অসম লাইভ২৪ঃ ষ্ট্ৰোক, শব্দটো শুনিলেই বহুতৰে গা কঁপি উঠে৷ হঠাতেই আততায়ীৰ দৰে একোজন মানুহক হত্যা কৰে ষ্ট্ৰোকে৷ কিন্তু কি ব্লাডগ্ৰুপৰ ব্যক্তিৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি জানেনে? পিয়াৰ ৰিভিউ মেডিকেল জাৰ্ণেল নিউৰোলজিত প্ৰকাশ কৰা এক গৱেষণাত এই সম্পৰ্কে প্ৰকাশ কৰিছে একাংস বিজ্ঞানীয়ে৷ সেই গৱেষণা পত্ৰতেই আমেৰিকাৰ ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ডৰ স্কুল অফ মেডিচিনৰ গৱেষকেও কৰিছে একেই দাবী৷
যিসকল লোকৰ ব্লাড গ্ৰুপ ‘A’ তেওঁলোকৰ ষ্ট্ৰোক হোৱাৰ আশংকা বেছি৷ ৬০ বছৰৰ তলৰ ব্যক্তিৰ ক্ষেত্ৰতেই এই সম্ভাৱনা বেছি৷ আনহাতে ‘O’ ব্লাডগ্ৰুপৰ ব্যক্তিৰ সকলোতকৈ ষ্ট্ৰোক হোৱাৰ আশংকা কম৷ গৱেষকসকলে ৪৮ টা বিভিন্ন জিনৰ পৰীক্ষা কৰি এই মন্তব্য দাঙি ধৰিছে৷ ১৭ হাজাৰ ৰোগীৰ ওপৰত পৰীক্ষা কৰি এই মন্তব্য প্ৰকাশ কৰিছে গৱেষক দলটোৱে৷ ৰোগীসকলৰ ভিতৰত বেছিভাগৰেই বয়স ১৮ পৰা ৫৯ বছৰৰ ভিতৰত৷ ৬০ বছৰৰ তলৰ ‘A’ ব্লাড গ্ৰুপৰ বেছিসংখ্যকৰেই বয়স ১৬ শতাংশ ষ্ট্ৰোক হোৱাৰ আশংকা আছে৷ আনহাতে ‘O’ ব্লাডগ্ৰুপৰ মাজত ষ্ট্ৰোকৰ আশংকা ১২ শতাংশতকৈ কম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ