অসম লাইভ২৪ঃ হাস্পতালৰ মৰ্গৰ ওচৰত বহি আছে এটা কুকুৰ। বহুতৰে মনত এয়ানো কি ডাঙৰ কথা! কুকুৰ এনেকৈ অ’ত ত’ত বহি থাকেই! কুকুৰটো মৰ্গৰ বাহিৰত কেৱল বহিয়েই থাকে তেনে নহয়। মৰ্গৰ দুৱাৰ খুলিলেই কুকুৰটো দুৱাৰমুখলৈ যায়। দুৱাৰ বন্ধ হ’লে আকৌ আহি বহি থকা স্থানত বহি পৰে। বিগত প্ৰায় চাৰিমাহ ধৰি কুকুৰটো এই স্থানতেই এনেকৈ বহি আছে। কুকুৰটোৰ উদাস দৃষ্টি কেৱল মৰ্গৰ দুৱাৰমুখলৈকে। বিগত চাৰি মাগ ধৰি কিয় এনেকৈ বহি থাকে কুকুৰটো সেই বিষয়টো এচাম কৌতুহলী লোকৰ চকুত পৰিল।
প্ৰতিদিনেই কুকুৰটো এইদৰে বহি থকাৰ কাৰণ বিচাৰি তদন্ত চলালে কৌতুহলী এজন ব্যক্তিয়ে। দৈনিক কিয় কুকুৰটোৱে মৰ্গৰ দুৱাৰৰ কাষত বহি থাকে? কিয় মৰ্গৰ দুৱাৰ খুলিলেই কৌতুহলী চকুৰে দুৱাৰৰ কাষলৈ যায়? ইয়াৰ নেপথ্যৰ কৰুণ কাহিনী অৱশেষত বিচাৰি উলিয়ালে পশুপ্ৰেমী ব্যক্তিজনে। কুকুৰটো এইদৰে ৰৈ থকাৰ নেপথ্যত আছে এটি কৰুণ কাহিনী। বিগত চাৰিমাহ পূৰ্বে এই মৰ্গলৈ কুকুৰটোৰ গৰাকীৰ মৃতদেহ লৈ অহা হৈছিল। মৃতদেহৰ কাষে কাষেই কুকুৰটো এই মৰ্গৰ দুৱাৰমুখ পাইছিল। ঘটনাটো কেৰালাৰ কান্নুৰৰ জিলা হাস্পতালৰ। সেই হাস্পতালত কৰ্মৰত ৰাজেশ কুমাৰ নামৰ কৰ্মীজনে সংবাদ সংস্থা এএনআইৰ আগত কয়, ‘মই বিগত চাৰিমাহ ধৰি কুকুৰটোক লক্ষ্য কৰি আছো। মৰ্গৰ দুৱাৰমুখৰ কাষতেই ই বহি থাকে।’
https://x.com/ANI/status/1720996564666130834?s=20
ৰাজেশে এই সন্দৰ্ভত কয়, ‘আমাৰ হাস্পতাল চৌহদত দুই এটা কুকুৰ ঘূৰি ফুৰে। মইয়ো বিষয়টোক লৈ প্ৰথমে মন দিয়া নাছিলো। কিন্তু বিষয়টোত মই নজৰ দিবলৈ ধৰিলো। কুকুৰটো অন্য কুকুৰৰ দৰে নহয়। মই হাস্পতাললৈ অহা বহু ব্যক্তিক কুকুৰটোৰ বিষয়ে সুধিলো। কেনেবাকৈ কুকুৰটো তেওঁলোক কাৰোবাৰ নেকি? কিন্তু তাৰমাজতেই এজন ব্যক্তিৰ পৰা লাভ কৰা মন্তব্যই মোক ভাৰাক্ৰান্ত কৰি তুলিলে।’
ৰাজেশে কয়, ‘মই খবৰ কৰি জানিব পাৰিছো যে চাৰিমাহ পূৰ্বে ইয়াত এজন ব্যক্তিক ভৰ্তি কৰোৱা হৈছিল। সেই ৰোগীজনৰ সৈতেই কুকুৰটো আহিছিল। কুকুৰটো তেওঁৰ পোহনীয়া কুকুৰ। যিটো কেবিনত আমি ৰোগীজনক ৰাখিছিলো সিও কাষতে আছিল। কিন্তু ভৰ্তি হোৱাৰ কেইটামান দিন পাছত ব্যক্তিজনৰ মৃত্যু হয়। তেওঁৰ দেহ আমি মৰ্গলৈ লৈ গ’লো। তাতেই লৈ যোৱাৰ সময়ত কুকুৰটোও পিছে পিছে গৈছিল। মালিকক মৰ্গত সোমোৱাই দিওতে সি দুৱাৰমুখতে ৰৈ দিয়ে। তাৰপিছৰে পৰা বিগত চাৰিমাহ ধৰি সি এনেকৈ ৰৈ আছে। মাজে মাজে দুৱাৰ মুখলৈ আহে চাই আকৌ গৈ কিছু আঁতৰত বহি থাকে। কুকুৰটো অপেক্ষাৰত মালিক এই দুৱাৰেৰেই আহিব।’
হাস্পতাললৈ অহা কোনো ব্যক্তিক কুকুৰটোৱে কোনোধৰণৰ অশান্তিও নিদিয়ে। হাস্পতাললৈ অহা ব্যক্তিয়ে কুকুৰটোক বিস্কুটসহ নানান খাদ্য দিয়ে কিন্তু সি খাদ্যও গ্ৰহণ নকৰে। ৰাজেশে লগতে কয়, ‘ধীৰে ধীৰে কুকুৰটো আমাৰ সৈতে স্বাভাৱিক হৈছে। আমি কিবা খাদ্য দিলে সি খায়। কিন্তু মৰ্গৰ কাষৰ পৰা তাক আঁতৰাব পৰা নাই। সেই ব্যক্তিৰ দেহ মৰ্গৰ অন্য দুৱাৰেদি আত্মীয়ই চাৰিমাহ পূৰ্বেই লৈ গ’ল। কিন্তু সেই দৃশ্য সি নেদেখিলে। যাৰবাবে এই স্থানৰ পৰা সি আঁতৰি যাবলৈ ৰাজি নহয়। দিনৰ বেলা সি তাৰেই আশে পাশে ঘূৰি থাকে। নিশা হ’লে মৰ্গৰ দুৱাৰমুখতে শুই পৰে।’
উল্লেখ্য যে হাস্পতালৰ মায়া গোপালকৃষ্ণণ নামৰ এগৰাকী চিকিৎসকে কুকুৰটোৰ নাম থৈছে ৰামু। কান্নুৰৰ ৰামুৰ এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই ৰামুৰ কৰুণ দুচকু দেখি চকু সেমেকি উঠিছে বহুজন পশুপ্ৰেমীৰেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ