অসম লাইভ ২৪ঃ ‘সন্তান জন্ম দিবলৈ কি দৰকাৰ? ছোৱালীজনী প্ৰতিষ্ঠিত৷ সমাজৰ নিয়ম ভঙাৰ সাহস আছে তাইৰ৷ ৩০ পাৰ হোৱাৰ পাছতেই সন্তান জন্ম দিবলৈ ব্যাকুল হৈ উঠিছে৷’ তছলিমা নাছৰিনৰ ফেচবুকৰ এই পোষ্টটোৱে আকৌ এবাৰ চৰ্চা লাভ কৰিছে৷ স্বাভাৱিকতে সামাজিক মাধ্যমত ইছলামিক মৌলবাদী ধ্যান-ধাৰণাৰ সততে বিৰোধ কৰাৰ লগতে মহিলাৰ স্বাধীনতাক লৈয়ো সৰৱ হোৱা দেখা যায়৷ মঙলবাৰৰ এই পোষ্টটোৰ জৰিয়তে বাংলাদেশৰ লেখিকাগৰাকীয়ে কাক লক্ষ্য কৰি লৈছে তাক লৈ বিশেষ তৎপৰ হোৱা দেখা গৈছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলক৷ সোমবাৰে এগৰাকী মোহময়ী অভিনেত্ৰীয়ে বিবাহত নবহাকৈয়ে হঠাৎ ঘোষণা কৰিছিল— M Pregnant অৰ্থাৎ মই গৰ্ভৱতী৷ খুব কম দিনৰ ভিতৰত জন্ম হ’ব…৷ এই অভিনেত্ৰীগৰাকীকেই লক্ষ্য কৰি নাছৰিনে ফেচবুক পোষ্টটো কৰা বুলি বিভিন্ন মহলে সন্দেহ কৰিছে৷ কিয়নো দীঘলীয়া পোষ্টটোত ‘সন্তান জন্ম দিয়াৰ বাবে এই খৰখেদাৰ আঁৰত পুৰুষতান্ত্ৰিক ৰীতি-নীতিৰ প্ৰতি ভয় নহয় জানো? মই ভাবো নিজৰ কাৰণে নহয়৷ ছোৱালীসকলে সন্তান জন্ম দিব বিচাৰে সমাজৰ দহটা লোকৰ কাৰণেহে৷ সৰুকালৰে পৰা শুনি আহিছো, শিকি আহিছো— মাতৃত্বই নাৰী জন্মৰ সাৰ্থকতা৷ এই জাতীয় মূল্যহীন কথাবোৰে মস্তিষ্কত কিলবিলাই থাকে বাবে মাতৃ হোৱাৰ ইচ্ছাটো বেছি হয়৷’ বহুতে ভাবিছে অভিনেত্ৰী পৰীমণিক এই কটাক্ষ কৰিছে নাছৰিনে৷ কিয়নো বাংলাদেশৰ বিৰ্তকিত অভিনেত্ৰী পৰীমণিক বিভিন্ন প্ৰসংগত সমৰ্থন কৰি আহিছে লেখিকাগৰাকীয়ে৷ আনকি পৰীমণিৰ বিভিন্ন পুৰুষৰ লগত থকা অবৈধ সম্বন্ধৰ বাবে যেতিয়া পৰীমণিক বাংলাদেশৰ সমাজে ঘৃণিত শাৰীলৈ পৰ্যবসিত কৰিছিল তেতিয়াও নাছৰিনে থিয় দিছিল অভিনেত্ৰীগৰাকীৰ পক্ষত৷ কাৰাবাস খটাৰ সময়তো পৰিমণিৰ হৈ টুইটাৰৰ পৰা ফে’চবুক-ইনষ্টাগ্ৰামলৈ মন্তব্য আগবঢ়াইছিল তছলিমা নাছৰিনে৷ পৰীমণিক দুৰ্দান্ত যুৱতী, সাহসী অভিনেত্ৰী আদি অলংকাৰেৰে ভূয়সী প্ৰশংসা কৰিছিল একমাত্ৰ নাছৰিনে৷ উল্লেখ্য যে সোমবাৰে পৰীমণিয়ে ফে’চবুকেৰেই জনাইছিল তেওঁ অন্তঃসত্বা হোৱাৰ খবৰটি৷ বিয়া নোহোৱাকৈয়ে সুন্দৰী অভিনেত্ৰীগৰাকী অন্তঃসত্বা হোৱাৰ ঘোষণা কৰাৰ পাছতে দুয়োখন বাংলা যেন তল-ওপৰ হৈ উঠে৷ পৰীমণি অন্তঃসত্বা খবৰটো বাংলাদেশৰ লগতে পশ্চিম বংগতো বতাহৰ আগত বিয়পি পৰাৰ দৰেই হ’ল৷ পৰীৰ গৰ্ভত কাৰ সন্তান? ইয়াক জানিবলৈ গুণমুগ্ধসকলৰ উৎসুকতাৰ মাজতেই পৰীমণিয়ে আৰু ক’লে যে তেওঁ অভিনেতা ছৰিফুল ৰাজৰ সন্তান গৰ্ভধাৰণ কৰিছে৷ ৰাজ-পৰীৰ গোপন বিবাহৰ খবৰো ইতিমধ্যে ভাইৰেল হৈছে৷ এনেসময়তে নাছৰিনৰ এই পোষ্টটোৱে পৰীমণিকেই কটাক্ষ কৰিছে তাক নিশ্চয়কৈ ভাবি ল’ব পাৰি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ