সমস্ত জল্পনাৰ ইতি পৰিল বৃহস্পতিবাৰে৷ একেলগে আকৌ দেখা গ’ল ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনক৷ ধীৰুভাই আম্বানী আন্তৰ্জাতিক স্কুলৰ বাৰ্ষিক অনুষ্ঠান আছিল৷ তাতেই ভিৰ দেখা গৈছিল তাৰকাৰ৷ আৰাধ্যা বচ্চনেও এই দিনটোত মঞ্চত অভিনয় কৰিছিল৷ আৰাধ্যা বচ্চনৰ অভিনয়ে নজৰ কাঢ়িছিল সকলোৰে৷ অনুষ্ঠান চাবলৈ ঐশ্বৰ্য আৰু অভিষেকো উপস্থিত হৈছিল সেই স্থানত৷ দুয়ো দৰ্শকাসনত একেলগে বহি থকাও দেখা গৈছিল৷
প্ৰায় এবছৰ ধৰি জল্পনা চলিছিল যে বিচ্ছেদৰ পথত আগবাঢ়িছে অভিষেক আৰু ঐশ্বৰ্য৷ বিশেষকৈ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়ালৈ একেলগে প্ৰৱেশ নকৰাক লৈ এই জল্পনা আৰম্ভ হৈছিল৷ তাৰপাছতেই একেলগে দেখা যোৱা যোৱা নাছিল বচ্চন দম্পত্তিক৷
আৰাধ্যৰ জন্মদিন অৱশ্যে দুয়োৱে একেলগেই উদযাপনো কৰিছিল দুয়োৱে৷ চৰ্চা চলি থকাৰ বহু দিন পাছত আকৌ এবাৰ একেলগে দেখা গৈছে অভিষেক ঐশ্বৰ্যক৷ দুয়োকে একেলগে দেখাৰ পাছতেই নেটনাগৰিকৰ প্ৰশ্ন কিয় ইমান দিন বিচ্ছেদৰ কথাবোৰ চলি আছিল? এয়া অভিষেকৰ ‘আই ৱাণ্ট টু টক’ৰ প্ৰচাৰ বুলিও বহুতে দাবী কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ