অসম লাইভ২৪ঃ দুদিন পূৰ্বেই সুবিশাল ৰাম মন্দিৰ উদ্বোধন হৈছে। প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে ৰামলালাৰ। এইবাৰ নতুন পৰিকল্পনা আৰু কি কি? অযোধ্যাক বিশ্বৰ অন্যতম আকৰ্ষণীয় তীৰ্থক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলিছে। ভাইৰেল খবৰ অনুসৰি যোগী চৰকাৰে অযোধ্যা নগৰীত আৰু ১৩টা মন্দিৰ নিৰ্মাণ হ’ব।
কি কি নতুন মন্দিৰ নিৰ্মাণ হ’ব?
ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ কোষাধ্যক্ষ গুৰুদেৱ গিৰিজিয়ে জনোৱা অনুসৰি, ‘ৰাম মন্দিৰৰ ভিতৰত আৰু বাহিৰত মুঠ ৭টা মন্দিৰ তৈয়াৰ কৰা হৈছে। ইয়াৰোপৰি মূল মন্দিৰৰ কাম এতিয়াও বহু বাকী আছে। এই কামো আগন্তুক ২ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি জনাইছে ৰাম মন্দিৰ ট্ৰাষ্টে। মূল মন্দিৰ নিৰ্মাণ শেষ কৰাৰ লগে লগেই এই মন্দিৰসমূহৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। আগন্তুক কেইটামান বছৰৰ পাছতেই আটাইকেইটা মন্দিৰ সম্পূৰ্ণ হৈ উঠিব।
কি কৈছে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ কোষাধ্যক্ষ গুৰুদেৱ গিৰিজিয়ে?
তেওঁ এই সন্দৰ্ভত কয়, ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাম মন্দিৰত ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে। বৰ্তমান মন্দিৰৰ প্ৰথম মহলাৰ কামহে সম্পূৰ্ণ হৈছে। এতিয়াও দ্বিতীয় মহলাৰ কাম আৰু মন্দিৰৰ চূড়া নিৰ্মাণৰ কাম বাকী আছে। এই কাম সম্পূৰ্ণ হৈ উঠিলেই ৰামৰ অইন ৫টা মন্দিৰৰ কাম আৰম্ভ হ’ব। যিহেতু ৰামক বিষ্ণুৰ অৱতাৰ বুলি ধৰা হয় সেয়ে গণেশ, শিৱ, সূৰ্য আৰু জগদম্বা মন্দিৰো থাকিব। মূল মন্দিৰৰ চাৰিও কোণত স্থাপিত হ’ব চাৰিটা মন্দিৰ।
ইয়াৰোপৰি ৰামভক্ত হনুমান মন্দিৰো থাকিব। এইকামো বহু পৰিমানে আগুৱাই গৈছে। বিগ্ৰহ স্থাপনৰ কামো চলিছে। মন্দিৰ চত্বৰৰ যি অংশত সীতাৰ ৰান্ধনীশাল থাকিব সেই স্থানতেই নিৰ্মাণ হ’ব অন্নপূৰ্ণাৰ মন্দিৰ। ইয়াৰোপৰি মূল মন্দিৰৰ বাহিৰৰ অংশত থাকিব ৭টাকৈ মন্দিৰ। ৰামায়ণৰ বিভিন্ন চৰিত্ৰৰ মন্দিৰ তাতেই গঢ়ি উঠিব। যেনে শবৰী, জটায়ু, বশিষ্ঠ মুনি, বিশ্বামিত্ৰৰ মন্দিৰ আদি। ৰামায়ণৰ ৰচক মহৰ্ষি বাল্মীকিৰ মন্দিৰো অযোধ্যাত গঢ়ি তোলা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ