আমেৰিকাৰ পৰা বিতাৰিত ১০৪ ভাৰতীয়ৰ অধিকাংশ হাৰিয়ানা-গুজৰাটৰ, তেন্তে বিমান অমৃতসৰত কিয় নামিল
আমেৰিকাৰ পৰা বিতাৰিত ১০৪ গৰাকী ভাৰতীয় লোক লৈ আমেৰিকাৰ সেনাৰ বিমান আজি ৫ ফেব্ৰুৱাৰী তাৰিখে দুপৰীয়া অমৃতসৰত অৱতৰণ কৰে। অমৃতসৰৰ শ্ৰী গুৰু ৰামদাস আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে। প্ৰকাশিত তথ্য অনুসৰি আমেৰিকাৰ পৰা বিতাৰিত এই ১০৪ ভাৰতীয় মুঠ ৬ ৰাজ্যৰ।
এই ৬ ৰাজ্যৰ ভিতৰত সৰ্বাধিক লোক হাৰিয়ানাৰ। হাৰিয়ানাৰ মুঠ ৩৪ গৰাকী লোক বিতাৰিত হৈ আহিছে। ইয়াৰ পাছতে আছে গুজৰাটৰ নাম। বিতাৰিত হোৱা গুজৰাটৰ মুঠ লোক ৩৩ গৰাকী।
তৃতীয়ত ৩০ গৰাকী বিতাৰিত লোকে সৈতে পাঞ্জাৱ। ইয়াৰ উপৰি মহাৰাষ্ট্ৰৰ ৩ জন, উত্তৰ প্ৰদেশৰ ২ জন আৰু চণ্ডীগড়ৰ ২ জন লোক এই তালিকাত।
পঞ্জাৱৰ ৩০ জন লোকৰ ভিতৰত বিভিন্ন জিলাৰ নাগৰিক। ইয়াৰে সৰ্বাধি কাপুৰথালাৰ, কেৱল ৫ জন লোক হে অমৃতসৰৰ। তেন্তে কিয় অন্য ঠাইৰ সলনি অমৃতসৰত অৱতৰণ কৰিলে আমেৰিকা সেনাৰ বিমান।
অমৃতসৰত বিমান অৱতৰণ কৰাৰ অন্যতম কাৰণ হিচাপে প্ৰকাশ পাইছে দিল্লী নিৰ্বাচন। দিল্লীত আজি বিধানসভা নিৰ্বাচন হৈ থকা বাবে দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিমানখনে অৱতৰণ নকৰে। লগতে যদি তাত অৱতৰণ কৰিল হেতেন তেন্তে নিৰ্বাচনত প্ৰভাৱ পৰিল হেতেন।
ইয়াৰ উপৰি দিল্লীৰ এয়াৰ ট্ৰেফিক অন্যৰ তুলনাত অধিক। সেয়ে দিল্লীৰ নিকট অমৃতসৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰতে ভাৰতীয় মন্ত্ৰালয়ে আমেৰিকাৰ পৰা বিতাৰিত হোৱা ভাৰতীয়ৰ বিমান অৱতৰণৰ বাবে অনুমতি দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ