অসম লাইভ২৪ঃ ছিৰিয়া, ইৰাকৰ পাছত এইবাৰ পাকিস্তানৰ বেলুচিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাইছে ইৰাণে। সন্ত্ৰাসবাদী সংগঠন জয়েছ আল আদলেৰ ঘাঁটিত এই আক্ৰমণ চলোৱা হৈছে। ইৰাকৰ কুৰ্দিস্তান আৰু ছিৰিয়াৰ ইজৰাইলী গুপ্তচৰ সংস্থা মোছাদৰ গোপন ঘাটিত আক্ৰমণ চলাইছে ইৰাণে। এই আক্ৰমণত দুটাকৈ শিশুৰ মৃত্যু হৈছে বুলিও দাবী কৰিছে পাকিস্তানে। ইয়াৰোপৰি তেওঁলোকে হুমকি দিছে যে এই ধৰণৰ আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ’ব। পৰবৰ্তীকালত ইৰাণে ইয়াৰ ফল ভোগ কৰিব লাগিব বুলিও ধমকি দিছে পাকিস্তানে। এই আক্ৰমণৰ কথা স্বীকাৰ কৰি বেলুচিস্তানৰ তথ্যমন্ত্ৰণালয়ে দাঙি ধৰিছে তথ্য। ‘এই ঘটনা সঁচা। এই বিষয়টোক লৈ সবিস্তাৰে বিবৃতি দাঙি ধৰিব পাক সেনাই।’ অৱশ্যে পাক সেনাই বৰ্তমান পৰ্যন্ত কোনো বিবৃত্তি দাঙি ধৰা নাই।
ইয়াৰ পূৰ্বেও ইৰাকৰ কুৰ্দিস্তান আৰু ছিৰিয়াত ইজৰাইলী গুপ্তচৰ সংস্থা মোছাদৰ গোপন ঘাটিত আক্ৰমণ কৰিছিল ইৰাণে। তেহৰাণৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমে মঙলবাৰে জনোৱা অনুসৰি বেলিষ্টিক মিছাইলেৰে কুৰ্দিস্তানে মোছাদৰ সদৰ এলেকাই ধ্বংস কৰি পেলাইছিল। কিন্তু ইৰাকৰ প্ৰধানমন্ত্ৰী মছৰুৰ বৰজামিয়ে মঙলবাৰে ইৰাণৰ এই দাবী খাৰিজ কৰে। তেওঁ কয়,’এই এলেকাত মোছাদৰ কোনো ঘাটিয়েই নাছিল। অসামৰিক বসতিপূৰ্ণ এলেকাতহে মিছাইল আক্ৰমণ চলাইছিল ইৰাণে। এই আক্ৰমণত যিসকল নিহত হৈছে সেইসকলৰ বেছিভাগেই সাধাৰণ নাগৰিক।’ ইৰাণৰ সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ইৰাক আক্ৰমণ চলাইছে এলিট ৰেভলিউছনাৰী গাৰ্ড বাহিনীয়ে। অন্যহাতে ছিৰিয়াৰ দায়িত্বত আছে সেই দেশৰ গৃহযুদ্ধত অংশ লোৱা ইৰাণী সেনা। হামাছ-ইজৰাইলৰ সংঘাতৰ প্ৰভাৱ ক্ৰমশ জটিলতাৰ দিশেৰেই গতি কৰিছে বুলিও প্ৰকাশ পাইছে তথ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ