তোমাৰ ৰঙা ফোঁটটি, তোমাৰ হাঁহিটি
(শ্ৰদ্ধাৰ গায়িকা লতা মংগেশকাৰৰ সোঁৱৰণত)
তোমাৰ কপালৰ গোলাকৃতিৰ ৰঙা ফোঁটটি
হাঁহিৰে জিলিকি থকা তোমাৰ মুখখনি
তোমাৰ কণ্ঠৰ কোকিল গীতবোৰত…
তুমি থকাৰ গোন্ধ পাওঁ।
তোমাৰ গোন্ধৰ পৰশ লাগি থাকে
সেই দেশপ্ৰেমী জোৱানসকলৰ নিশাহত
এই সময় নিজক থিয় হৈ থকা সময়
তোমাৰ গীত শুনি
গুণগুণাই সময়ৰ গতি
য’ত গজালি মেলে আমাৰ জীৱনৰ শইচ৷
তোমাৰ কণ্ঠৰ কোকিল সুৰে
প্ৰচণ্ড শীতৰ সৈতে যুঁজি
উষ্ণতাৰে আকুল কৰে যুদ্ধক্ষেত্ৰ।
সকলোতে তোমাৰ চিনাকি গোন্ধ
তোমাৰ পৰিধিত থকা
অধিকাৰ নাই সকলোৰে
জানো…
তথাপি অতীত, বৰ্তমান আৰু ভবিষ্যতৰ
প্ৰজন্মৰ কণ্ঠত
সুৰ হৈ গুঞ্জিব
তুমি গোৱা গীতৰ কলি
তোমাৰ পথেৰে বাট ল’ব শ শ পথিকে
পিন্ধনত পিন্ধিব
বগা সাজ আৰু কপালত ল’ব
কাহানিও ম্লান নপৰা গোলাকৃতিৰ সেই ৰঙা ফোঁটটি।
হয়তো আকৌ জিলিকি উঠিব
তোমাৰ হাঁহি থকা মুখখনিলৈ
কপালত তিৰবিৰাব ৰঙা জোনটি।
আকৌ লতা হৈ কোকিল কণ্ঠ নিগৰাব
তুমি এৰি যোৱা আভূষণৰ দ্বাৰ
আকৌ সকলোতে তোমাৰ গোন্ধে আমোলমোলাব
সেই আৱাজ, সেই কণ্ঠৰে
পৰিচিত হ’ব নতুন লতাৰ
যাক নাম দিব ‘জুনিয়ৰ লতা’।
আকৌ তিৰবিৰাব সেই ফোঁটটি
সেই হাঁহিটি এখন নতুন মুখত
ৰেই ইচ্ছা, তাৰেই আশা বুকুতলৈ
ৰাখিছোঁ জপনা খুলি…
তোমাৰ পুনৰজনমলৈ ।
ভাৰতৰত্ন লতা মংগেশকাৰৰ সোঁৱৰণত বেবী কৌশিক ৰ কবিতা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ