বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খান চিনেমাতকৈ ব্যক্তিগত জীৱনক লৈহে বেছিকৈ সংবাদ শিৰোনামত৷ তেওঁ পূৰ্বে দুবাৰ বিয়া কৰাই দুবাৰেই বিচ্ছেদ লৈছে৷ ১৯৮৬ চনত ৰীনা দত্তৰ সৈতে প্ৰথমবাৰ বিবাহপাশত আৱদ্ধ হৈছিল আমিৰ খান৷ ৰীণা আৰু আমিৰৰ দুগৰাকী সন্তানো আছে৷ জুনায়েদ আৰু আইৰা৷ ২০০২ চনত অভিনেতা আমিৰে প্ৰথমা স্ত্ৰীৰ সৈতে বিবাহ বিচ্ছেদ লয়৷ তাৰপাছতেই তেওঁ কিৰণ ৰাওৰ সৈতে দ্বিতীয় বিবাহ কৰে৷ কিৰণ আৰু আমিৰৰ ছেৰোগেছিৰ মাধ্যমেৰে এটা সন্তান জন্ম পায়৷ পুত্ৰ সন্তানটোৰ নাম দিয়ে আজাদ৷ আমিৰ আৰু কিৰণৰ সম্পৰ্কৰ অৱনতি ঘটি অৱশেষত ২০২১ চনত দুয়ো বিচ্ছেদ লয়৷
ৰিয়া চক্ৰবৰ্তীৰ পডকাষ্টত চেপ্টাৰ-২ ত আমিৰে তেওঁৰ তৃতীয় বিবাহৰ কথা ৰাজহুৱা কৰিছে৷ আমিৰ খানৰ মতে বিয়া এক কেনভাছ আৰু এয়া নিৰ্ভৰ তৰে দুজন মানুহে তি আঁকিব৷ এক সাক্ষাৎকাৰত তেওঁক সোধা হৈছিল, তেওঁ আকৌ বিয়াত বহিব খোজে নেকি?
তেতিয়া উত্তৰত আমিৰে কয়, ‘মোৰ বয়স এতিয়া ৫৯ বছৰ৷ মোৰ মনে কয় মই আৰু বিয়া নকৰাওঁ৷ মই মোৰ পৰিয়ালৰ সৈতে সুন্দৰ মুহূৰ্ত কটাইছে৷ মোৰ সন্তান আছে আৰু মোৰ ভাইটী ভন্টীও আছে৷’ তেওঁক প্ৰশ্ন কৰা হৈছিল, ‘আমিৰ খানে পাত্ৰী বিচাৰিছে বুলি বিজ্ঞাপন দিব পাৰি নেকি?’ অভিনেতা আমিৰে এই প্ৰশ্নৰ উত্তৰত কয়, ‘এই মুহূৰ্তত নহয়৷ মোৰ ওচৰৰ মানুহবোৰ মোৰ কাষত থকাটোতেই মই সুখী৷ মই এজন ভাল মানুহ হ’বলৈ কাম কৰি আছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ