২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, ক’ত, কি কাৰ্যসূচী প্ৰধানমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচী লৈ অসম তথা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত বহু কেইটা অনুষ্ঠানত অংশ লব প্ৰধানমন্ত্ৰীয়ে।
২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । সন্ধিয়া ৫ বজাত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী ।
প্ৰকাশ কৰা হ’ল প্ৰধানমন্ত্ৰী মোদীৰ সময়সূচী। ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখৰ অনুষ্ঠানত ভাগ ল’ব মোদীয়ে। এই অনুষ্ঠানত ৭৫০০ গৰাকী ঝুমুৰ শিল্পীয়ে একেলগে চাহ জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য ঝুমুৰ পৰিৱেশন কৰিব।
২৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব ADVANTAGE ASSAM সন্মিলন। এডভাণ্টেজ আছাম ২.0ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মোদী। ১১.৩০ বজাৰ পৰা ১.৩০ বজালৈ উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আহিব অসমলৈ। প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যসূচীৰ বিষয়ে সাংবাদিকক জনালে মুখ্যমন্ত্ৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ