• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এওঁলোকতো শিশু আছিল, স্বাধীনতা তুমি ক’ত আছা? এই পৃথিৱীত বিবেকৰ মৃত্যু হৈছে’, গাজাৰ চিকিৎসকে কান্দি কান্দি ক’লে কেইবাটাও কথা

‘এওঁলোকতো শিশু আছিল, স্বাধীনতা তুমি ক’ত আছা? এই পৃথিৱীত বিবেকৰ মৃত্যু হৈছে’, গাজাৰ চিকিৎসকে কান্দি কান্দি ক’লে কেইবাটাও কথা

3 years ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

2 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

3 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

3 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

4 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

4 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

16 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

16 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

17 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

17 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

18 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

18 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘এওঁলোকতো শিশু আছিল, স্বাধীনতা তুমি ক’ত আছা? এই পৃথিৱীত বিবেকৰ মৃত্যু হৈছে’, গাজাৰ চিকিৎসকে কান্দি কান্দি ক’লে কেইবাটাও কথা

editor by editor
October 20, 2023
in জীৱনশৈলী, বিশ্ব, লেখা
0
‘এওঁলোকতো শিশু আছিল, স্বাধীনতা তুমি ক’ত আছা? এই পৃথিৱীত বিবেকৰ মৃত্যু হৈছে’, গাজাৰ চিকিৎসকে কান্দি কান্দি ক’লে কেইবাটাও কথা
0
SHARES
656
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কোনোটো শিশুৱে আঁঠু কাঢ়িবলৈ শিকিছেহে মাত্ৰ, কাৰোবাৰ আকৌ এটা দুটা মাত ফুটিছে। এখোজ দুখোজকৈ ঠিয় হৈ কোনো এটাই আকৌ ডালিমগুটিয়া দাতেৰে হাঁহিবলৈ শিকিছে। এই যে আৰম্ভণি, মাতৃৰ কোলাৰ উম লৈ শৈশৱ উদযাপনৰ সময়তেই নামি আহিল অমানিশা। স্তব্ধ হৈ পৰিল জীৱন। চিৰদিনৰ বাবে। ‘সন্ত্ৰাসবাদীক নিশেষ কৰাৰ বাবে এতিয়াও গাজাত চলি আছে ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক। বুধবাৰে নিশা দক্ষিণ গাজাৰ খান উইনিছত এয়াৰ ষ্ট্ৰাইক চলাইছিল কোনো দুৰ্বৃত্তই। এই আক্ৰমণত সন্ত্ৰাসবাদী নিহত হোৱাৰ ওপৰিও বহুসংখ্যক শিশুৱে প্ৰাণ হেৰুৱাইছে। একাধিক শিশু আকৌ চিৰদিনৰ বাবেই পংগু হৈ পৰিছে।

এই শিশুসকল সন্ত্ৰাসবাদী আছিলনে? যদি সন্ত্ৰাসবাদৰ সৈতে এওঁলোক জড়িত আছিল তেন্তে এই হাস্পতালত মৃত্যু হোৱা আটাইতলৈ ডাঙৰ শিশু সন্ত্ৰাসবাদীৰ বয়স মাত্ৰ ১১ বছৰ। এই শিশুসকলকেই একাংশই সন্ত্ৰাসবাদী সজাইছে বুলি একাধিক ইছলামিক দেশে সমালোচনা কৰিছে। মৃত শিশুসকলক বগা কাপোৰেৰে ঢাকি শোৱাই থোৱা বিশেষ ৰুমটোত ৰৈ উচুপি উঠিছে ‘ইউৰোপিয়ান গাজা হাস্পতাল’ৰ ডাইৰেক্টৰ ইউছোফ-আল-আক্কাদে। তেওঁৰ সৈতে বিশেষ ৰুমটোত উপস্থিত আছে কেইবাগৰাকীও চিকিৎসক আৰু নাৰ্চ।
ডাইৰেক্টৰ ইউছোফ-আল-আক্কাদে মৃত শিশুসকললৈ চাই চকুলো টুকি কৈছে এটাই কথা, ‘এওঁলোক শিশু আছিল। ইনচেণ্ট চিলড্ৰেন। বিশ্ব, মুক্ত বিশ্ব, স্বাধীন বিশ্ব তুমি ক’ত আছা? কোনে কিয় হত্যা কৰিছে এইসকল শিশুক? এই প্ৰশ্ন তুমি কিয় এবাৰো উত্থাপন কৰা নাই? তোমাৰো বিবেকৰো মৃত্যু ঘটিছে নেকি?’

চিকিৎসকৰ এই কান্দোন দেখি উচুপি উঠিছে বহুজন। প্ৰৌঢ় এই চিকিৎসকগৰাকীৰ আক্ষেপ এটাই, শিশুসকলৰ নিথৰ দেহ, ৰক্তাক্ত শৰীৰ দেখিও কিয় কাৰো বিবেক জাগ্ৰত হোৱা নাই? সকলোৱে এতিয়া ৰাজনীতি কূটনীতিতেই ব্যস্ত। বিশ্ববাসীৰ ওচৰত চিকিৎসকগৰাকীৰ বিশ্ববাসীলৈ আকুল আৰ্জি, ‘আপোনালোকৰ এই নৃশংসতা দেখিও বুকু কঁপা নাই। সকলোৱে ৰাজনীতি-কূটনীতিৰ কাহিনীতেই ব্যস্ত। জীৱনৰ মূল্য নুবুজা হৈছে। এইসকলতো সন্ত্ৰাসবাদী নহয়, এইসকল নিষ্পাপ শিশু আছিল। এওঁলোকৰ পৰিচয় এটাই এওঁলোক শিশু। আপোনালোক আগুৱাই আহক। নিৰীহ শিশুসকলক সহায় কৰক। এওঁলোকৰ জীৱন ৰক্ষা কৰক। বাচি থকা বহু শিশুৰেই এতিয়া এই পৃথিৱীত কোনো আত্মীয় জীয়াই থকা নাই।’

এই খবৰ প্ৰচাৰৰ বাবেই সাংবাদিকক আমন্ত্ৰণ জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই। তেওঁলোকৰ মতে এই দৃশ্য বিশ্বই দেখক। ইয়াত সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা নাই। মৃত্যু হৈছে শিশুৰ। এই বীভৎস দৃশ্য দেখি চকু সেমেকি উঠিছে সাংবাদিকৰো। হাস্পতালখনৰ অধ্যক্ষই এই সন্দৰ্ভত কয় ‘আপোনালোকে এই ছবি তোলক। পৃথিৱীয়ে এই ছবি দেখক। বিশ্বাস কৰক, যুদ্ধৰ ভয়াৱহতা কি? এইসকল শিশুৱে সন্ত্ৰাসবাদৰ অৰ্থ বুজিছিল জানো? এওলোকৰ পৰিচয় এটাই এওঁলোক শিশু।’ সেই হাস্পতালৰেই আন এগৰাকী চিকিৎসকে কয়, ‘এটা দুটা নহয় বহু শিশু এতিয়াও মৃত্যুৰে যুঁজি আছে। কিমান শিশুৱে পিতৃমাতৃক হেৰুৱাই নিথৰুৱা হৈছে। এইসকল শিশুৰ ভৱিষ্যত কি হ’ব?’ গাজাৰ স্বাস্থ্যমন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুসৰি ৭ অক্টোবৰৰ পৰা ১৯ অক্টোবৰ পৰ্যন্ত ইজৰাইলত মৃত্যু হৈছে ৩৭৮৫ জন ব্যক্তিৰ। তাৰমাজতেই শিশুৰ সংখ্যা ১৫২৮ জন।

এই হাস্পতালখনৰেই এগৰাকী মহিলা চিকিৎসকেও কান্দোনত ভাঙি পৰিছ। তেওঁ চিৎকাৰ কৰি কয়, ‘আমি এই শিশুসকলক ক’ত ৰাখিম? এইসকলৰ জীৱন ইমান সস্তা নে? বিশ্বৰ শান্তিৰ দূতসকল জীয়াই আছেনে? শিশুৰ জানো জাতি ধৰ্ম বৰ্ণ থাকে? এওঁলোকতো ঈশ্বৰৰ দূত। এওঁলোকৰ প্ৰতিও কেনেকৈ ইমান অমানৱীয় হৈ পৰিব পাৰে?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
Next Post
দুৰ্গা প্ৰকৃততে দেখাত কেনেকুৱা, দুৰ্গাৰ এই ৰূপ কেৱল কল্পনা নে আছে অইন কিবা ৰহস্য?

দুৰ্গা প্ৰকৃততে দেখাত কেনেকুৱা, দুৰ্গাৰ এই ৰূপ কেৱল কল্পনা নে আছে অইন কিবা ৰহস্য?

নিজা বাহন সিংহ! নিজা বাহন থকা স্বত্বেও কিয় প্ৰত্যেক বছৰেই দোলা, হাতী, ঘোঁৰা, নৌকাত আহে দেৱী দুৰ্গা?

নিজা বাহন সিংহ! নিজা বাহন থকা স্বত্বেও কিয় প্ৰত্যেক বছৰেই দোলা, হাতী, ঘোঁৰা, নৌকাত আহে দেৱী দুৰ্গা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.