বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি সময়ে সময়ে গ্ৰহৰ গোচৰৰ বাবে কেতিয়াবা যদি পঞ্চগ্ৰহী যোগ তৈয়াৰ হয়, কেতিয়াবা আকৌ তৈয়াৰ হয় সপ্তগ্ৰহী যোগ। ইয়াৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিবলৈ সক্ষম হয়। জ্যোতিষ গণনা অনুসৰি ১০০ বছৰৰ পাছত মীন ৰাশিত সপ্তগ্ৰহী যোগ তৈয়াৰ হৈছে। এই যোগ ২৯ মাৰ্চ ২০২৫ত শনিৰ গোচৰ দি আৰম্ভ হব। এই যোগত শুক্ৰ, বুধ, সূৰ্য, মঙ্গল, চন্দ্ৰ, শনি আৰু নেপচুন একেলগে মিলিত হব। তাৰ বিশেষ সুপ্ৰভাৱ পৰিব একাধিক ৰাশিত। কোন ৰাশিয়ে কি কি সুবিধা পাব?
কৰ্কট ৰাশি
সকলো কামতে ভাগ্যৰ সহযোগিতা পাব। আপোনাৰ ৰাশিৰ ভাগ্যস্থানত তৈয়াৰ হব এই যোগ। বহু ইচ্ছাপূৰ্ণ হব পাৰে। কোনো ধাৰ্মিক আৰু আধ্যাত্মিক কামত অংশ গ্ৰহণ কৰিব পাৰে। বিদেশ যাত্ৰাৰ যোগ আছে। বিশেষকৈ চাকৰি আৰু ব্যৱসায় সংক্ৰান্তিয় ভ্ৰমণ উপকাৰী হব। ব্যৱসায়ৰ সৈতে যুক্ত ব্যক্তিয়ে নতুন সুযোগ লাভ কৰিব যাৰ ফলত অৰ্থনৈতিক অৱস্থা শক্তিশালী হব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰা হব আৰু পদোন্নতিৰো সম্ভাৱনা আছে।
কন্যা ৰাশি
বিবাহিতসকলৰ দাম্পত্য জীৱন এই সময়ত শুভ হব। প্ৰেমৰ দিশৰ পৰা ভাল খবৰ আহিব। সন্মান লাভ কৰাৰ যোগ আছে। কেৰিয়াৰৰ দিশৰ পৰা উন্নতি। মনত নতুন উৎসাহ উদ্দীপনা দেখা যাব। যিসকলে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে তেওঁলোকে ভাল লাভ পাব পাৰে। অবিবাহিতসকলে বিবাহৰ শুভ প্ৰস্তাৱ পাব পাৰে। সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব।
মিথুন ৰাশি
এই যোগৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত বিপুল লাভ কৰিব। আপোনাৰ পৰিশ্ৰমৰ ফল এইবাৰ লাভ কৰিব। ব্যৱসায়ত অপ্ৰত্যাশিতভাৱে কিছু লাভ পাব পাৰে। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰিৰ সুযোগ পাব পাৰে। ব্যৱসায়ীসকলৰ হাতলৈ ডাঙৰ মুনাফা আহিব পাৰে। ব্যৱসায় বিস্তাৰৰ সুযোগ আহিব পাৰে। পৰিশ্ৰম কৰক। ডাঙৰ কোনো অভিজ্ঞতা আপুনি লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















