অসম লাইভ২৪ঃ সন্তানৰ সংখ্যাৰে বিচাৰ কৰিলে ধৃতৰাষ্টকো টক্কৰ দিব পাৰিব। বিয়া কৰাইছে ১৫ গৰাকীকৈ পত্নী। ১৫ পত্নীৰে সন্তানৰ সংখ্যা ১০০-ৰো অধিক। সকলোকে সামৰি এখন আটোমটোকাৰি ঘৰ তৰিছে ব্যক্তিগৰাকীয়ে।
মহাভাৰতত বৰ্ণনা কৰা ধৃতৰাষ্ট্ৰকো চেৰ পেলাইছে ব্যক্তিগৰাকীয়ে। ধৃতৰাষ্ট্ৰৰ ১০০ পুত্ৰৰ বিপৰীতে ডেভিড চাকায়া নামৰ আফ্ৰিকাৰ এই ব্যক্তিৰগৰাকীৰ বৰ্তমানলৈ সন্তানৰ সংখ্যা ১০৭টা। ইফালে পত্নীৰ সংখ্যা যদি চোৱা হয় তেন্তে তেওঁৰ পত্নীৰ সংখ্যাইয়ো ধৃতৰাষ্ট্ৰক চেৰ পেলাই। ব্যক্তিগৰাকীৰ সৰ্বমুঠ পত্নীৰ সংখ্যা বৰ্তমানলৈ ১৫ গৰাকী। ১৫ গৰাকী পত্নীৰ সৈতে একেলগে থাকে যদিও তেওঁৰ পৰিয়ালত কোনো ধৰণৰ সংঘাত নাই। বৰঞ্চ, এই আফ্ৰিকান ব্যক্তিজনে নিজকে পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি বুলি বিভিন্ন সময়ত উল্লেখ কৰি আহিছে।
কিন্তু ইমান কেইগৰাকী নাৰীক কিয় বিয়া কৰাইছে ব্যক্তিগৰাকীয়ে? এই সম্পৰ্কে ব্যক্তিগৰাকীয়ে নিজেই স্পষ্টিকৰণো দিছে। ব্যক্তিগৰাকীয়ে উদাহৰণেৰে সৈতে প্ৰকাশ কৰি কয় যে, বাইবেলত চলমন নামৰ এজন ৰজাৰ কথা উল্লেখ আছে। চলমন ৰজাই প্ৰায় ৭০০ গৰাকী মহিলাক বিয়া কৰাইছিল। একে সময়তে, তেওঁৰ কাষত প্ৰায় ৩০০ গৰাকী ৰক্ষিতাও আছিল। ডেভিড চাকায়াই চলমন ৰজাক তেওঁৰ অনুপ্ৰেৰণা হিচাপে গণ্য কৰে।
ডেভিডৰ বয়স এতিয়া ৬১ বছৰ। তেওঁ অনাগত দিনবোৰত পুনৰ বিয়া কৰাবলৈ ইচ্ছুক। চলমন ৰজাক অনুপ্ৰেৰণা হিচাপে লৈয়েই কেৱল বিয়া কৰাব এনে নহয়। বহু পত্নীৰে সংসাৰ কৰাৰ আগত আছে অন্য এক উদ্দেশ্যও। তেওঁ অনুভৱ কৰে যে তেওঁৰ বুদ্ধিমত্তা সাধাৰণ মানুহৰ তুলনাত বহুত বেছি। মাত্ৰ এগৰাকী মহিলাৰ সৈতে সেই বুদ্ধিমত্তাৰে প্ৰতিযোগিতা কৰাটো সম্ভৱ নহয়। সেয়েহে তেওঁ ১৫ গৰাকীকৈ পত্নী কাষত ৰাখিবলগীয়া হৈছে।
উল্লেখ্য যে ডেভিডৰ ১৫ পত্নী একেলগেই বাস কৰে। ইমান কেইগৰাকী পত্নী থকাৰ পিছতো কোনো বিবাদ বৰ্তমানলৈ হোৱা নাই ডেভিডৰ গৃহত। ডেভিডেই কেৱল এইকথা প্ৰকাশ কৰিছে এনে নহয়। তেওঁৰ ১৫ গৰাকী পত্নীয়েও আফ্ৰিকাৰ এটা সংবাদ প্ৰতিষ্ঠানৰ আগত তেওঁলোকৰ মাজত কোনো বিবাদ নাই বুলি উল্লেখ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ