিক লকডাউন ঘোষণা কৰিছে প্ৰশাসনে। মহাৰাষ্ট্ৰতো জাৰি আছে লকডাউন। দেশত কোভিডৰ কঠিন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। কোভিডৰ সৰ্বাধিক সংক্ৰমণ হৈছে পঞ্জাৱ, বিহাৰ আৰু কৰ্ণাটকত। এই ক্ষেত্ৰত চিকিৎসক তথা বিশেষজ্ঞসকলে অধিক সতৰ্কতা অৱলম্বনৰ বাবে আহ্বান জনাইছে। বিশেষজ্ঞসকলৰ মতে, এনেদৰেই বৰ্ধিত হাৰত সংক্ৰমণ বৃদ্ধি পাই থাকিলে অতি সোনকালে দেশৰ স্বাস্থ্যখণ্ডৰ ভেটী দুৰ্বল হৈ পৰিব। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বৰ্তমানলৈকে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ১১,১৮৫ গৰাকীৰ। শেহতীয়াভাৱে অসমত কোভিডত নতুনকৈ আক্ৰান্ত হৈছে ৩৮৫গৰাকী ব্যক্তি আৰু কামৰূপ(মেট্ৰ’), হোজাই আৰু ডিব্ৰুগড়ত ৩ গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ