ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল মধ্য ফিলিপাইন্স। ভূমিকম্পৰ তীব্ৰতা আছিল ৰিখটাৰ স্কেলত ৬.৯। এই ভূমিকম্পত বৰ্তমানলৈ ৬৯ জনে হেৰুৱাইছে প্ৰাণ। আহত ১৫০তকৈ বেছি বুলি ৰয়টাৰ্ছত ৰিপৰ্টত প্ৰকাশ পাইছে। মৃত আৰু আহতসকলৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলিও আশংকা কৰা হৈছে সেই দেশৰ প্ৰশাসনৰ তৰফৰ পৰা।
এই প্ৰসংগত ইউনাইটেড ষ্টেট জিঅলজিকেল ছাৰ্ভেই জনাইছে যে এই ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল বোগোৰ উত্তৰপূৰ্বৰ পৰা ১৭ কিঃমিঃ দূৰৈত। এখন সমুদ্ৰতীৰবৰ্তী চহৰত। ইয়াত মুটামুটি ৯০ হাজাৰ মানুহে বসবাস কৰে। ই অন্য়তম জনপ্ৰিয় এক পৰ্যটন স্থল। ইয়াতেই আছিল ভূমিকম্পৰ কেন্দ্ৰস্থল। যাৰ ফলত এই অঞ্চলসহ এক বিস্তিৰ্ণ অঞ্চলজুৰি ক্ষয়ক্ষতি হৈছে। চহৰ আৰু গাওঁৰ বহু সংখ্যক ঘৰ ইতিমধ্যেই ভূমিকম্পৰ ফলত খহি পৰিছে। অসংখ্য লোকে হেৰুৱাইছে প্ৰাণ। আহত হৈছে বহুজন।
এই ভূমিকম্পত সকলোতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে বোগো অঞ্চল। ইয়াতেই ১৪ জন মানুহে প্ৰাণ হেৰুৱাইছে। ইয়াৰে পাহাৰীয়া এলেকাত ভূমিস্খলনৰ ঘটনাও ঘটিছে। যাৰ ফলত বহু ঘৰ এতিয়া মাটিৰ তলত পোত গৈছে। উদ্ধাৰকাৰী দলে ভূমিস্খলন হোৱা অঞ্চলত খৰতকীয়াকৈ চলাইছে উদ্ধাৰ অভিযান। মাটিৰ তলত বহু লোক আৱদ্ধ হোৱাৰো সন্দেহ কৰিছে উদ্ধাৰকাৰী দলে। ইফালে আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
ছেন ৰিমিজিও চহৰত বাঢ়িছে মৃতকৰ সংখ্যা
ফিলিপাইন্সৰ ছান ৰিমিজিও চহৰত বাঢ়িছে আহত আৰু মৃতকৰ সংখ্যা। ইতিমধ্যেই সেই অঞ্চলত ৬ জন মৃত বুলি জনাইছে প্ৰশাসনে। এইসকলৰ মাজত আছে ৩ জন কোষ্ট গাৰ্গ, ১জন উদ্ধাৰকাৰী আৰু ১এগৰাকী শিশু। এই চহৰৰ উপ মেয়ৰ এলফি ৰেইনেজে সহায় বিচাৰি ইতিমধ্যে চৰকাৰক আবেদন জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















