অসম লাইভ২৪ঃ ২০ অক্টোবৰ ২০২৩ৰ শুকুৰবাৰৰ পৰা পালিত হৈছে মহাষষ্ঠী। পূজা আৰম্ভ হোৱাৰ প্রথম দিনটোতেই জানি থওক এইবাৰৰ দুৰ্গাপূজাত মা দুৰ্গাৰ কৃপাধন্য হ’ব কেইটামান ৰাশিৰ জাতক। জ্যোতিষ গণনা অনুসৰি এইবাৰ দুৰ্গাপূজাত এক বিশেষ শুভ যোগ তৈয়াৰ হৈছে। ৩০বছৰ পাছত এই শুভ যোগ গঠিত হৈছে। ৩০বছৰৰ পাছত একেলগে তিনিটা শুভ যোগ গঠিত হৈছে দুৰ্গাপূজাত। এই তিনি শুভ যোগ হৈছে বুধাদিত্য যোগ, শ শ ৰাজযোগ আৰু ভদ্ৰ ৰাজযোগ। এই তিনি শুভ যোগৰ ফলত এই পূজাত সৌভাগ্যৰ শিখৰত থাকিব ৫ৰাশিৰ ব্যক্তি। দুৰ্গাপূজাত মা দুৰ্গাৰ আশীৰ্বাদ থাকিব কোন কোন ৰাশিত?
মেষ ৰাশি
শাৰদীয় নৱৰাত্ৰীত গঠিত ত্ৰিগ্ৰহী যোগত শুভ ফল তৈয়াৰ হৈছে মেষ ৰাশিৰ জাতকৰ বাবে। এই সময়ত মেষৰ জাতকে নতুন ঘৰ বা গাড়ী ক্ৰয় কৰিব। সম্পত্তি সংক্ৰান্তীয় কোনো কামত প্ৰচুৰ লাভ হোৱাৰ যোগ আছে। কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। ব্যৱসায়ীসকলে প্ৰচুৰ অৰ্থলাভ কৰিব পাৰে। মা দুৰ্গাৰ কৃপাত আগতে কৰা বিনিয়োগত লাভ হ’ব মেষ ৰাশিৰ জাতকৰ।
বৃষ ৰাশি
দুৰ্গাপূজাত মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ। এই সময়ত আপোনাৰ কেৰিয়াৰতো উন্নতিৰ যোগ আছে। অফিচৰ ঊৰ্ধতন কৰ্তৃপক্ষই আপোনাৰ কামক প্ৰশংসা কৰিব। ৰৈ থকা ধন লাভ কৰাৰ যোগ আছে। পৰিয়ালৰ সৈতে সুখী সময় কটাব। অফিচত কোনো ডাঙৰ কামৰ দায়িত্ব লাভ কৰিব। সন্তান বিষয়ক শুভ খবৰ লাভ কৰি মন সুখী হ’ব।
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ ওপৰত দুৰ্গা দেৱীৰ আশীৰ্বাদ থাকিব। দেৱীৰ কৃপাত ব্যৱসায়ত আৰ্থিকভাৱে লাভাম্বিত হ’ব। সন্তানৰ পৰা সুখবৰ লাভ কৰিব। এই সময়ত পাবলগীয়া ধন লাভ কৰিব। অফিচত পদোন্নতিৰ যোগ। স্বাস্থ্য ভালে থাকিব। বিদেশ যাত্ৰাৰো যোগ আছে।
কৰ্কট ৰাশি
বুধাদিত্য, শ শ ভদ্ৰ ৰাজযোগৰ প্ৰভাৱত দুৰ্গাপূজাৰ সময়তেই খ্যাতি আৰু উন্নতিৰ শীৰ্ষ পৰ্যায়ত থাকিব কৰ্কট ৰাশিৰ জাতকসকল। এইসময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব। সকলো কামতেই সফলতা লাভ কৰিব। এই সময়ত বিলাসী জীৱন কটাব এই ৰাশিৰ লোকে। জ্ঞান, সম্পদ আৰু ধৰ্মীয় চেতনা বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত। সমাজত শ্ৰদ্ধা আৰু সন্মান বাঢ়িব। মা দুৰ্গাৰ আশীৰ্বাদত আপোনাৰ সকলো দুশ্চিন্তা দুৰ হ’ব।
সিংহ ৰাশি
এই দুৰ্গাপূজাত মা দুৰ্গাৰ আশীৰ্বাদত লাভবান হ’ব সিংহ ৰাশিৰ জাতকৰ ওপৰত। এই সময়ত যি কামতেই হাতত নলওক কিয় সফলতা লাভ কৰিব। ব্যৱসায়ত লাভ বাঢ়িব, নতুন ব্যৱসায়ত লাভৰ মুখ দেখিব। অফিচত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বিনিয়োগ কৰাৰ শুভ সময়। কোনো অভিজ্ঞ ব্যক্তিৰ সংস্পৰ্শত আপুনি নতুন সামগ্ৰী ক্ৰয় কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















