মাজ নিশা ভয়ংকৰ দুৰ্ঘটনা, ৰাঙলী হৈ পৰিল নৈশ বাছ, ৭ লোকে হেৰুাৱলে প্ৰাণ, ৫০ আহত
আজি মাজ নিশা এখন নৈশ বাছ আৰু এখন চাৰিচকীয়া সৰু বাহনৰ মাজত ভয়ংকৰ দুৰ্ঘটনা হৈ প্ৰাণ হেৰুাৱলে ৭ লোকে। আনহাতে অন্য ৫০গৰাকী লোক আহত। ইয়াৰে ২০ গৰাকী লোকৰ অৱস্থা সংকটজনক।
এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ইটাৱাত। এখন ডাবল ডেকাৰ নৈশ স্লিপাৰ বাছ আৰু এখন গাড়ীৰ মাজত ব্যাপক সংঘৰ্ষ। লক্ষ্ণৌ আগ্ৰা এক্সপ্ৰেছৱেত সংঘটিত এই দুৰ্ঘটনাটোত ৭ জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।
প্ৰায় ৫০ জন লোক আহত হৈছে দুৰ্ঘটনাটোত, ইয়াৰে প্ৰায় ২০ জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। বাহন খনত যাত্ৰা কৰা লোকসকলৰ ভিতৰত ৩জনৰ মৃত্যু, আনহাতে বাছখনত যাত্ৰা কৰা ৪ জন যাত্ৰীৰ মৃত্যু।
আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। জানিব পৰা মতে, সংঘৰ্ষ সংঘটিত হোৱাৰ লগে লগে বাছখন ঘাইপথৰ পৰা পথৰ কাষৰ ২০ ফুট দ খাৱৈত বাগৰি পৰে। আৰক্ষীয়ে দুৰ্ঘটনাটোৰ গোচৰ ৰুজু কৰি অধিক ব্যৱস্থা আৰম্ভ কৰিছে। মৃতকৰ আত্মীয়ক এই দুৰ্ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইটাৱা চহৰৰ উছৰাহাৰ থানা এলেকাৰ অন্তৰ্গত লক্ষ্ণৌ আগ্ৰা এক্সপ্ৰেছৱেৰ ১২৯ নং চেনেলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। নাগালেণ্ড নম্বৰ বাছত যাত্ৰা কৰা প্ৰায় ৫০ জন লোক ৰাইবৰেলীৰ পৰা দিল্লীলৈ গৈ আছিল। আনহাতে গাড়ীত থকা মানুহকেইগৰাকী আগ্ৰাৰ পৰা লক্ষ্ণৌলৈ গৈ আছিল।
আৰক্ষীক দিয়া বিবৃতিত আহতসকলে কয় যে গাড়ীৰ চালকজনে টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে। হঠাৎ গাড়ীখনে ভাৰসাম্য হেৰুৱাই ৰাস্তাৰ মাজত থকা লোহাৰ ডিভাইডাৰ ভাঙি আন এটা পথলৈ আহি বাছখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। যি সংঘৰ্ষৰ ফলতে এক্সপ্ৰেছৱেৰ পৰা বাছখন বাগৰি ২০ ফুট তলত বাগৰি পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ