ৰাখে হৰি মাৰে কোনে, কথমপি প্ৰাণ ৰক্ষা অসমৰ এজন ব্যক্তিৰ৷
বদৰপুৰৰ এইগৰাকী যাত্ৰী আছিল দুৰ্ঘটনাগ্ৰস্ত কাঞ্চনজঙ্ঘা এক্সপ্রেচত।
মনীশ শুক্লবৈদ্য নামৰ ব্যক্তিজনে দুৰ্ঘটনাৰ পাছতেই ফোনযোগে যোগাযোগ কৰিছে এন বি নিউজক৷
দুৰ্ঘটনাৰ পিছত মণীশে ফোন কৰি জনাই যে তেওঁ এনজিপি ষ্টেচনত মাতৃৰ সৈতে নামি যোৱাৰ পাছতেই এই দুৰ্ঘটনা৷
তেওঁলোক নামি যোৱাৰ পাছত ৩০ কিঃমিঃ আগবাঢ়িয়েই এই দুৰ্ঘটনা৷
মণীশে কয় যে অত্যাধিক বৰষুণৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ