এইবাৰৰ হোলী অতিকে বিশেষ, হোলীত হ’ব বছৰৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ
প্ৰতি বছৰে ফাগুন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিত ৰঙৰ উৎসৱ হোলী উদযাপন কৰা হয়। এইবাৰ ১৪ মাৰ্চত পৰিছে হোলী উৎসৱ। কিন্তু এইবাৰ হোলীৰ ওপৰত চন্দ্ৰগ্ৰহণৰ ছাঁ পৰিছে। এইটো হ’ব বছৰৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ।
ভাৰতীয় সময় অনুসৰি পুৱা ৯:২৭ বজাৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ। পুৱা ১০:৩৯ বজাৰ ভিতৰত ই আংশিক হৈ পৰিব আৰু ১১:৫৬ বজাৰ ভিতৰত পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ হিচাপে শেষ হ’ব।
পাছে বছৰৰ এই প্ৰথমটো চন্দ্ৰ গ্ৰহণ ভাৰতৰ পৰা দেখা নাযায়ব, যাৰ বাবে সুতক যুগ বৈধ নহ’ব আৰু জ্যোতিষ শাস্ত্ৰ মতে সহজে ৰঙৰ উৎসৱ উদযাপন কৰিব পাৰিব।
বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ দেখা যাব- দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, এছিয়াৰ কিছু অংশ, দক্ষিণ উত্তৰ মেৰু, অষ্ট্ৰেলিয়া, আটলাণ্টিক মহাসাগৰ আৰু ইউৰোপত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ