জন্মকালৰ পৰাই বিৱৰ্তনৰ পথেৰে যাত্ৰা কৰিছে পৃথিৱীয়ে৷ এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই৷ ইতিমধ্যে ফাট মেলিছে আফ্ৰিকাৰ পূৰ্বদিশৰ এক মৰুভূমিত৷ ৩৫ মাইল দীৰ্ঘ এলেকাজুৰি আছে এক বিশাল ফাট মেলিছে এলেকাটোত৷ সম্প্ৰতি এক গৱেষণাত দেখা গৈছে চমৎকাৰ তথ্য৷ সেই ফাটৰ বাবেই দুভাগত ভাগ হৈ যাব পাৰে আফ্ৰিকা৷
এই কথা আমি কোৱা নাই৷ এই ভৱিষ্যদ্বাণী কৰিছে এদল গৱেষকে৷ আফ্ৰিকাৰ পূৰ্বদিশত থকা লোহিত সাগৰৰ ওচৰতেই আছে এই মৰুভূমি৷ ২০০৫ চনৰ পৰা ইথিওপিয়াৰ মৰুভূমি ফাটিবলৈ আৰম্ভ কৰিছে৷ ইষ্ট আফ্ৰিকান ৰিফ্ট নামে পৰিচিত এই এলেকা৷ ৩৫ মাইস দীৰ্ঘ ফাট লাহে লাহে বাঢ়িব ধৰিছে৷ ফলচ এদিন দুভাগত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই মহাদেশৰ৷
বিজ্ঞানীৰ দাবী, ফাটিবলৈ ধৰিছে সমুদ্ৰৰ তলত ধৰা টেকটনিক প্লেটো৷ ইয়াৰবাবে দূৰে দূৰে যাব ধৰিছে দুখন প্লেটেই৷ মহাদেশৰ মাজে মাজে ফাটি যোৱা এই টেকটনিক প্লেট লাহে লাহে এখনৰ পৰা আনখন দূৰ হৈ গৈ আছে৷ এসময়ত এয়া সম্পূৰ্ণ পৃথক হৈ পৰিব৷ তাতেই তৈয়াৰ হ’ব নতুন সমুদ্ৰ, নতুন এখন মহাদেশ৷ সমুদ্ৰৰ তলৰ সেই অংশত আছে তিনিখন ডাঙৰ টেকটনিক প্লেট৷ এই টেকটনিক প্লেট লৰচৰ কৰিলেই ভূমিকম্প হয়৷
গৱেষকৰ মতে তিনিখন প্লেটৰ মাজত দূৰত্ব ভৱিষ্যতে আৰু বাঢ়িব৷ এই তিনিখন প্লেটৰ সংযোগস্থলত হোৱা ফাটৰ বাবেই ভাঙি দুভাগ হ’ব আফ্ৰিকা মহাদেশো৷ এই বিষয়টোক লৈ অৱশ্যে এতিয়াই চিন্তা কৰাৰ প্ৰয়োজন নাই৷ কাৰণ এইদৰে দুভাগ হ’বলৈ এতিয়াৰ পৰা কেইবাহাজাৰ বছৰ লাগিব৷ আমাৰ কেইবাটাও পুৰুষ পাৰ হৈ যোৱাৰ পাছত এই ঘটনা ঘটিব৷ সেই দিন এতিয়া আমাৰ বাবে কেৱল এখন সপোনৰ পৃথিৱীহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ