আজিহে পোহৰলৈ, প্ৰেমিকাক সৰস্বতী পূজা দেখুৱাম বুলি গুৱাহাটীলৈ আনি নেকিবুৰৰ…
৩ ফেব্ৰুৱাৰীৰ ঘটনা। ৰাজ্যৰ সকলো ফালে সৰস্বতী পূজাৰ ব্যস্ততা। তাৰে মাজতে নলবাৰীৰ দুই প্ৰেমিক-প্ৰেমিকাৰ ঘটনাই তোলপাৰ লগাই দিয়ে। পাছে এইবাৰ পোহৰলৈ আহিছে আন এক ঘটনা। এইবাৰ স্থান গুৱাহাটী।
সৰস্বতী পূজা দেখুৱাম বুলি গুৱাহাটীলৈ প্ৰেমিকাক লৈ আনি হোটেলত ধৰ্ষণকাণ্ড সংঘটিত কৰে নেকিবুৰে। প্ৰেম কৰি সৰস্বতী পূজাৰ দিনা কাণ্ড কৰি বৰ্তমানে লক আপত সোমাল নেকিবুৰ পাঠানি।
পূজা দেখুৱাবলৈ আনি প্ৰেমিকাক ধৰ্ষণৰ অভিযোগ নেকিবুৰ পাঠানিৰ বিৰুদ্ধে। পূজাৰ দিনাই হোটেলৰ কোঠাত প্ৰেমিকাক ধৰ্ষণৰ অভিযোগ।
ভগদত্তপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নেকিবুৰ পাঠানিক। ভুক্তভোগী ছাত্ৰী গৰাকীৰ পৰিয়ালৰ অভিযোগত দক্ষিণগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে পাঠানিক।
বৰ্তমানে দিছপুৰ থানাত অভিযুক্ত পাঠানিক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ