বৃষ ৰাশি
আজি শ্ৰীবিষ্ণুৰ আশীৰ্বাদত সকলো কামতে সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ আজি আপোনাৰ দাম্পত্য জীৱনত আনন্দ আৰু প্ৰেম থাকিব৷ দীৰ্ঘদিন ধৰি পৰি থকা কোনো কাম আজি আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ নতুন কামত হাত দিলে শুভ ফল পাব বৃষ ৰাশিৰ জাতকে৷ আজি আপুনি সকলো কামতেই সাফল্য পাব পাৰে৷ শহুৰৰ ঘৰত কিবা সমস্যা থাকিলে আজি দূৰ হ’ব৷
কৰ্কট ৰাশি
৬ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে গৌৰী যোগৰ প্ৰভাৱত মনৰ সকলো ইচ্ছা পূৰণ হ’ব কৰ্কট ৰাশিত জাতকৰ৷ আজি আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ যিসকলে বিদেশত ব্যৱসায় কৰি আছে তেওঁলোকে আজি ভাল লাভ কৰাৰ সুযোগ পাব৷ ভায়েক ভনীয়েকৰ মাজত থকা বিবাদ কাইলৈ দূৰ হ’ব৷ প্ৰেম জীৱনত সুখ আৰু ৰোমান্স থাকিব কৰ্কট ৰাশিৰ জাতকৰ৷ অফিচত অনুকূল পৰিবেশ থাকিব৷
কন্যা ৰাশি
কৃত্তিকা নক্ষত্ৰৰ শুভ প্ৰভাৱত লাভৱান হ’ব কন্যা ৰাশিৰ জাতক৷ নাৰায়ণৰ কৃপাত আজি জীৱনৰ সকলো সমস্যা দূৰ হৈ শান্তি উভতি আহিব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ আজি নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে আপুনি৷ সহকৰ্মীৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব কন্যাৰ জাতকৰ৷ ব্যৱসায়তো অতিৰিক্ত লাভ কৰিব পাৰে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হ’ব৷
বৃশ্চিক ৰাশি
আজি শুক্লা নৱমীত ব্ৰহ্মা যোগৰ সুফল লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ত আজি আগ্ৰহ বাঢ়িব আপোনাৰ৷ কেৰিয়াৰত বৃহৎ সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে৷ যিসকলে ব্যৱসায় কৰিছে তেওঁলোক লাভৱান হ’ব৷ আপুনি যি কামতেই হাত দিব তাতেই কাংক্ষিত সাফল্য লাভ কৰিব৷ বৃশ্চিক ৰাশিৰ জাতকে আজি বিদেশ যাত্ৰাৰ কথা ভাৱিলে সফল হ’ব৷
মকৰ ৰাশি
আজি বৃহস্পতিবাৰে ৰোহিনী নক্ষত্ৰৰ শুভ প্ৰভাৱ লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ আজি ইন্দ্ৰ যোগৰ প্ৰভাৱত আপোনাৰ দীৰ্ঘদিনৰ কাম সম্পূৰ্ণ হ’ব৷ আজি আপোনাৰ মনত সাহস আৰু আত্মবিশ্বাস পূৰ্ণ থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকেও আজি চাকৰি সংক্ৰান্তিয় সুখবৰ পাব৷ ব্যৱসায়ীসকলে আজি বৃহৎ কোনো চুক্তিত ছহী কৰিব৷ সমাজত সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব মকৰৰ জাতকৰ৷