পুনৰ অভিষেক শৰ্মাৰ ৰেকৰ্ড, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অবিশ্বাস্য ৰেংকিং
ইংলেণ্ডৰ বিৰুদ্ধে যোৱা টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক শৰ্মাৰ বেটৰ পৰা আহে ৰানৰ পাহাৰ। যুৱ খেলুৱৈ গৰাকীৰ প্ৰদৰ্শন ইমানেই ভাল আছিল যে, একেখন খেলতে গঢ়িছিল কেইবাটাও ৰেকৰ্ড। সেই অভিষেক শৰ্মাই এইবাৰ গঢ়িছে আন এক ৰেকৰ্ড।
ইণ্টাৰনেশ্যনেল ক্ৰিকেট সন্থা (আইচিচিয়ে) প্ৰকাশ কৰা নতুন টি-২০ ৰেংকিঙত এইবাৰ আন এক অভিলেখ ৰচিছে অভিষেক শৰ্মাই। পূৰ্বতকৈ বহু কেইটা স্থান আগুৱাই একেবাৰতে উন্নীত হৈছে দ্বিতীয় স্থানলৈ।
এইবাৰ আইচিচিয়ে প্ৰকাশ কৰা নতুন টি-২০ ৰেংকিঙত বৃহৎ আৰোহণ অভিষেক শৰ্মাৰ। অভিষেকে ৩৮টা স্থান আগুৱাই দ্বিতীয় নম্বৰ স্থান লাভ কৰিছে। এয়া অভিষেক শৰ্মাৰ সৰ্বকালৰ উচ্চ ৰেংকিং।
দৰাচলতে তেওঁ প্ৰথমবাৰৰ বাবে শীৰ্ষ দহৰ ভিতৰত প্ৰৱেশ কৰাৰ লগতে অভিষেকে একেবাৰে দ্বিতীয় স্থানো লাভ কৰিছে। অৱশ্যে ট্ৰেভিছ হেডে এতিয়াও শীৰ্ষস্থান দখল কৰি আছে। বৰ্তমান হেডৰ ৰেটিং হৈছে ৮৫৫। তাৰ বিপৰীতে অভিষেক শৰ্মা ৮২৯ ৰেটিঙেৰে দ্বিতীয় স্থানত উপনীত হৈছে।
বৰ্তমান আইচিচি টি-২০ ৰেংকিঙত ভাৰতৰ তিলক ভাৰ্মাই এটা স্থান হেৰুৱাই ৩ নম্বৰ স্থানলৈ অৱনমিত হৈছে। তিলকৰ ৰেটিং হৈছে ৮০৩। শীৰ্ষ৫ ৰ ভিতৰত থকা আন এগৰাকী ভাৰতীয় হৈছে সূৰ্য্যকুমাৰ যাদৱ। পূৰ্ৱতকৈ এটা স্থান পিছুৱাই ৭৩৮ ৰেটিঙেৰে ৫ নম্বৰত আছে। বৰ্তমানে মুঠ ৩ গৰাকী খেলুৱৈ আছে শীৰ্ষ ৫ৰ ভিতৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ