• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাময়িকভাৱে বন্ধ থকাৰ পাছত আকৌ আৰম্ভ হৈছে উত্তৰকাশীৰ উদ্ধাৰকাৰ্য। কিমান সময়ৰ পাছত বাহিৰলৈ আনিব পৰা হ’ব শ্ৰমিকক, জনালে উদ্ধাৰকাৰী দলে

সাময়িকভাৱে বন্ধ থকাৰ পাছত আকৌ আৰম্ভ হৈছে উত্তৰকাশীৰ উদ্ধাৰকাৰ্য। কিমান সময়ৰ পাছত বাহিৰলৈ আনিব পৰা হ’ব শ্ৰমিকক, জনালে উদ্ধাৰকাৰী দলে

3 years ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

5 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

5 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

6 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

6 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

7 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

8 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

9 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

10 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

10 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

10 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

12 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাময়িকভাৱে বন্ধ থকাৰ পাছত আকৌ আৰম্ভ হৈছে উত্তৰকাশীৰ উদ্ধাৰকাৰ্য। কিমান সময়ৰ পাছত বাহিৰলৈ আনিব পৰা হ’ব শ্ৰমিকক, জনালে উদ্ধাৰকাৰী দলে

editor by editor
November 24, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সাময়িকভাৱে বন্ধ থকাৰ পাছত আকৌ আৰম্ভ হৈছে উত্তৰকাশীৰ উদ্ধাৰকাৰ্য। কিমান সময়ৰ পাছত বাহিৰলৈ আনিব পৰা হ’ব শ্ৰমিকক, জনালে উদ্ধাৰকাৰী দলে
0
SHARES
447
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেইবাঘণ্টা ধৰি বন্ধ হৈ আছে উত্তৰকাশীৰ ভঙা সুৰংগত চলোৱা উদ্ধাৰকাৰ্য। কেতিয়া আকৌ উদ্ধাৰৰ কাম আৰম্ভ হ’ব সেই সম্পৰ্কে কোনেও স্পষ্টকৈ ক’ব নোৱাৰে। শুকুৰবাৰৰ দুপৰীয়া ১১ বজাৰ পৰা উদ্ধাৰৰ কাম পুনৰ আৰম্ভ হ’ব বুলি জনাইছিল যদিও বৰ্তমানলৈকে উদ্ধাৰৰ কাম আৰম্ভ হোৱা নাই। উদ্ধাৰকাৰী দলে বুধবাৰৰ দিনটোত জনাইছিল যে ২৪ ঘণ্টাৰ ভিতৰতেই উদ্ধাৰকাৰ্য সম্পন্ন হ’ব। কিন্তু ৪৮ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই শ্ৰমিককেইজনক। আৱদ্ধ ৪১ শ্ৰমিকক উদ্ধাৰৰ বাবে চলাই থকা উদ্ধাৰকাৰ্য কেইমিটাৰ মান দূৰত্বত থমকি ৰৈছে। উদ্ধাৰকাৰ্য ৰখাই দিয়াৰ প্ৰধান কাৰণ হৈছে সুৰংগৰ মাটি কটা যন্ত্ৰত প্ৰযুক্তিগত সমস্যাই দেখা দিছে। ইয়াৰোপৰি যি কাঠামোৰ ওপৰত বহুৱাই এই যন্ত্ৰ চলোৱা হৈছিল তাতো ফাঁট মেলিছে। যন্ত্ৰৰ মেৰামতি কৰি শুকুৰবাৰেই আকৌ উদ্ধাৰৰ কাম আৰম্ভ হ’ব বুলি জনাইছে উদ্ধাৰকাৰী দলে।

উত্তৰাখণ্ডৰ প্রশাসনিক বিষয়াই জনোৱা অনুসৰি, বৃহস্পতিবাৰে পুৱাৰ পৰাই শ্ৰমিকক উদ্ধাৰৰ শেষ পৰ্যায়ত উপনীত হৈছে উদ্ধাৰকাৰী দল। কিন্তু কিছু যান্ত্ৰিক অসুবিধাৰ বাবে এই কাম ৰখাই দিয়া হৈছে। বুধবাৰে নিশা খনন কৰি থকাৰ সময়তেই যন্ত্ৰৰ আগত এটা লোহাৰ ৰ’ড আহে। সেই ৰ’ডত খুন্দা লাগি ড্ৰিল মেছিন বিকল হৈছে। যাৰবাবে কাম কিছুসময়ৰ বাবে স্তব্ধ কৰি দিয়া হৈছে। ইয়াৰোপৰি মাজে মাজে ড্ৰিলিঙৰ কাম এনেও বন্ধ কৰিব লগা হয়। কাৰণ ড্ৰিল মেচিন গৰম হৈ পৰে। ঠাণ্ডা কৰিবৰ বাবেই কিছুসময়ৰ বাবে কাম ৰখাই দিয়া হয়।
শ্ৰমিকসকলৰ কাষ পাবলৈ আৰু অলপমান দূৰহে বাকী। বৰ্তমানলৈকে উদ্ধাৰকাৰী আৰু শ্ৰমিকসকলৰ মাজত মাত্ৰ কেই মিটাৰমানহে দূৰত্ব আছে। এই দূৰত্ব অতিক্ৰম কৰিবৰ বাবেই বাধা আহি পৰিছে। যাৰবাবে এই উদ্ধাৰকাৰ্য কেতিয়া সম্পূৰ্ণ হৈ উঠিব কোনেও নাজানে। উদ্ধাৰকাৰী দলে জনোৱামতে বুধবাৰে নিশাৰে পৰা সুৰংগৰ বাহিৰত অপেক্ষা কৰি আছে ৪১ খন এম্বুলেঞ্চে। সুৰংগৰ পৰা বাহিৰলৈ অনাৰ লগে লগেই শ্ৰমিকসকলক হাস্পতাললৈ লৈ যোৱা হ’ব। ঘটনাস্থলত অস্থায়ী স্বাস্থ্য পৰিসেৱাৰ ব্যৱস্থাও কৰা হৈছে। তাতেই ৪১ খন বিচনাও ৰেডী কৰা হৈছে। সকলোধৰণৰ জৰুৰী পৰিস্থিতিৰ বাবে উদ্ধাৰকাৰী দল সাজু হৈ আছে। কোনো শ্ৰমিক গুৰুতৰ অৱস্থাত থাকিলে তেওঁলোকক বিমানেৰে উচ্চ পৰ্যায়ৰ চিকিৎসাৰ বাবে পঠিয়াই দিবলৈকো সাজু হৈ আছে।

বিগত ১২ নৱেম্বৰত উত্তৰকাশী জিলাৰ ব্ৰহ্মতাল-যমুনাত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ চিল্কিয়াৰা আৰু ডণ্ডালহগাঁৱৰ মাজত নিৰ্মীয়মান সুৰংগৰ একাংশ খহি পৰিয়েই আৱদ্ধ হৈ আছে ৪১ জন শ্ৰমিক। শ্ৰমিক আৱদ্ধ হৈ থকা সুৰংগটো প্ৰায় ৮ মিটাৰ ওখ আৰু চাৰে চাৰি কিঃমিঃ দীঘল। ভঙা সুৰংগৰ ভিতৰত প্ৰায় ৬০০ মিটাৰ ধ্বংসস্তূপৰ পিছত আৱদ্ধ হৈ আছে কৰ্মৰত ৪১ শ্ৰমিক। সেই ঘটনাৰ আজি ১৩ দিন সম্পূৰ্ণ হৈছে। ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰেই শ্ৰমিকক নিৰাপদে বাহিৰলৈ অনাৰ বাবে যথাসাধ্য চেষ্টা চলাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of AssamUttarkashiTunnelUpdate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ
প্ৰযুক্তি

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

August 6, 2026
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ
জীৱনশৈলী

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

August 6, 2026
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ
বিনোদন

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

August 6, 2026
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ
ভাৰত

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

August 6, 2026
Next Post
‘ধোনীৰ পাছতেই নতুন ফিনিছাৰ…’ ৰিংকুৰ বেটিঙেই ক’লে মহেন্দ্ৰ সিং ধোনীৰ পাছতেই শ্ৰেষ্ঠ ফিনিছাৰ লাভ কৰিছে দেশে

'ধোনীৰ পাছতেই নতুন ফিনিছাৰ...’ ৰিংকুৰ বেটিঙেই ক’লে মহেন্দ্ৰ সিং ধোনীৰ পাছতেই শ্ৰেষ্ঠ ফিনিছাৰ লাভ কৰিছে দেশে

সন্মুখত ৰাস পূৰ্ণিমা! সনাতন ধৰ্মত এই দিনটোৰ কি কি বিশেষ তাৎপৰ্য আছে?

সন্মুখত ৰাস পূৰ্ণিমা! সনাতন ধৰ্মত এই দিনটোৰ কি কি বিশেষ তাৎপৰ্য আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.