• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

1 minute ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

38 minutes ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

59 minutes ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

2 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

3 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

3 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

3 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

5 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

5 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

6 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

6 hours ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

আৰতি মাহাতোৰ সফলতাৰ কাহিনী

editor by editor
October 11, 2026
in বিবিধ, ভাৰত, লেখা, শিক্ষা
0
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনত সফলতা লাভ কৰিবলৈ হ’লে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও হাৰ মানিব নালাগে। দৃঢ় ইচ্ছাশক্তি, কঠোৰ পৰিশ্ৰম আৰু পৰিয়ালৰ ত্যাগে যে মানুহক সফলতাৰ শিখৰলৈ লৈ যাব পাৰে, তাৰ এক সুন্দৰ উদাহৰণ হৈছে আৰতি মহতো নামৰ যুৱতীগৰাকী। আৰ্থিক অভাৱৰ মাজতো পঢ়া-শুনা অব্যাহত ৰাখি অৱশেষত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ সফলতাৰ কাহিনীত আটাইতকৈ বিশেষ কথাটো হ’ল, যিখন প্ৰতিষ্ঠানত আৰতিৰ মাতৃয়ে দীৰ্ঘদিন ধৰি চাফাই কৰ্মী হিচাপে কাম কৰি আহিছে, সেই একেখন প্ৰতিষ্ঠানৰ পৰাই আৰতিয়ে অভিযান্ত্ৰিক বিষয়ত পি এইচ ডি সম্পূৰ্ণ কৰিছে। এই ঘটনা ঝাৰখণ্ডৰ।

ঝাৰখণ্ডৰ ৰাঁচী জিলাৰ অংগাদা ব্লকৰ তুৰুপ গাঁৱৰ বাসিন্দা আৰতি মহতো। তেওঁ ৰাঁচীৰ BIT মেছৰা (Birla Institute of Technology, Mesra)ৰ পৰা বি টেক আৰু এম টেক সম্পূৰ্ণ কৰাৰ পিছত একেখন প্ৰতিষ্ঠানৰ পৰাই পি এইচ ডি ডিগ্ৰী লাভ কৰে। কিন্তু এই সফলতাৰ আঁৰত আছে বহু বছৰীয়া সংগ্ৰাম, মাতৃৰ অসীম ত্যাগ আৰু শিক্ষাৰ প্ৰতি আৰতিৰ একাগ্ৰতা।

আৰতিৰ সফলতাৰ আঁৰত তেওঁৰ মাতৃ ৰাণু দেৱীৰ অৱদান আটাইতকৈ বেছি। প্ৰায় ২৬ বছৰ ধৰি ৰাণু দেৱীয়ে বিআইটি মেছৰাত চাফাই কৰ্মী হিচাপে কাম কৰি আহিছে। আৰতিৰ ভাষ্য অনুসৰি, তেওঁৰ মাতৃ আনুষ্ঠানিকভাৱে শিক্ষিত নহয়। স্বামীৰ মৃত্যুৰ পিছত পৰিয়ালটোক পোহপাল দিবলৈ তেওঁ স্বামীৰ কৰ্মস্থলীত কাম কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত ৰাণু দেৱীৰ উপাৰ্জন যথেষ্ট কম আছিল। কিন্তু সীমিত উপাৰ্জনেৰে সন্তানকেইটাক ডাঙৰ-দীঘল কৰাৰ লগতে তেওঁলোকৰ পঢ়া-শুনাৰ খৰচ বহন কৰাটো সহজ নাছিল। তথাপি তেওঁ হাৰ নামানিলে। নিজৰ কষ্ট আৰু প্ৰয়োজনীয়তাক আওকাণ কৰি সন্তানকেইটাক শিক্ষিত কৰাৰ সপোন দেখিছিল। আৰতি পৰিয়ালটোৰ একমাত্ৰ কন্যা আৰু তিনিটা সন্তানৰ ভিতৰত দ্বিতীয়। তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে বৰ্তমান এখন দোকান চলাই আছে। আনহাতে, সৰু ভায়েকে অভিযান্ত্ৰিক বিষয়ত বি টেক কৰি আছে।

আৰতিৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ইমানেই দুৰ্বল আছিল যে পৰিয়ালৰ সদস্যসকলে পঢ়া-শুনাৰ লগতে কৃষিকাৰ্যতো সহায় কৰিবলগীয়া হৈছিল। ধান ৰোৱা আৰু ধান চপোৱাৰ দৰে কামো তেওঁলোকে কৰিছিল। আনকি প্ৰতিদিনে নদী পাৰ হৈ পঢ়িবলৈ যাবলগীয়া হৈছিল। আৰতিৰ এই সংগ্ৰামৰ কাহিনীয়ে প্ৰমাণ কৰে যে আৰ্থিক অভাৱে সপোন পূৰণৰ পথত বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু দৃঢ় মনোবল আৰু পৰিশ্ৰমেৰে সেই বাধা অতিক্ৰম কৰাটো সম্ভৱ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24positive story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য
অসম

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

October 11, 2026
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.