উত্তৰ পূৱৰ কন্যা, মণিপুৰৰ সন্তান মীৰা, মীৰা যেন মণিপুৰৰ এটুকুৰা হীৰা…! এই কথা আমি কোৱা নাই, এই দাবী ভাৰতীয় বহু ক্ৰীড়াপ্ৰেমীৰ৷ পেৰিছ অলিম্পিকৰ আৰম্ভণিৰ লগে লগেই সকলোৱেই আকৌ নাম লৈছে মীৰা বাই চানুৰ৷ মীৰাই সন্মান ৰক্ষা কৰিব৷ বহুতেই উভতি চাইছে মীৰাৰ টকিঅ’ অলিম্পিকৰ দিনবোৰলৈ৷ কাৰণ ইতিহাস গঢ়ি সেইবাৰ অলিম্পিকৰ প্ৰথম দিনাই ভাৰতৰ পদক লাভৰ গৌৰৱেৰে গৌৰৱাম্বিত কৰিছিল মীৰাই৷ মহিলাৰ ভাৰোত্তোলনত ৰুপৰ পদক আঁজুৰি আনিছিল মণিপুৰৰ কন্যা মীৰাবাঈ চানুৱে৷ এইবাৰ পেৰিছ অলিম্পিকত মীৰাবাঈৰ লক্ষ্য হৈছে সোণ৷ যদি সোণ মীৰাই আজুৰি আনিব পাৰে তেন্তে মহিলা ভাৰোত্তোলনত মীৰাই হ’ব প্ৰথমগৰাকী সোণজয়ী মহিলা ভাৰোত্তোলক৷
পেৰিছ অলিম্পিকৰ ভাৰোত্তোলনত মীৰাবাঈ ভাৰতৰ একমাত্ৰ ভৰসা৷ এইবাৰ তৃতীয়বাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিছে মীৰাবাঈ চানুৱে৷ প্ৰথমবাৰ ৰিঅ’ অলিম্পিক, তাৰপিছত টকিঅ’ অলিম্পিক আৰু এইবাৰ পেৰিছ অলিম্পিক৷ প্ৰথমবাৰ অৰ্থাৎ ৰিঅ’ অলিম্পিকত তেওঁ ভাল পাৰ্ফৰমেন্স দেখুৱাৰ নোৱাৰিলেও দ্বিতীয়বাৰ দেশলৈ কঢ়িয়াই আনিছিল ৰূপ আৰু এইবাৰ তেওঁৰ একমাত্ৰ লক্ষ্য হৈছে সোণ৷
বহু ত্যাগ, বহু পৰিশ্ৰম আৰু আপুনি মই ভাৱিব নোৱাৰা আত্মবিশ্বাসেৰে ভৰপুৰ মীৰা৷ পিভি সিন্ধুৰ পাছত দ্বিতীয় ভাৰতীয় মহিলা এথলিট মীৰা যিয়ে দেশলৈ ৰূপ কঢ়িয়াই আনিছে৷ সৰুতে মীৰাই নিজৰে এগৰাকী আৰ্চাৰী খেলুৱৈ হিচাপে গঢ় দিব খুজিছিল৷ অনুশীলনো কৰিছিল৷ কিন্তু সঠিক গাইডৰ অভাৱত তেওঁৰ সেই সপোন কলিতেই মৰহিল৷ তাৰপাছতেই ভাৰোত্তোলক কুঞ্জৰাণী দেৱীৰ এটি ভিডিঅ’ই তেওঁক দিলে অনুপ্ৰেৰণা৷ খেলৰ জগতক তেওঁ বিদায় নিদিয়ে৷ নিজকে ভাৰোত্তোলক হিচাপে আগুৱাই নিব৷ ভৱামতেই অনুশীলন নিৰবে চলাই গ’ল মীৰাই৷ সেই আৰম্ভণি আৰু ক’তো কাহানিও থমকি ৰ’ব লগা হোৱা নাই৷ টকিঅ’ অলিম্পিকত ৰূপৰ ওপৰিও মীৰাবাঈয়ে কমনৱেলথ গেমছত ২০১৪ চনত ৰূপৰ পদক অৰ্জন কৰে৷ ২০১৮ আৰু ২০২২ চনৰ কমনৱেলথত সোণৰ পদক আঁজুৰি আনে মীৰাই৷
বিশ্ব চেম্পিয়নশ্বিপত ২০১৭ চনত সোণ অৰ্জন কৰে মীৰাই৷ তাৰপিছতেই সেই খেলতেই আকৌ ২০২২ চনত ৰূপৰ পদক৷ ২০১৮ চনত তেওঁ ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে একেলগে ধ্যানচান্দ খেলৰত্ন সন্মানো লাভ কৰিছে৷ সেইবাৰ তেওঁ পুৰস্কাৰৰ সৈতে লাভ কৰিছে প্ৰায় ৭.৫ লাখ টকাও৷ পেৰিছ অলিম্পিকত ৭ আগষ্টত খেলত নামিব মীৰা৷ ইতিমধ্যে ফাইনেল অনুশীলনত ব্যস্ত হৈ আছে মীৰা৷ মীৰাক লৈ এতিয়া আশাবাদী প্ৰতিজন ভাৰতীয় ক্ৰিকেট প্ৰেমীও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ