গুৱাহাটীৰ ACA ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল আয়োজন হয়। ৩০ মাৰ্চ, ৭ এপ্ৰিল আৰু ১০ এপ্ৰিলত ৩ খনকৈ মেচ অনুষ্ঠিত হৈছিল বৰ্ষাপাৰা ষ্টেডিয়ামত। অসম ক্ৰিকেট সন্থাৰ গ্ৰাউণ্ড ষ্টাফৰ চেষ্টাই খেল অনুষ্ঠিত কৰাত সহায় কৰিছে। তাৰেই পৰিপ্ৰেক্ষিতত আজি সংশ্লিষ্ট গ্ৰাউণ্ড ষ্টাফলৈ ২৫ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ কথা ঘোষণা কৰিছে ।

প্ৰত্যাহ্বানমূলক বতৰৰ পৰিস্থিতিত কাম কৰি কিউৰেটৰ আৰু গ্ৰাউণ্ডমেনে পিটচসমূহ উচ্চতম মানদণ্ডত প্ৰস্তুত আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিছিল। মেচসমূহৰ সুকলম সমাপনৰ পথত তেওঁলোকৰ প্ৰচেষ্টা আছিল অন্যতম কেন্দ্ৰবিন্দু। তেনেদৰেই ৰাষ্ট্ৰীয় মঞ্চত এই স্থানৰ ক্ৰমবৰ্ধমান সুনাম বজাই ৰখাত ই সহায় কৰিছিল। তেওঁলোকৰ অৱদানৰ এক স্বীকৃতি স্বৰূপে সন্থাই কিউৰেটৰ আৰু গ্ৰাউণ্ড মেনৰ বাবে ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক সনাতন দাসে সমগ্ৰ দলটোৰ পেছাদাৰিত্ব আৰু দায়বদ্ধতাক প্ৰশংসা কৰি মেচসমূহৰ নিৰৱচ্ছিন্ন আয়োজনত তেওঁলোকৰ নিষ্ঠাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁলোকে লগতে উল্লেখ কৰে যে গ্ৰাউণ্ড ষ্টাফসকলৰ কাম কেতিয়াবা বহুতৰ চকুত নপৰে যদিও, তেওঁলোকৰ ভূমিকা সদয় উল্লেখযোগ্য। অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত প্ৰকাশ কৰে এই কথা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















