মা গংগাৰ আশীৰ্বাদ পাই শান্তি আৰু সন্তুষ্টি পালোঁ – মহাকুম্ভত স্নানৰ পিছত প্ৰধানমন্ত্ৰী মোদী
আজি ৫ ফেব্ৰুৱাৰী বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিবেণী সংগমত পূণ্যস্নান কৰে। স্নান কৰি তেখেতে কয় যে “মা গংগাৰ আশীৰ্বাদ লাভ কৰি অপৰিসীম শান্তি আৰু সন্তুষ্টি অনুভৱ কৰিছো”। লগতে ৰুদ্ৰাক্ষৰ মালাৰে জপ কৰে। স্নানৰ সময়ত মোদীয়ে ৰুদ্ৰাক্ষৰ মালাও পৰিধান কৰি আছিল।
স্নানৰ পূৰ্বে মোদীয়ে গংগাক গাখীৰেৰে অভিষেক কৰি ফুল চাকিৰে পূজা আগবঢ়াই আৰতি কৰে। ইয়াৰ পিছত পূজাৰীসকলে প্ৰধানমন্ত্ৰীৰ কপালত চন্দনৰ তিলক লগায়। সংগমত স্নান কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰে।
পাছত ক’লা জেকেট, কেশৰীয়া ৰঙৰ শ্বল আৰু হিমাচলী টুপী পৰিধান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বৈদিক মন্ত্ৰ আৰু শ্লোক উচ্চাৰণৰ মাজতে ত্ৰিবেণী সংগমত শস্য, প্ৰসাদ, ফুল, ফল আৰু ৰঙা চুন্নী আগবঢ়ায়। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে তিনিখন নদীৰ সংগমস্থলীত আৰতি কৰে।
এক্স হেণ্ডেলত মোদীয়ে পোষ্ট শ্বেয়াৰ কৰি লিখিছে- “আজি প্ৰয়াগৰাজ মহাকুম্ভত পবিত্ৰ সংগমত স্নান কৰাৰ লগতে প্ৰাৰ্থনা কৰাৰ মহৎ সৌভাগ্য হ’ল।” মা গংগাৰ আশীৰ্বাদ লাভ কৰি মনটোৱে অপৰিসীম শান্তি আৰু সন্তুষ্টি লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ