চেম্পিয়নছ ট্ৰফী- ভাৰতীয় দলৰ লগতে এইবাৰ এইগৰাকী আম্পায়াৰেও নাকচ কৰিলে পাকিস্তান যাত্ৰা
১৯ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত হবলৈ গৈ আছে এইবাৰৰ চেম্পিয়নছ ট্ৰফী। বহু নিমিলা অংকৰ সমাপন কৰি অৱশেষত পাকিস্তানে হাইব্ৰিড মডেলত খেল অনুষ্ঠিত কৰিবলৈ মান্তি হয়। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত হব খেল।
কাৰণ নিৰাপত্তাজনিত কাৰণত ভাৰত চৰকাৰে টিম ইণ্ডিয়াক পাকিস্তানলৈ যাবলৈ অনুমতি দিয়া নাছিল। যাৰ বাবেই আই চি চি য়ে পাকিস্তানৰ আগত দাঙি ধৰিছিল হাইব্ৰিড মডেল। সেই হাইব্ৰিড পদ্ধতিৰ বাবেই এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ ভাৰতীয় দলৰ খেল কেইখন ডুবাইত অনুষ্ঠিত হব।
পাছে এইবাৰ ভাৰতীয় দলৰ পাছত ভাৰতীয় আম্পায়াৰ এগৰাকীয়ে নাকচ কৰিছে পাকিস্তান যাত্ৰা। আম্পায়াৰ নীতিন মেননে স্পষ্টভাৱে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছে। অৱশ্যে পিটিআইয়ে বিচিচিআইৰ সূত্ৰৰ সৈতে হোৱা কথা-বতৰাত ব্যক্তিগত কাৰণত নীতিন মেননে পাকিস্তানলৈ নাযাব বুলি প্ৰকাশ কৰে।
এইবাৰৰ চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰা সকলো ৮ টা দলকে মুঠ ২ টা গ্ৰুপত ভাগ কৰা হৈছে।
গ্ৰুপ এ – পাকিস্তান, ভাৰত, নিউজিলেণ্ড, বাংলাদেশ
গ্ৰুপ বি – দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান, ইংলেণ্ড
১৯ ফেব্ৰুৱাৰীৰ পৰা খেল আৰম্ভ হলেও অহা ২০ ফেব্ৰুৱাৰীৰ পৰা বাংলাদেশৰ বিৰুদ্ধে মেগা ইভেণ্টত ভাৰতীয় দলটোৱে অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছত ২৩ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব হাইভল্টেজ খেল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ