মহাযুদ্ধ নিশ্চিত! হিজবুল্লাহৰ দাবী – ইজৰাইলৰ ওপৰত পুনৰ ৫০টা ৰকেট নিক্ষেপ
পশ্চিম এছিয়াত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে উত্তেজনা। শেহতীয়াকৈ হামাছৰ নেতা ইছমাইল হানিয়াৰ মৃত্যুৰ পিছত হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। হিজবুল্লাই দক্ষিণ লেবাননৰ পৰা ইজৰাইলৰ ফালে প্ৰায় ৫০টা ৰকেট নিক্ষেপ কৰা বুলি দাবী কৰে।
একে সময়তে ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা ভিডিঅ’টোত ইজৰাইলৰ আইৰন ড’ম প্ৰতিৰক্ষা ব্যৱস্থাও এই অঞ্চলত সক্ৰিয় হৈ থকা দেখা গৈছে। অৱশ্যে এই আক্ৰমণত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই।
ইয়াৰ পূৰ্বে শনিবাৰে ইজৰাইলে গাজাত স্থানচ্যুত লোকক আশ্ৰয় দিয়া এখন বিদ্যালয়ত বিমান আক্ৰমণত ১৫ জন পেলেষ্টাইনী লোকৰ মৃত্যু হৈছিল। হামাছৰ দাবী অনুসৰি ইজৰাইলে হামাছৰ অধীনস্থ পশ্চিম পাৰতো দুটাকৈ আক্ৰমণ চলাইছিল, য’ত স্থানীয় সেনাপতিকে ধৰি ৯ জন উগ্ৰপন্থী নিহত হৈছিল।
ইৰাণ আৰু ইয়াৰ মিত্ৰ ৰাষ্ট্ৰ হামাছ আৰু হিজবুল্লাই নিজৰ নেতাসকলক হত্যা কৰাৰ প্ৰতিশোধ হিচাপে পুনৰ যুদ্ধ সক্ৰিয় হৈ পৰিছে। ইজৰাইলৰ এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হোৱাৰ ফলত অঞ্চলটোত যুদ্ধৰ আশংকা বৃদ্ধি পাইছে। ইজৰাইলৰ মিত্ৰ ৰাষ্ট্ৰ আমেৰিকাই এই অঞ্চললৈ যুদ্ধ জাহাজ আৰু যুদ্ধ বিমান প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।
আনহাতে পশ্চিমীয়া দেশসমূহৰ চৰকাৰে নিজৰ নাগৰিকসকলক লেবানন এৰি যাবলৈ আহ্বান জনাইছে। য’ত ইৰাণৰ দ্বাৰা সমৰ্থিত শক্তিশালী হিজবুল্লাহ আন্দোলনৰ ভিত্তি আছে। বহু বিমান সংস্থাই বাতিল কৰিছে লেবাননলৈ বিমান সেৱা।
উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল। এই আক্ৰমণত ১২০০ লোক নিহত হোৱাৰ লগতে ২৫০ জন লোকক অপহৰণ কৰা হৈছিল। ইয়াৰ পিছত ইজৰাইলে গাজাত প্ৰতিশোধ লয়। গাজা ষ্ট্ৰিপৰ স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, গাজাত ইজৰাইলৰ সামৰিক অভিযানত এতিয়ালৈকে কমেও ৩৯,৫৫০জন পেলেষ্টাইনী লোক নিহত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















