দাঁতৰ বিষ বা দাঁতৰ গুৰি ফুলি উঠা অতি সাধাৰণ সমস্যা। দাঁতৰ ক্ষয়, গহ্বৰ, দাঁতৰ মাড়ি বা আলুৰ সমস্যা আদি বিভিন্ন কাৰণত দাঁতত বিষ হ’ব পাৰে। কিন্তু টাইৱানত সংঘটিত এটা অদ্ভুত ঘটনাই দন্ত চিকিৎসককো আচৰিত কৰি তুলিছিল। দাঁতৰ বিষত অতিষ্ঠ হৈ টাইৱানৰ এজন লোক দন্ত চিকিৎসকৰ ওচৰলৈ গৈছিল। পৰীক্ষা কৰাৰ পিছত চিকিৎসকে জানিব পাৰে যে তেওঁৰ গুৰি দাঁতত সমস্যা হৈছে আৰু সেই দাঁতটো উলিয়াব লাগিব। কিন্তু দাঁতটো উলিওৱাৰ সময়ত চিকিৎসকে যি দেখিলে, সেয়া আছিল একেবাৰে অবিশ্বাস্য। লোকজনৰ ওপৰৰ গুৰি দাঁতৰ গহ্বৰৰ ভিতৰত এটা মধুৰিয়ামৰ গুটিৰ পৰা মধুৰিয়ামৰ পুলি গজি উঠিছিল!
কেনেকৈ দাঁতৰ ভিতৰত গজিল মধুৰিয়ামৰ গছ?
চিকিৎসকৰ মতে, লোকজনে মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ভালদৰে বজাই ৰখা নাছিল। তেওঁৰ ওপৰৰ গুৰি বা জামি দাঁতটোত এটা ডাঙৰ গহ্বৰ সৃষ্টি হৈছিল। সেই গহ্বৰৰ ভিতৰত কোনো ধৰণে এটা মধুৰিয়ামৰ গুটি আবদ্ধ হৈ পৰে। ইফালে তলৰ গুৰি দাঁতটো নথকাৰ বাবে ওপৰৰ দাঁতৰ গহ্বৰটোত গুটিটোৱে অংকুৰিত হ’বলৈ পৰ্যাপ্ত ঠাই লাভ কৰে। ফলত লাহে লাহে তাৰ পৰা মধুৰিয়ামৰ পুলি গজি উঠে। চিকিৎসকে যি মধুৰিয়ামৰ পুলিটো উলিয়াইছিল, সেইটো প্ৰায় ১০ দিন পুৰণি আছিল বুলি জানিব পৰা যায়। লোকজনে চিকিৎসকক জনাইছিল যে ঘটনাটোৰ কেইদিনমান পূৰ্বে তেওঁ মধুৰিয়াম খাইছিল। এই অদ্ভুত ঘটনাটো ২০১৩ চনত British Dental Journal-তো প্ৰকাশ পাইছিল।
এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰে যে মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো কিমান গুৰুত্বপূৰ্ণ। নিয়মিতভাৱে দাঁত পৰিষ্কাৰ নকৰিলে দাঁতত গহ্বৰ, প্লেক আৰু টাৰ্টাৰ জমা হ’ব পাৰে। ইয়াৰ ফলত দাঁত আৰু দাঁতৰ আলুৰ বিভিন্ন সমস্যা সৃষ্টি হ’ব পাৰে। সেয়েহে দাঁত সুস্থ কৰি ৰাখিবলৈ দৈনন্দিন জীৱনত কিছু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়।
মুখ আৰু দাঁত কেনেকৈ সুস্থ ৰাখিব?
দন্ত চিকিৎসকৰ পৰামৰ্শ অনুসৰি— প্ৰতিদিনে নিয়মিতভাৱে দাঁত ব্ৰাছ কৰিব লাগে। দাঁতৰ মাজৰ খাদ্যকণা আঁতৰাবলৈ ফ্লছ ব্যৱহাৰ কৰিব পাৰে। অত্যধিক মিঠা খাদ্য আৰু মিঠা পানীয় পৰিহাৰ কৰা উচিত। ধঁপাত আৰু ধূমপানৰ পৰা আঁতৰি থাকিব লাগে। পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। নিয়মীয়াকৈ দন্ত চিকিৎসকৰ ওচৰত দাঁত পৰীক্ষা কৰাব লাগে। মুখৰ স্বাস্থ্যৰ বাবে আয়ুৰ্বেদতো বিভিন্ন পৰম্পৰাগত পদ্ধতিৰ কথা উল্লেখ আছে। আয়ুৰ্বেদিক বিশেষজ্ঞসকলে গাণ্ডূষ আৰু কৱলৰ দৰে পদ্ধতিৰ কথা কয়। লগতে নিম, লৱণ আদি সামগ্ৰী ব্যৱহাৰৰ কথাও উল্লেখ কৰা হয়। অৱশ্যে দাঁতত বিষ, গহ্বৰ, দাঁতৰ আলু ফুলি উঠা বা আন কোনো সমস্যা হ’লে নিজে চিকিৎসা কৰাৰ সলনি দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই আটাইতকৈ নিৰাপদ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















