অসম লাইভ ২৪, নিউজ ডেস্কঃ ক’ৰোনা সংক্ৰমণে বিধ্বস্ত কৰা আমেৰিকা আঁতৰিল বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা৷ ইতিমধ্যে WHOক এই সন্দৰ্ভত জনাই দিছে ড’নাল্ড ট্ৰাম্প প্ৰশাসনে৷ সোমবাৰে আমেৰিকাই সদস্য পদ ত্যাগ কৰি সংস্থাটোলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ মহামাৰীয়ে সমগ্ৰ বিশ্বক ত্ৰাসিত কৰি ৰখাৰ সময়ত বিগত এপ্ৰিল মাহৰ পৰাই আমেৰিকাই WHOলৈ পুঁজি যোগান বন্ধ কৰি ৰাখিছে৷ ট্ৰাম্প প্ৰশাসনৰ অভিযোগ অনুসৰি, ক’ৰোনা মহামাৰীৰ ক্ষেত্ৰত WHO-এ আৰম্ভণিৰে পৰা চীনৰ পক্ষ লৈ কাম কৰি আছে৷ আনকি ক’ৰোনাক মহামাৰী ঘোষণাৰ ক্ষেত্ৰটো চীনৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই WHO-এ জানি-বুজি পলম কৰিছিল৷ WHOৰ চীনপ্ৰীতিৰ বাবেই আজি সমগ্ৰ বিশ্ব মহামাৰীৰ কবলত পৰিব লগা হোৱাৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ