• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ অমৰ প্ৰেমকাহিনী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৰাধা-কৃষ্ণৰ প্ৰেমে?  ৰাধা প্ৰকৃততে কোন?

কেনেকৈ অমৰ প্ৰেমকাহিনী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৰাধা-কৃষ্ণৰ প্ৰেমে? ৰাধা প্ৰকৃততে কোন?

2 years ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল

30 minutes ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

59 minutes ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

2 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

2 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

4 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

4 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

5 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

6 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

14 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

15 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেনেকৈ অমৰ প্ৰেমকাহিনী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৰাধা-কৃষ্ণৰ প্ৰেমে? ৰাধা প্ৰকৃততে কোন?

কেনেকৈ অমৰ প্ৰেমকাহিনী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৰাধা-কৃষ্ণৰ প্ৰেমে? ৰাধা প্ৰকৃততে কোন?

editor by editor
August 26, 2024
in জীৱনশৈলী, লেখা
0
কেনেকৈ অমৰ প্ৰেমকাহিনী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৰাধা-কৃষ্ণৰ প্ৰেমে?  ৰাধা প্ৰকৃততে কোন?
0
SHARES
904
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাধা-কৃষ্ণৰ প্ৰেমৰ কাহিনী সৰ্বজনবিদিত। স্বামী থকা স্বত্তেও ৰাধাই কৃষ্ণৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰাখিছিল। এই সম্পৰ্কই লাভ কৰিছিল অমৰ প্ৰেমৰ সন্মান। হিন্দু লোকাচাৰে আজিও বিবাহ বহিৰ্ভূত সম্পৰ্কক মান্যতা নিদিয়ে যদিও শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মাজত থকা সম্পৰ্কক কিয় সকলোৱে মানি লৈছিল? কিয় অমৰ প্ৰেমকাহিনী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৰাধা-কৃষ্ণৰ প্ৰেমে?

ৰাধা প্ৰকৃততে কোন?

পুৰাণত উল্লেখ অনুযায়ী, কৃষ্ণ প্ৰকৃততে নাৰায়ণৰ এটা ৰূপ আৰু ৰাধা লক্ষ্মীৰ এটা ৰূপ। ৰাধা-কৃষ্ণৰ প্ৰেম মানুহৰ লগতে ভগৱানৰো চিৰকালৰ সৰ্বশ্ৰেষ্ট প্ৰেম। ৰাধাৰূপী লক্ষ্মীয়ে কৃষ্ণৰ প্ৰেয়সী হৈ মৰ্ত্যলৈ আহিছিল। কিন্তু ইমান ভালপোৱা স্বত্ত্বেও কিয় ৰাধাক বিয়া কৰোৱা নাছিল শ্ৰীকৃষ্ণই? বিভিন্ন মত অনুযায়ী ৰাধাৰ স্বামী আয়ান আছিল প্ৰকৃততে অভিমূন্যহে। গকুলৰ এখন জাকত জিলিকা গাওঁ আছিল বৃন্দাবন। সেই গাঁৱৰেই তেওঁ এজন গোৱাল। আয়ানৰ পিতৃৰ নাম আছিল গোলা আৰু মাতৃৰ নাম আছিল কুটিলা। ৰাধাৰ স্বামী আয়ান সম্পৰ্কত কৃষ্ণক লালন-পালন কৰা মাতৃ যশোদাৰ ভাতৃ। ৰাধাৰ সৈতে আয়ানৰ বিবাহৰ মূল মানুহজনেই আছিল শ্ৰীকৃষ্ণৰ পালক পিতৃ নন্দ। কালীভক্ত আয়ানে পূজা অৰ্চনাতেই সৰ্বাধিক সময় অতিবাহিত কৰিছিল। অন্য বিষয়ত তেওঁ বিশেষ আকৰ্ষণো দেখুওৱা নাছিল। বহুতেই দাবী কৰা অনুযায়ী আয়ান প্ৰকৃততে পুৰুষেই নাছিল।

কৃষ্ণৰ প্ৰেয়সী হৈয়ো ৰাধাই কিয় বিয়া হৈছিল আয়ানেৰে?

প্ৰশ্ন উত্থাপন হয়, লক্ষ্মীৰ অৱতাৰ ৰাধাই শ্ৰীকৃষ্ণৰ সৰ্বকালৰ প্ৰেয়সী হৈয়ো আয়ানৰ সৈতে বিবাহত কিয় মত দিছিল? পুৰাণত উল্লেখ থকা অনুযায়ী পূৰ্বজন্মত আয়ানে লক্ষ্মীদেৱীক পত্নীৰূপে পাবলৈ তপস্যা কৰিছিল। কিন্তু তেওঁক এই দিয়া সম্ভৱ নহ’ল। কোনোবাই বৰ বিচাৰিলে নাৰায়ণে কেতিয়াও নিৰাশ নকৰে। আয়ানে লক্ষ্মীদেৱীক পাবৰ বাবেই চৌদিশে জুই লগাই জুইৰ মাজত বহি কঠিন তপস্যাত ব্ৰতী হৈছিল। উপায়হীন হৈ নাৰায়ণে তেওঁক বৰ দিয়ে যে, পৰজন্মত তেওঁ ৰাধাৰূপী লক্ষ্মীক পত্নী হিচাপে পাব। কিন্তু পৰজন্মত আয়ানে পুৰুষ হৈ জন্মলাভ নকৰে। পুৰুষ হৈয়ো পুৰুষত্ব নাথাকিব আয়ানৰ। ৰাধাই আয়ানক বিয়া কৰালেও তেওঁলোকৰ মাজত স্বামী-স্ত্রীৰ কোনো সম্পৰ্কই নাথাকিব।

অন্য এক লোককথাত উল্লেখ থকা অনুযায়ী, এবাৰ শিশুকালত ৰাধা আৰু কৃষ্ণই খোজকাঢ়ি বৃন্দাবনলৈ গৈছিল। সেই সময়তে ক্লান্ত হৈ দুয়োৱে এজোপা বটবৃক্ষৰ তলত বহি জিৰণি লৈছিল। খেলাৰ মাজতেই দুয়োৱে বিবাহৰ সিদ্ধান্ত লৈ পেলাই। সেই বিয়াৰ সকলো নিয়ম ব্ৰহ্মাই নিজেই কৰে। এই বিবাহৰ সাক্ষী আছিল দেৱতাগণো। কৃষ্ণৰ সৈতে আগতেই বিয়া হৈ যোৱাৰ বাবে আয়ানৰ সৈতে ৰাধাৰ বিয়া বৈধ নহয়। সকলো লোককথাই কিন্তু ৰাধা-কৃষ্ণৰ প্ৰেমক বিবাহ বহিৰ্ভূত সম্পৰ্ক বুলি কোনোপধ্যেই মানি নলয়।

শ্ৰীকৃষ্ণই কিয় বিয়া নকৰালে ৰাধাক?

কৃষ্ণই ৰাধাক বিয়া কৰোৱা নাছিল। আনকি ৰাধাক বিয়াৰ সপোনো দেখা নাছিল কৃষ্ণই। ৰুক্মিণী, সত্যভমাকে আদি কৰি কেবাগৰাকী পত্নী থাকিলেও কৃষ্ণৰ কাষত কেৱল ৰাধাইহে স্থান পাই আহিছে। ৰাধা-কৃষ্ণৰ প্ৰেমক লৈয়ো আছে অনেক কাহিনী। এনে হাজাৰ-বিজাৰ কাহিনীৰ মাজতে ৰাসৰ এই বতৰত বহুতৰ মনলৈ আহিছে এটাই প্ৰশ্ন, ‘ৰাধা আৰু কৃষ্ণৰ কিয় বিয়া নহ’ল?’কৃষ্ণ আৰু ৰাধাৰ প্ৰসংগ উল্লেখ থকা কেবাখনো পুৰাণৰ মতে এবাৰ ৰাধাই কৃষ্ণক বিয়াৰ কথা কৈছিল। তেতিয়া কৃষ্ণই ৰাধাক কৈছিল, ‘বিয়া হয় দুজনৰ মাজত। কিন্তু তুমি আৰু মই এজনেই। তুমিয়েই কোৱা এই বিয়া জানো সম্ভৱ? গতিকে বিয়া কৰাবলৈ হ’লে আমি আনৰ সৈতেই বিয়াত বহিব লাগিব।’

আয়ান কোন আছিল?

কৃষ্ণৰ এই কথাৰ পিছতেই মনত কোনো বেজাৰ নাৰাখি ৰাধাই পিতৃ-মাতৃৰ কথামতে আয়ান নামৰ এজন গাখীৰৰ ব্যৱসায়ীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। আয়ানৰ দেউতাকৰ নাম আছিল গোলা, মাকৰ নাম আছিল জটিলা আৰু ভনীয়েকৰ নাম আছিল কুটিলা। কৃষ্ণৰ পালনকৰ্তা মাতৃ যশোদাৰ সম্পৰ্কীয় ভাতৃ আছিল আয়ান। কালীৰ ভক্ত আয়ানৰ সৈতে ৰাধাক বিয়া দিয়াৰ ক্ষেত্ৰত আগভাগ লৈছিল ৰাধাৰ পিতৃয়ে। অধিকাংশ লোককথা অনুযায়ী আয়ান আছিল নপুংসক। সেয়া হ’লেও বিয়াৰ পিছত কিন্তু সংসাৰৰ প্ৰতিটো দায়িত্বই নিয়াৰিকৈ পালন কৰিবলৈ চেষ্টা কৰিছিল ৰাধাই।সংসাৰৰ দায়িত্ব পালন কৰিও ৰাধা আৰু কৃষ্ণই চলাই গৈছিল প্ৰেম। জীৱনৰ বিয়লি বেলাৰ ১৪টা বছৰ একেলগে কটাইছিল ৰাধা আৰু কৃষ্ণই। একাংশ পুৰাণৰ মতে নিজৰ পৰিচয় গোপন কৰি এই সময়ছোৱাত কৃষ্ণৰ ৰাজপ্ৰসাদত সেৱিকা হিচাপে কটাইছিল ৰাধাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল
জীৱনশৈলী

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল

June 27, 2026
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ
জীৱনশৈলী

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

June 27, 2026
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা
জীৱনশৈলী

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

June 27, 2026
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!
অপৰাধ

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

June 27, 2026
Next Post
আৰক্ষীয়ে বিচাৰি ফুৰাৰ খবৰ পাওঁতে কৈছিল, ‘চাই লম!’, কেনেকৈ আৰ জি কৰ কাণ্ডটো কৰিছিল A to Z ক’লে ধৃত সঞ্জয় ৰায়ে

আৰক্ষীয়ে বিচাৰি ফুৰাৰ খবৰ পাওঁতে কৈছিল, ‘চাই লম!’, কেনেকৈ আৰ জি কৰ কাণ্ডটো কৰিছিল A to Z ক’লে ধৃত সঞ্জয় ৰায়ে

কাইলৈকে থাকিব জন্মাষ্টমীৰ প্ৰভাৱ! কৃষ্ণৰ কৃপা থাকিব এই ৫ৰাশিৰ জাতকৰ ওপৰত

কাইলৈকে থাকিব জন্মাষ্টমীৰ প্ৰভাৱ! কৃষ্ণৰ কৃপা থাকিব এই ৫ৰাশিৰ জাতকৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.