নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

চুলি সৰা, চুলি পাতল হৈ যোৱা বা খুব ধীৰে ধীৰে চুলি বঢ়াটো আজিকালি প্ৰায়সকলৰেই এক প্ৰধান সমস্যা হৈ পৰিছে৷ বহুতেই চেম্পু, তেল বা হেয়াৰ ট্ৰিটমেণ্ট সলনি কৰে, কিন্তু তেনে কোনো লাভ নহয়৷ কাৰণ বহু সময়ত চুলিৰ সমস্যাৰ প্ৰকৃত কাৰণ হব পাৰে শৰীৰত ভিটামিনৰ ঘাটি৷ চুলি ভালে ৰাখিবলৈ সঠিক খাদ্যৰো বৃহৎ ভূমিকা আছে৷ বিশেষকৈ শৰীৰত প্ৰয়োজনীয় পাঁচটা ভিটামিনৰ অভাৱ হ’লে চুলিৰ বৃদ্ধি ব্যাহত হয়৷ জানি থওক এই ৫ ভিটামিন কি কি?

১. ভিটামিন এঃ ভিটামিন এ স্কেল্পক আৰ্দ্ৰ ৰাখে আৰু চুলিৰ গুৰি সুস্থ ৰখাত সহায় কৰে৷ ই স্কেল্পক প্ৰাকৃতিক তেল তৈয়াৰ কৰাত সহায় কৰে ফলত চুলি শুষ্ক হৈ নপৰে৷ ভিটামিন এ কম হলেই চুলি শুকান ৰুক্ষ হৈ পৰে৷ চুলিৰ আগ ফাটিবলৈ ধৰে আৰু চুলিও সৰে৷ শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিবলৈ গাজৰ, কোমোৰা, মিঠা আলু, পালেং শাক, ব্ৰকলি, অমিতা, কণীৰ কুহুম খাওক৷

২. ভিটামিন বি৭(বায়োটিন)- বায়োটিন চুলিৰ বাবে সকলোতকৈ প্ৰয়োজনীয় ভিটামিন৷ ইয়াৰ অভাৱত চুলি দুৰ্বল হয়, পাতল হয় আৰু সহজেই ভাঙি যায়৷ বহু সময়ত নখ ভাঙি যোৱাও বায়োটিন ঘাটিৰেই লক্ষণ৷ ইয়া ঘাটি পুৰাবলৈ আপুনি কণী, গাখীৰ, বাদাম, কাজু, চিনাবাদাম, ওটছ, কল, মাছৰুম, এভকাডো খাওক৷

৩. ভিটামিন চিঃ ভিটামিন চিয়ে শৰীৰত আয়ৰণ শোষণত সহায় কৰে৷ যি চুলিৰ বৃদ্ধিৰ বাবে ভীষণ জৰুৰী৷ ইয়াৰোপৰি ই কোলাজেন তৈয়াৰ কৰি চুলিৰ গুৰি টান কৰে৷ চুলি গজাতো সহায় কৰে৷ ভিটামিন চি কম হলে চুলি দুৰ্বল হৈ পৰে৷ আমলখি, কমলা, নেমু, বিলাহী, কেপছিকাম, মধুৰিআম খাওক৷

৪. ভিটামিন ডিঃ ভিটামিন ডিয়ে চুলি গজাত সহায় কৰে৷ ইয়াৰ অভাৱত চুলি কমকৈ গজে আৰু বহু সময়ত অতিৰিক্ত চুলি সৰে৷ যিসকলে ৰ’দত কমকৈ বাহিৰলৈ ওলায় তেওঁলোকৰেই এই ঘাটি বেছি হয়৷ এই ভিটামিনৰ ঘাটি দূৰ কৰিবলৈ কণী, গাখীৰ, দৈ, মাছ, মাছৰুম খাব পাৰে৷ ইয়াৰ সৈতে প্ৰতিদিনে কিছু পৰিমাণে সূৰ্যৰ পোহৰ লোৱাটোও খুবেই জৰুৰী৷

 ৫. ভিটামিন বি৯ঃ ফলিক এছিড নতুন কোষ তৈয়াৰত সহায় কৰে৷ ইয়াৰ অভাৱত চুলিৰ বৃদ্ধি কমি যায় আৰু চুলি প্ৰাণহীন হৈ পৰে৷ পালেং শাক, বিট, মুছুৰ দাইল, কমলা, বাদাম, ব্ৰাউন ৰাইছ খোৱাটো জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *