প্ৰায় দুই দশকৰ পাছত আকৌ বাংলাদেশত ক্ষমতা দখল কৰিলে সেনাবাহিনীয়ে৷ ২০০৭ চনৰ ১১ জানুৱাৰীত অশান্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বাংলাদেশত৷ তেতিয়াই সেনাপ্ৰধান জেনেৰেল মইন ইউ আহমেদৰ প্ৰত্যক্ষ তৎপৰতাৰে গঠিত হৈছিল তত্ত্বাবধায়ক চৰকাৰ৷ নেতৃত্বত আছিল, অৰ্থনীতিবিদ তথা বাংলাদেশ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ফখৰুদ্দিন আহমেদ৷ এইবাৰ জনৰোষত পৰি প্ৰধানমন্ত্ৰী শেখ হাছিনাই ইস্তাফা দি দেশত্যাগ কৰাৰ পাছতেই সেনাপ্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে দেশৰ শাসন সেনাই চমজি লোৱা বুলি বিশেষ ভাষণ প্ৰদান কৰিছে৷
আৰ্মীৰ চীফ জেনেৰেল জামানে সোমবাৰে দুপৰীয়া দেশবাসীৰ উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী পদৰ পৰা হাছিনাই দিয়া ইস্তাফাৰ কথা জনাই কয়, ‘মই ৰাষ্ট্ৰপতিৰ সৈতে দেখা কৰি আলোচনাৰ মাধ্যমেৰে অন্তবৰ্তী চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম৷’ এই ভাষণৰ পূৰ্বে তেওঁ সকলো দলৰ প্ৰতিনিধিৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছে৷ বৈঠকৰ পাছতেই তেওঁ ভাষণত কয়, ‘এক শান্ত পৰিবেশত আমি কথাবোৰ আলোচনা কৰিছো৷ মই কথা দিছো প্ৰতিটো হত্যাৰ বিচাৰ হ’ব৷ হাছিনাৰ ইস্তাফাৰ দাবীত দেশ জুৰি বিক্ষোভ আৰু হিংসাৰ মাজতেই দেওবাৰে মাজনিশা সেনাবাহিনীৰ উচ্চপদস্ত কৰ্তাসকলৰ সৈতে ঢাকাৰ বাসভৱনত আমাৰ আলোচনা হৈছিল৷ তাৰপাছতেই জল্পনা তৈয়াৰ তয় যে এইবাৰ পৰিস্থিতিৰ ওপৰত হস্তক্ষেপ আমি কৰা নাই৷’
সূত্ৰৰ খবৰ অনুসৰি হাছিনাই ইস্তাফা দি তদাৰকি চৰকাৰৰ ভাৰ দিছে জাতীয় সংসদৰ স্পিকাৰ শিৰিণ ছাৰমিন চৌধুৰীৰ হাতত৷ ১৯৭১ চনত প্ৰতিষ্ঠাৰ পাছতেই তিনিখন ডাঙৰ মেপত সেনা অভ্যুত্থানৰ সাক্ষী হৈছিল ভাৰতৰ পূৰ্বপ্ৰান্তৰ প্ৰতিবেশী দেশ৷ সেনাৰ হাতত নিহত হৈছিল শেখ মুজিবুৰ ৰহমান আৰু জিয়াউৰ ৰহমান৷ এই ঘটনাৰ ওপৰিও বিগত ৫দশকত একাধিক সৰু ডাঙৰ কাণ্ড ঘটিয়েই আছে সেই দেশত৷ শেষবাৰলৈ ২০০৭ চনত চৰকাৰ গঠনত হস্তক্ষেপ কৰিছিল বাংলাদেশৰ সেনাই৷ যদিও ৰাষ্ট্ৰপুঞ্জৰ বিধিনিষেধৰ কাৰণে তৎকালীন সেনাপ্ৰধান জেনেৰেল মইন চৰচৰিয়ে ক্ষমতাৰ চাবিকাঠি নিজৰ হাতত নল’লে৷ প্ৰাথমিকভাৱে তত্ত্বাবধায়ক চৰকাৰৰ প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল নোবেলজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছক৷ কিন্তু তেওঁ অস্বীকাৰ কৰাত তৎকালীন প্ৰেছিডেণ্ট ইয়াজউদ্দিন আহমেদৰ সক্ৰিয়তাৰ তত্ত্বাবধায়ক চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল ফখৰুদ্দিনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















