দিল্লীত এইবাৰ হ্ৰাস পাব নেকি ভোটদানৰ সংখ্যা, ৫ বজালৈ কেৱল ৫৭.৭০ শতাংশ
দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কটকটীয়া নিৰাপত্তাৰ মাজত ভোটদান চলি আছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদানত সন্ধিয়া ৫ বজালৈ ৫৭.৭০ শতাংশতকৈ অধিক ভোটদানৰ বাতৰি পোৱা গৈছে।
এই নিৰ্বাচনত ১.৫৬ কোটিৰো অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে তালিকা প্ৰকাশ পাইছিল। দিল্লীৰ ৭০টা বিধানসভা সমষ্টিৰ ১৩,৭৬৬টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে। য’ত সকলো দলৰে মুঠ ৬৯৯ গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় হব।
পুৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ভোটদান আৰু সন্ধিয়া ছয় বজালৈকে চলিব। পাছে ৫ বজাৰ প্ৰকাশিত তত্য অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ আৰু অধিক হ্ৰাস পাব নেকি ভোটদানৰ সংখ্যা।
২০২০ চনৰ বিধানসভা নিৰ্বাচনত দিল্লীত মুঠ ৬২.৮২ শতাংশ ভোটদান সম্পন্ন হৈছিল, পাছে এইবাৰ ৫ বজালৈ মাথো ৫৭ .৭০ শতাংশ । অৱশ্যে এতিয়াও ভোটকেন্দ্ৰত ভোটাৰৰ দীঘল লাইন দেখা পোৱা গৈছে, যাৰ বাবে ভোটদানৰ সংখ্যা কিছু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। কিন্তু সমিক্ষাত প্ৰকাশ কৰা অনুসৰি এইবাৰ ২০২০ চনৰ তুলনাত ভোটদানৰ সংখ্যা বৃদ্ধি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ