মানৱ প্ৰজননৰ বাবে নাৰী আৰু পুৰুষ উভয়ৰেই অংশীদাৰিত্ব অপৰিহাৰ্য৷ গৰ্ভধাৰণ তেতিয়াহে হয় যেতিয়া এজন পুৰুষৰ শুক্ৰাণু আৰু নাৰীদেহৰ ডিম্বানুৰ নিষেচন হয়৷ ইয়াৰ পাছতহে ভ্ৰুণৰ বিকাশ হয়৷ কেৱল মানুহেই নহয় সৃষ্টিৰ আদিলগ্নৰ পৰা জীৱ জগতৰ প্ৰায় সকলো প্ৰাণীৰ বংশবিস্তাৰ এনেকৈয়ে হৈ আহিছে৷ কিন্তু এই পদ্ধতিতেই ডাঙৰ পৰিবৰ্তন আহিব আগন্তুক এক দশকত৷ এই দাবী কৰিছে ব্ৰিটেইনৰ এদল বিজ্ঞানীয়ে৷
ব্ৰিটেইনৰ ‘হিউমেন ফাৰ্টিলাইজেছন এণ্ড এমব্ৰায়োলজি অথৰিটি’ৰ এক প্ৰতিবেদনত জনোৱা হৈছে যে বিজ্ঞানীৰ গৱেষণাগাৰত কৃত্ৰিমভাৱে ডিম্বানু আৰু শুক্ৰাণু তৈয়াৰৰ পৰীক্ষা চলি আছে৷ এনে এক প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে য’ত পুৰুষ আৰু মহিলা অবিহনেই জন্ম হ’ব শিশুৰ৷
বিজ্ঞানৰ ভাষাত এই প্ৰক্ৰিয়াটোক কোৱা হৈছে ইন ভিট্ৰো গেমেটোজেনেচিছ বা আই ভি জি৷ এই পদ্ধতিত মানৱ ছাল কিংবা ষ্টেম ছেলৰ পৰা কোষ সংগ্ৰহ কৰা হয়৷ তাৰপৰাই তৈয়াৰ কৰা হয় শুক্ৰাণু আৰু ডিম্বানুৰ৷ বিজ্ঞানীৰ দাবী, পৰীক্ষামূলক পৰ্যায়ত থাকিলেও এয়া আগন্তুক এক দশকৰ ভিতৰত সম্পূৰ্ণ ব্যৱহাৰযোগ্য হৈ উঠিব৷
এই প্ৰক্ৰিয়াই প্ৰজননৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিবৰ্তন আনিব পাৰে বুলি দাবী বিজ্ঞানীৰ৷ প্ৰক্ৰিয়াটো সফল হলে বয়স নিৰ্বিশেষে প্ৰাকৃতিক শুক্ৰাণু আৰু ডিম্বানু অবিহনেই সন্তানধাৰণ সম্ভৱ হ’ব৷ বিশেষকৈ যিসকলে দীৰ্ঘদিন ধৰি চেষ্টা কৰিও পিতৃ মাতৃ হ’ব পৰা নাই তেওঁলোকৰ বাবে অতি উপকাৰী হৈ উঠিব এই পদ্ধতি৷ ইয়াৰোপৰি সমকামী দম্পতিসকলেও সন্তান সুখ লাভ কৰিবলৈ সক্ষম হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ