তেজপুৰৰ পৰা পংকজ কুমাৰ নাথ, অসম লাইভ ২৪ঃ‘ৰাজ্যৰ পৰা বিজেপি দলক উৎখাত কৰিব নোৱাৰিলে ৰাজ্যত খিলঞ্জীয়া সকলৰ অস্তিত্ব বিপন্ন হ’ব৷ গতিকে সেই স্বাৰ্থত ৰাজ্যৰ সমভাবাপন্ন আঞ্চলিক দলসমূহ একত্ৰিত হোৱাটো খুবেই জৰুৰী৷’- শুকুৰবাৰে তেজপুৰত এই মন্তব্য কৰিলে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই৷ সাম্প্ৰতিক সময়ত সকলো জাতীয়তাবাদী চিন্তাধাৰা আৰু সমভাবাপন্ন চিন্তাৰ সকলোবোৰ আঞ্চলিক শক্তিক একত্ৰিত কৰি আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্ণ প্ৰচেষ্টা চলাইছে আঞ্চলিক গণ মৰ্চাই। তেজপুৰত অজিত কুমাৰ ভুঞা, মনজিত্ মহন্ত , হলিৰাম টেৰাং আৰু অন্যন্য লোকসকলৰ লগতে বহুকেইজন জাতীয়তাবাদী শিবিৰৰ আঞ্চলিকতাবাদী ধ্যান-ধাৰণা আৰু চিন্তা চৰ্চাৰে পুষ্ট আঞ্চলিক মৰ্চাৰ গঠন আৰু কৰ্মসূচীৰ সন্দৰ্ভত মত বিনিময়ৰ এক অনুষ্ঠানত অংশ লয় ৷ ‘২১ৰ নিৰ্বাচনত গণ মৰ্চাই কি স্থিতি গ্ৰহণ কৰিব সেই সম্পৰ্কতো বিশদ আলোচনা কৰে। ইফালে, অগপৰ বহু জ্যেষ্ঠ কৰ্মী দলটোৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি আঞ্চলিক মৰ্চাত চামিল হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি সাংসদ ভূঞাই জানিবলৈ দিয়ে। আনহাতে নতুন ৰাজনৈতিক দল গঠনৰ বাবে আছুৰ পৰিকল্পনাৰ বিষয়তো মন্তব্য কৰে সাংসদগৰাকীয়ে। ভূঞাই কয়-‘ সকলো CAA বিৰোধী শক্তি একত্ৰিত কৰি মৰ্চা শক্তি গঠনৰ বাবে প্ৰথমে আছুকেই আমন্ত্ৰণ জনোৱা হৈছিল।‘ এইক্ষেত্ৰত আছুৰ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও ছাত্ৰ সংগঠনটোৱে আশানুৰূপভাৱে সঁহাৰি নিদিয়া বুলি প্ৰকাশ কৰে গণ মৰ্চাৰ মুখ্য আহ্বায়কগৰাকীয়ে। ক’ৰোনা মহামাৰীৰ গইনা লৈ চৰকাৰে নাটক আৰু ব্যাপক কেলেংকাৰী সংঘটিত হোৱা বুলিও অভিযোগ আনে সাংসদ অজিত কুমাৰ ভূঞাই। এইক্ষেত্ৰত ভূঞাই উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ